এজাক বৰষুণৰ অপেক্ষাত-২১

Rinku Rajowar
0
বৰ্ষাৰ ফোন টো ধৰিলো।
বৰ্ষা________ happy birthday পাগলি।
________ thank you বৰ্ষা।
বৰ্ষা_______ আৰু ক' ইমান কাৰ লগত বিজি হৈ আছিলি।
_______ প্ৰান্তিক দাই ফোন কৰিছিল অ"
বৰ্ষা_______ ওম মই জানিছিলোৱেই।
_______ কাইলৈ আহিবি আকৌ। অহ   কাইলৈ নহয় আজিয়েই হ'ল বাৰু।
বৰ্ষা______ ওম যাম বাৰু।
তেনেকৈ আৰু অলপ দেৰি পাছত মই ফোনটো কাটি প্ৰান্তিক দা লৈ আকৌ ফোন লগালোঁ।
প্ৰান্তিক_______ hm,,,, কোৱা।
_______ শুৱক আকৌ ইমান দেৰি সাৰ পাই আছে যে?
প্ৰান্তিক________ শুম তুমিও শুবা মইও শুম অলপ পাছত।
_____ ওম আৰু শুনক  আজি আমাৰ  ঘৰলৈ আহিব দিনত। স্বাগত দাকো লৈ আনিব।
প্ৰান্তিক_______ কিয়?
______ কি কিয়? মাতিছো আহিব নোৱাৰে নেকি?
প্ৰান্তিক_______ মই আকৌ তোমাক লগ কৰিবলৈ যাম বুলিহে ভাবিছিলো।
_______ লগ কৰাটো বাৰু হ'ব আগত কৈ লওক আহিব নাই।
প্ৰান্তিক________ পাৰিলে যাম বাৰু
_______ পাৰিলে নহয় আহিবই লাগিব huh।
প্ৰান্তিক_______ ঠিক আছে পোৱালি। আৰু লগ কৰিব পাৰিবা নে?
_______ চাই লওঁ মায়ে যাবলৈ দিলে যাম বাৰু।
প্ৰান্তিক_______ ওম।
এনেকৈ তেওঁৰ লগত কথা পাতি থকাৰ মাজতে স্বাগত দা'ৰ মেচেজ এটা আহিল। মই ফোনত কথা পাতি পাতিয়েই মেচেজ কেইটা reply কৰি আছো।
স্বাগত_______ happy birthday Jiya & congratulation
________ thank you স্বাগত দা but congratulation কিয়?
স্বাগত________ তুমি জানাই চোন।
________ uhu,,,, নাজানো কোৱা চোন।
স্বাগত_______ প্ৰান্তিকৰ জীৱনলৈ অহাৰ কাৰণে।
______ ওম
 অলপ লাজ লাগিছে।
________ তুমি কেনেকৈ গম পালা।
স্বাগত_______ সি মোক কালি হে কৈছিল। তোমাৰ ফটো চাই চাই পাগলৰ নিচিনাকৈ হাঁহি আছিল। মই দেখি সুধিলত ক'লে। বাৰু ঠিকেই আছে। বহুত দিনৰ মূৰত তাক এইবাৰ ইমান সুখী হোৱা দেখিছোঁ। ভাল লাগিছে। ভাল কৈ থাকা তোমালোক দুয়োটা।
_______ ওম 
স্বাগত দাৰ কথা খিনিত যেন বেলেগ কিবা হে লুকাই আছিল। মই আৰু সুধি নাথাকিলো।
______ প্ৰান্তিক দাৰ লগত আমাৰ ঘৰলৈ আহিবা আজি। তেওঁক মই কৈ থৈছোঁ।
স্বাগত______ ঠিক আছে সি গলে যাম বাৰু।
_______ ঠিক আছে তেতিয়া হলে bye ।
স্বাগত দাৰ কথা প্ৰান্তিক দাক ক'লো।
________ স্বাগত দাই মেচেজ কৰিছিল এতিয়া। আপুনি বোলে কালি কাৰোবাৰ ফটো চাই চাই খুব হাঁহি আছিল।
প্ৰান্তিক_______ aw স্বাগতে ক'লে মানে?
______ অ'টো ক'লে । কওঁক কাৰ ফটো চাই আছিল আপুনি।
মই জানিও কথা টো সুধিছোঁ।
প্ৰান্তিক________ মোৰ অকণমানি পোৱালি জনীৰ ফটো চাইছিলো। ইমান যে মৰম লাগিছিল তাইক।
______ হয় নেকি।
তেনেকৈ অভিমান কৰি তেওঁক কথা বোৰ সুধি থাকিলো।
প্ৰান্তিক_____ হ'ব এতিয়া শুই থাকা। ৰাতিপুৱা কথা পাতিম।
______ ঠিক আছে bye।

ৰাতিপুৱা ৭.৩০ মান বাজিছে। মই বিচনাতে আছো। 
________ জীউ জীউ সোনকালে উঠ চোন। এইফালে আহ । 
মায়ে আচৰিত হৈ মোক চিঞৰা দেখি থত-মত খাই উঠি গ"লো।
________ কি হ'ল মা?
মা বাহিৰত ৰৈ আছে।
_______ চা এইটো কি। কোনে থৈ গল ৰাতিপুৱাই।
দেখিছোঁ আগফালৰ গেটত fresh flower bouquet এটা কোনোবাই থৈ গৈছে। কিবা এটা লিখি থোৱাও  আছে। পঢ়ি চালো মোৰ বিষয়ে কিবা আছিল লিখা আছে। নামটো উল্লেখ কৰা নাই।গম পালো প্ৰান্তিক দাই হব। মুখত হাঁহি এটা নিজে নিজেই ওলাই গ'ল।
আচৰিত হৈ গলো। 
__________ কোনে দিছে গম পাৱ নেকি?
মায়ে সুধিলে।
_________ মোৰ লগৰেই কোনোবা হ'ব চাগে জন্মদিনৰ কাৰণে দিছে। ইয়াত নামটো লিখা নাই। কেতিয়া দিলে বাৰু?
ফুল খিনি ভিতৰলৈ লৈ লগা লগ প্ৰান্তিক দা লৈ মেচেজ কৰিলো।

আগলৈ______

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)