মেঘাচ্ছন্ন ৰাতিৰ মায়াময় জোনাক
অন্ধ মনৰ বন্ধ কোঠাত
দুহাত বন্ধা বন্দী প্ৰাণৰ
বাসনা জাগে
মুক্তহন্তে উৰি যোৱাৰ দূৰ দিগন্তলৈ
দিনৰ পিছত দিন আহে
ঋতুৰ পিছত ঋতু আহে
কিন্তু কোনেও নোৱাৰে
বিশাল বাস্তৱতাক নুই কৰিব
মাথোঁ জীৱন যুদ্ধত লাভ কৰা
বিষাদৰ ৰঙা তেজ জ্বলি যায়; গলি যায়
মৰা পৃথিৱীৰ আঁহে আঁহে
আকাশৰ নীলা আৰু বেলিৰ হেঙুল মিলি
নিয়ৰত তৰে স্বপ্নজাল
জগতৰ দুৱাৰত জ্বলি উঠে
জীৱনৰ মহা ফৰকাল
জীৱন দিয়াৰ ক্ষমতানো কাৰ?
পিছে জীৱন লোৱাৰ ক্ষমতা অপাৰ
পোহৰত শান্তি নাই
আন্ধাৰত সুখ নাই
অগ্নিত আশ্ৰয় নাই
সীহ পুৰি সোণ কৰা জীৱনৰ মেজিক বঞ্চনা
হায়! কেতিয়া যে মুক্তি পাম
এই পৃথিৱীৰ পৰা....
সিপাৰে বিধাতা
ইপাৰে হিয়াৰ খলকনি
আৰু
মই মাথোঁ তাৰ সন্ধি অনুপম।
🖋️বাল্মিকা দত্ত,লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ