তোমালোকৰ সন্মুখত এইয়া মই
সাজোনে-কাচোনে ৰূপহী ৰাংঢালী
হাতত প্ৰেম মদিৰাৰ পিয়লা লৈ
তোমালোকৰ তৃষ্ণা নিবাৰণ হেতু
মোৰ লাৱণ্যময়ী মোহিনী ৰূপত সু:নিশ্চিত হৈ পৰিব আত্মহাৰা
খোজৰ ছেৱে ছেৱে মোৰ
ৰুণুক-জুনুক ঝংকাৰ তুলিবলৈ
দূভৰিত পিন্ধিছো শাসনৰ শিকলি
হাত দুখনি বান্ধিলো নিন্দাৰ খাৰুৰে
বৰণ মালাধাৰি হ'ল
কলংকৰ সাতশৰী হাৰ
সোণতে সোৱগা চৰাইছে
শোকৰ কাণফুলি যোৰে
দুচকুত সানি ল'লো কাজল
অপবাদৰ কালিমাৰে
অস্তমিত সূৰ্য্যটো যেন
মোৰ কপালৰ উজ্জ্বল
তিক্ততাৰ ফুট।
কুমকুমৰ ফুট ল'বলৈ ব্যৱহাৰ কৰিছো
ব্যৰ্থতাৰ টোপোলা।
আমৰণ জীৱন সংগী মোৰ
জ্বলা জুইকুৰা
সজালো হেঁপাহৰ ফুলশয্যা
দুখ-পতাৰণাৰ ফুলেৰে
সেই ফুলৰ কাইটেৰে বুকুত
সানি-খুচি সযতনে উলিয়াই ৰাখিছো
তোমালৈ বুলি তেজৰঙী উপহাৰ
শৰীৰ শোভিত কৰা আভৰণ
মোৰ কপালৰ লিখন।
✍️দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ