মানুহে মানুহৰ বাবে-০৪

©Admin
0

কিন্তু ৰামানুজৰ  অনুমান শুদ্ধ নাছিল  । মহিলা গৰাকী নিজে নবহি ছোৱালী  জনীকহে  লাহে লাহে বহুৱাই  দিলে । ছোৱালী জনীৰ মৰম লগা মুখখন  যন্ত্ৰণাত কোচঁ খাই গল । চকীত  বহিয়েই  তাই মূৰটো  পেলাই দিলে । ৰামানুজৰ  অনুমান হল চাৰিওফালে  থকা  মানুহ বোৰৰ প্ৰতি  ছোৱালী  জনী  নিস্পৃহ  । নিজৰ  যন্ত্ৰণাক লৈয়ে  যেন  তাই ব্যস্ত  ।
     সেই খিনিতে ঠাই  অকণমান উলিয়াই মানুহ জনে বেগটো  থলে  ।লৰাটোৱে  ৰামানুজ লৈ  চাই  সুধিলে, 
     --আঙকল ,ৰেজিষ্ট্ৰেছন  কত কৰিব লাগিব  ?
     --তোমালোকৰ  লগত  হ'ম ষ্টেটৰ  পৰা  ৰেফাৰ কৰা কাগজ পত্ৰ  আছে নেকি  ?
     --নাই নাই   আমাৰ  লগত  ৰেফাৰ কৰা  কাগজ  পত্ৰ  একো নাই  । কিন্তু নাৰ্চিং হোমত ট্ৰিটমেন্ট কৰা  প্ৰেছক্ৰিপশ্বন  আৰু  টেষ্ট ৰিপৰ্ট  বিলাক আছে  ।
     --কৰ  নাৰ্চিং হোম  ?          
     --ৰাচীৰ  ।        মানুহজনে উত্তৰ  দিলে  ।
     --সেই  যে কম্পিউটাৰ  কেইটা  আছে,  তাৰে যিকোনো  এটাত অন লাইন  ৰেজিষ্ট্ৰেছন  হব  ।তুমি  পাৰিবা  নহয়  ?   ৰামানুজৰ  কথাত লৰাটোৱে মূৰ দুপিয়াই  শলাগিলে  ।
     --যোৱা চোন  অকণমান দেখোৱাই   দিয়া   । দিপ্তীযে   কৈছিল ।
     দিপ্তীযে  ইতিমধ্যে  মহিলা  গৰাকীকো নিজৰ  কাষতে  বহি বলৈ  ঠাই অকণমান উলিয়াই  দিছে । পৰিবেশ  পৰিস্থিতি তকৈ ডাঙৰ  শিক্ষক আৰু একো নাই  । দিপ্তীযে  ইতিমধ্যে  হিন্দী  বুজি  পোৱা হৈছে  আৰু কবলৈও  পাৰিছে  অলপ অলপ ।
     লৰাটোৱে কম্পিউটাৰ  ভালদৰেই চলাব  পাৰে  ।অকণো অসুবিধা নোহোৱাকৈয়ে  ৰেজিষ্ট্ৰেছন  কৰি 
 পেলালে  । সেই কণ  সময়তে কথা  বতৰা  পাতি  ৰামানুজে গম পালে  সিহঁত  ঝাৰখণ্ডৰ  পৰা  আহিছে  । দুমাহ মানৰ  আগৰ  পৰা  ছোৱালী জনী  পেটৰ  বিষত ভূগী  আছিল  । ঘৰৰ ওচৰৰ  হস্পিটেলত  দেখুৱাই  থাকোঁতে  কিছু দিন  গল ।।আৰাম নহলত  লৈ গল ৰাচীৰ  এখন নামজ্বলা  নাৰ্চিং  হোমলৈ  । তাতেই  ধৰা পৰিল  বেমাৰটো  । ছোৱালী জনীৰ  পাকস্থলীত  কেঞ্চাৰ  । ষ্টেজ থ্ৰি  ।সিহঁতে  আৰু ৰৈ নাথাকিলে  । টকা পইচা গোটাই  চিধাই  টাটা লৈ  গুছি  আহিল  । 
     আকৌ  সমস্যা  । মুম্বাইত  কেঞ্চাৰৰ চিকিৎসা  কৰা  হস্পিটেল  ভালেমান  আছে   ।  কোনোবাই  প্ৰিন্স  আলি খানত ট্ৰিটমেন্ট  কৰি  আৰোগ্য  হৈছে ' কোনোবাই  কোকিলা বেনত  ।  আন কোনোবাই  আকৌ  লীলাৱতী
 হস্পিটেলত  । নিজে চিকিৎসা  কৰা খনকে সবেই  ভাল বুলি  কবলৈ  বিচাৰে  । চাহা   উপাধিৰ এই পৰিয়ালটোক যেনিবা  ৰেলত আহি থাকোতে এজন  ভদ্ৰলোকে   লগ পালে  । সেই মানুহ জনে তেওঁলোকক টাটাত ট্ৰিটমেন্ট  লবলৈ  পৰামৰ্শ  দিলে  ।টাটা  এখন  হস্পিটেলেই  নহয়  ।  গবেষণা  প্ৰতিস্থানো ।তেওঁলোকেৰ উদ্দেশ্য ই  হল  এখন কেঞ্চাৰ  মুক্ত  পৃথিৱী  সৃষ্টি  কৰা  ।
     ছোৱালী জনীৰ নাম  চৰিতা  । লগত অহা   মহিলা  গৰাকী  তাইৰ  মাক  । পুৰুষ  দুজনৰ এজন তাইৰ  দেউতাক   , আনজন  লৰাটোৰ দেউতাক ।
     --তেওঁলোক তোমাৰ  কি হয়  ?
     --চাচা  মোৰ  চাচা  হয়  ।       ৰামানুজৰ  কথাত টপৰাই  উত্তৰ  দিলে  লৰাটোৱে  ।  অন্ লাইন  ৰেজিষ্ট্ৰেছন  কৰাৰ  পিছত  কাউন্টাৰত  গৈ কাগজ পত্ৰৰ কাম  কৰিলে । ৰামানুজেও   লগে লগে  থাকি লৰাটোক  সহায় কৰি দিলে  । চৰিতা  চাহাৰ নামত ফাইল  হল  ।  ফাইল  নম্বৰ  হল  চি.এম. 9041  ।
     ৰামানুজ আচৰিত  হল । সিহঁতে ফাইল  খুলি ছিল   ফেব্ৰুৱাৰী  মাহৰ  পছিশ  তাৰিখে   । চি.এল.5484   । প্ৰতি  পঞ্চাশ হেজাৰৰ পাছত  চিৰিয়েল  কোড সলনি  হয়  ।  ৰোগী ইমান  বাঢ়িছে যে   চি.এম    আৰম্ভ  হৈ গল ।
     হোমিভাবা  বিল্ডিংত  ট্ৰিটমেন্ট  কৰা খিনি  প্ৰাইভেট  ৰোগী  ।  জেনেৰেলৰ কথা  বাদেই  । তাত ৰোগীৰ  সংখ্যা  আৰু
  বেছি  ।
     ৰামানুজে লৰাটোক  ই-কাৰ্ড  কাউন্টাৰলৈ  লৈ  গল । টাটা  হস্পিটেলৰ  সকলো  লেনদেন   ই-কাৰ্ড ৰ  জৰিয়তে  হয়  । ইয়াত  নগদ টকা  কোনেও  নলয়   ।  লব নোৱাৰে  । ডাক্তৰৰ  ফীজৰ পৰা ঔষধলৈকে  সকলো  লেনদেন  ই-কাৰ্ড তহে  হব ।
     ই-কাৰ্ড ত ৰোগীৰ  ফটো  লাগে  । লৰাটোৱে গৈ  ছোৱালী জনীক ধৰি  ধৰি  লৈ আহিল  । বিষৰ কাৰণে  বেচেৰীয়ে  পোন হৈ  খোজকাঢ়িব ও    পৰা নাই  ।
     এই  আঙকল   জন অসমৰ পৰা আহিছে  । খুব ভাল  মানুহ  । মোক  সহায় কৰি আছে  ।
    লৰাটোৱে  ছোৱালী জনীক  ৰামানুজৰ  লগত চিনাকি  কৰি  দিলে  । চকুৱে  মুখে  যন্ত্ৰণা  লৈয়েই  তাই  ৰামানুজ লৈ   চাই  হাঁহি  এটা  মাৰিলে  ।  কষ্টৰ  হাঁহি   ।
                   আগলৈ••

📝ভৰত ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)