নিমাত নিতাল আজি সময় সভ্যতা
অপ্ৰকৃতিস্থ প্ৰকৃতিত মানুহৰ জৰতা
মদাগ্নিৰ তপ্ত শিখা নিৰ্বাপিত হ'ল
প্ৰযুক্তিৰ জয় যাত্ৰা প্ৰহসন হ'ল
বিষাণূৰ বিস্ফোৰণে শিকালে শকতি
প্ৰজ্ঞাহীন বিজ্ঞানৰ বঢ়ালে দুৰ্গতি
বিশ্বায়ন বিনোদনত হেৰুৱাই কৃষ্টি
বিশ্বপ্ৰেমৰ মাদকতাত অপমৃত্যূৰ সৃষ্টি
পূৰ্ব্বসুৰীয়ে কৰি সুচনা জনতাৰণৰ পথ
গৈছিল গঢ়ি অতি যতনেৰে সংস্কৃতিৰ মঠ
নতুন যুগৰ নবীন মনে নামানি মুলৰ মৰ্ম
নতুন দিনৰ শিক্ষাত বঢ়াই আত্মঘাটি কৰ্ম
আধুনিকতাৰ লক্ষ যদি আছিল ধংশহে কৰা
সম্প্ৰীতিৰ সৌধ খহাই নিজক নিজে মৰা
তাতোকৈ চোন বেদ পুৰাণৰ নিয়মাৱলীয়েই ভাল
গন তন মনৰ শান্তি পুষ্টিত নহৈছিল আহুকাল
লোক হিতৈসিতাৰ বাট বুলিবৰ দেখুৱাইছিল বিধি
ৰোগ উপষমৰ পথ্য ভেঁষজৰ আছিল অমুল্য নীধি
শান্তি মৈত্ৰীৰো আছিল মন্ত্ৰ বিশ্বগুৰুৰ খ্যাতি
সত্য সনাতন সংস্কৃতিবান হৈছিল মানৱ জাতি
সেই নিদানক খামুচি ধৰি নিজকে বচাওঁ আহা
বচালে নিজক বাচিব জগত দুদিন কষ্ট সহা
শৌচাচাৰাদি সংস্কাৰ যতবিধি বুজিলো সকলো ভাল
বৈজ্ঞানিক বাখ্য বিছৰা সকলহে সভ্যতাৰ শতৰু কাল
প্ৰজ্ঞাৰ কি প্ৰয়োজন বিজ্ঞান বিশ্লেষণ শ্বাশ্বত সত্য যি
অতি বৈজ্ঞানিক তথাকথিতই সাধিছে কৈল্যাণ কি ?
📝চন্দ্ৰজ্যোতি বৰঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ