মিছিংসকলৰ বসন্ত উৎসৱ পঃৰাগ বা নৰাছিগা বিহু (চতুৰ্থ খণ্ড)

©Admin
0


            এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে পঃৰাগ উৎসৱৰ বাবে গাওঁৰ পৰা ওলাই  যোৱা সকলো জীয়ৰী আৰু নাতি নাতিনীক নিমন্ত্ৰন জনোৱা হয় আৰু তেওঁলোক অহাতো বাধ্যতামূলক হিচাপে গণ্য কৰা হয়। তেওঁলোক যদি স্ব-ইচ্ছাই বা কিবা কাৰণবশতঃ নিমন্ত্ৰনক অমান্য কৰে তেতিয়া মিগম বৰাই পৰিচালক হিচাপে তাৰ উচিত ব্যৱস্থা ল'ব আৰু তেওঁ যি দণ্ড দিয়ে তাক মানি লয়। মিগম বৰাৰ সিদ্ধান্ত গাঁওৰ ৰাইজে মানিবলৈ বাধ্য।

       পঃৰাগ উৎসৱৰ প্ৰথম দিনটোক 'ইচাংলঙৗ' অৰ্থাৎ আৰম্ভণি দিন বুলি কোৱা হয়।সেই দিনাখন মিগম বৰা আৰু বৰ পোৱাৰীক তেওঁলোকৰ যিকোনো এজনৰ ঘৰৰ পৰাই গুমৰাগ নৃত্যৰে, ঢোলে-ডগৰে আদৰি আনি 'দঞি পঃল' (চন্দ্ৰ-সূৰ্য)ক সাক্ষী কৰি প্ৰতিষ্ঠা কৰা হয়।তাৰ পিছত "মিনম য়ামনাম" অৰ্থাৎ আলহী অতিথি আদৰি অনা কাৰ্য কৰা হয়। ডেকা -গাভৰুসকল সেইদিনা বিভিন্ন ধৰণৰ মিচিং নৃত্য গীতেৰে চৌপাশ মুখৰিত কৰি ৰাতি মুৰংঘৰতে কটোৱাৰ এক পৰম্পৰা আছে।আনকি তেওঁলোকৰ মাজত শ্ৰেষ্ঠ নৃত্য দলৰো প্ৰতিযোগিতা চলা দেখা যায়।এইখিনিতে আন এটা কথা উল্লেখ কৰিব লাগিব যে-নিশাৰ আহাৰৰ পিছতেই পঃৰাগৰ প্ৰথম দিনাই 'মিবু' আৰু 'মিনম' আদৰি অনা হয়।এই আদৰি অনা অনুষ্ঠানটিক "মিবু দাগনাম" বুলি কোৱা হয়।কাৰণ এই অনুষ্ঠানটিৰ মূল পুৰোহিত হৈছে 'মিবু'।আদৰি অনা পিছত ডেকা-গাভৰুসকলে মুৰংঘৰৰ চাৰিওফালে নৃত্য-গীতেৰে  পাঁছবাৰ প্ৰদক্ষিণ কৰে।তেওঁক সেইদিনাই ঢোলে- ডগৰে, নৃত্য-গীতেৰে আদৰি অনা পিছত মঙ্গল চোৱা পৰ্ব অনুষ্ঠিত কৰা হয়। আকৌ ইচাংলঙৗৰ মাজৰাতিৰ পৰাই "পঃবৰ বাদগদ(ছাইমদ চকাৰ আৰম্ভণি)"হয়।তেতিয়া পঃবৰত আপং আৰু পানী ঢলা কাৰ্য সমাপন কৰা হয়,যাক "পঃবৰ কাদনাম" বুলি কোৱা হয়।পানী ঢলাৰ সময়ত ডেকা গাভৰুকে আদি কৰি সমবেত ৰাইজ আৰু মিনমসকল মিলি সমস্বৰে দঞি পঃলক(সূৰ্য-চন্দ্ৰক),কাৰ্ছাং-কাৰ্তাং(সৃষ্টিৰ পালন কৰ্তা পৰম পুৰুষ প্ৰকৃতি),চৗঃদৃ মৗঃল (আদিম পৰম প্ৰকৃতি),গুঃমৃন-চঃয়ৃং(গোত্ৰ দেৱতা) আদিৰ নাম উচ্ছাৰণ কৰি সকলোৰে মঙ্গল কামনা কৰি মিনতি জনায়।ছাইমদ চকাৰ লগে লগে অৰ্থাৎ যেতিয়া ছাইমদ(পঃৰ আপং) পঃবৰৰ পৰা তলৰ পাত্ৰত সৰকি পৰে তেতিয়া গাহৰি মৰা পৰ্ব আৰম্ভ হয়,যাক আমি "এঃগ মাননাম" বুলি কওঁ।পঃৰাগ উৎসৱত প্ৰথমতে এনৌ এঃগে' অৰ্থাৎ চেউঁৰী গাহৰি উৎসৰ্গা কৰাটো এটা নিয়ম বা  পৰম্পৰা।গাহৰিজনীক পাঁছবাৰ প্ৰদক্ষিণ কৰা দেখা যায়।তাৰপিছত জীৱিত অৱস্থাতে ভালকৈ ধৰি  বুকুখন ওপৰমুৱা কৰি গাহৰিজনীৰ বুকুৰফালে কটাৰীৰে ছাল মোটোকাই অলপ কাটি লোৱা হয় আৰু সেই কটা অংশইদি এডাল বাঁহৰ জোঙা সুমুৱাই দিয়া হয়।মিগম বৰাই সোঁহাতে আৰু বৰ পোৱাৰীয়ে বাওঁহাতে বাঁহডাল ধৰে।তাৰ পিছত জোঙা বাঁহডাল যেতিয়া গাহৰিৰ বুকু ভেদি পেটৰ ভিতৰত পৰে তেতিয়াই আহত বুকুৱেদি তপত তেজ সিঁচৰিত হৈ বাঁহডালত লাগি আহে।তেতিয়া যন্ত্ৰনাকাতৰ গাহৰিৰ আৰ্তনাদকো তল পেলাই নৃতৰত জনতাই আকাশ নিনাদি কাৰছাং-কাৰতাং,দঞিঃ পঃল,চৗঃদৃ মৗঃল,গুঃমৃন চঃয়ৃং আৰু অনিষ্টকাৰী দেৱ-দেৱীৰ নামত উচ্ছাৰণ কৰি তেওঁলোকৰ সন্তুষ্টিৰ বাবে মিনতি কৰে।তাৰ পিছত মিবুৱে গাহৰীটোৰ কলিজাত মঙ্গল চায়।মঙ্গলত পোৱা বিধান অনুসৰি তেওঁ পঃৰাগ উৎসৱ উদযাপনৰ বাবে যাৱতীয় দিহা পৰামৰ্শ দিয়ে।মিবুৰ নিৰ্দেশমতে সাধু-সাতোলাই পঃৰাগৰ সকাম সমাপন কৰে।দুই তিনিটা গাহৰী সেইদৰে  উৎসৰ্গা কৰা পিছত সাধাৰণ উপায়েৰে বধ কৰে।

              (আগলৈ)

 🖋️উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)