জনজাতীয় চিত্র একোটিও বগেজাৰী গীতত পোৱা যায় | হাবি জংঘলৰ মাজত বাসকৰা জনজাতীয় লোক সকলে বহুতো বনৰীয়া জন্তু সন্মুখীন হ'ব লগীয়া হয় | মতা মানুহৰ অনুপস্থিতিত তিৰোতাই কেতিয়াবা হাতী খেদিব লগীয়া হয় | তেতিয়া এজনীয়ে আন এজনীক সতৰ্ক কৰি দি এইদৰে কয়---
চাবি অ' চাম্ফালি
হাতী উজাই যায়
কুবাবাকে খুজিলুং
চিপ্ বাৰী নাই |
অসমীয়া সমাজত কাপোৰ বব নজনা গাভৰুৰ সমাদৰ কম | মহাত্মাগান্ধীয়েও বব-কাটিব অসমীয়া গাভৰুৰ বিবাহ হোৱাটো কঠিন বুলি মন্তব্য কৰিছিল | ৰাভা তিৰোতা বা ছোৱালী সাধাৰণতে বোৱা-কটা , ধান ৰোৱা কটা আদি বিষয়ত নিপুণ | ভাল ধৰণে বোৱা-কটা নজনা বা ফুল বাচিব নজনা তিৰোতা বা ছোৱালীয়ে আক্ষেপ কৰে |
অব গছৰ তব
অব গছৰ তব
এৰা গাছৰ কাটিলি শাল
বুবা পাৰিম হ'ব |
গোৱা লাঙি দ'হ
তাঁতৰ খুটা কাটি দি
বুবা জানাং হ'ব |
বগেজাৰী গীতৰ সুৰত নাচিব জনাটো সৰহভাগ ৰাভা তিৰোতা বা গাভৰুৰ স্বভাৱ | উচব পাৰ্বন , নাইবা অন্য কোনো ৰঙৰ পৰিবেশত ৰাভাৰ মতা তিৰোতাই নাচগান কৰে | বগেজাৰী গায় নাচে | কোনো তিৰোতা বা গাভৰুৱে মনৰ জোখাৰে নাচিব নেৱাৰিলে আক্ষেপেৰে কয়-----
ধুম্ টুক্ টুক্ টুক্
গছৰ আগিলি
নাচিবাকে নাজানং
থৰেং পাগিলী | আগলৈ.....
✏️হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ