কবিতা শব্দটো এটা অতি কোমল শব্দ | ইয়াৰ পৰিসৰ কিমান বহল তাক একে আষাৰতে ক'ব নোৱাৰি | কবিতা কেতিয়াবা ফুল , কোতিয়াবা সলিল ৰাশি , কেতিয়াবা চৰাই , শিল , প্রেম মন্দাকিনী , চুলিৰ গোন্ধ , অবিৰত বিশেষণৰ ফল্গুধাৰা |
কবিতা যদি নিৰ্মাণ হয় সেয়া কষ্টকৰ অভিজ্ঞতা | অভিধান চাই কঠিনৰো কঠিন পঢ়ুৱৈয়ে সহজে বুজি নোপোৱা আনকি শেষত কবিয়ে নিজেও বুজাই দিব নোৱাৰা শব্দ লগ লগাই সৃষ্টি কৰা আধুনিক কবিতা সমস্তই ভাল কবিতা হয় নেকি ? নে কবিতা এটা বন্ধ কোঠা | কবিতা চিকুন পুৱা এটাৰ ৰিব্ ৰিব্ কৈ বলি থকা এচাটি নিৰ্মল বতাহ হ'ব নোৱাৰেনে ? যি শাঁত পেলাই দেহা |
তদনুৰূপভাবে যি শব্দ সমস্তিয়ে এটা মৃত মনত সঞ্জীৱনী সুধা ঢালি অমৃত দান কৰে , শেঁতা পৰা দুখনি ওঠত হাঁহি বিৰিঙাই তুলিব পাৰে , নিঃসংকোচে বুজি পাই তাৰ অমৃত ধাৰা | হীৰুদাই কোৱাৰ দৰে.....
" ভঙা কলিজাত কোনে বিনায়:
কবিতা মোৰ শোকৰ ঋতুৰ
এপাহ খৰিকাজাঁই " হ'ব নোৱাৰেনে ?
কবিতা কবিৰ হৃদয়ৰ পৰা আপোনা আপুনি নিৰৱছিন্নভাৱে ওলাই অহা শব্দৰ ফল্গুধাৰা নহয় নে ? যিবোৰ পঢ়ি থাকিলে আকৌ এবাৰ পঢ়িবলৈ মন যায় | মনৰ ভাগৰ নালাগে | সেই কবিতা
আকাশ গঢ়োঁতা খনিকৰজন
কেতিয়াবা পালে চিনি
তেওঁকে সুধিম ইমান ফুলক
কোনে দিয়ে চোলা কিনি ?
ইমান ভাৱব্যঞ্জক , ইমান অৰ্থবহ , ইমান আকৰ্ষণ আকাশৰ সৌন্দৰ্য দেখি কবি মুগ্ধ হোৱাৰ লগতে পাঠককো আকাশৰ প্রতি আকৰ্ষণ গঢ়ি তুলি আকাশ চাবলৈ পাহৰি যোৱা লোকক আকাশখন এবাৰ মুৰ তুলি চাবলৈ বাধ্য নকৰিবনে ? এয়াই বাৰু শব্দৰ আকৰ্ষণ নহয়নে ? এবাৰ পঢ়ি আকৌ এবাৰ পঢ়িবলৈ মন নাযাবনে পুনৰ মন যাব আওৰাবলৈ | এয়া শব্দৰ আকৰ্ষণ , কি মিঠা অনুভৱ |
আগলৈ
📝হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ