চৰিত্ৰাৱলী
পুৰুষ-----জীৱন,অনন্ত
মহিলা-----জীনা,মণি
জীৱন আৰু অনন্তমণিৰ পুতেক।
জীনা বোৱাৰী।
এদিন আবেলি জীৱন আৰু অনন্তই মাক মণিৰ লগত কথা পাতে।
মণি--জীৱন
জীৱন---কোৱা মা কি ক'বা।
মণি--মই এইবাৰ এটা কথা ভাৱিছো।
জীৱন--কোৱা মা কি কথা ভাৱিছা নো?
মণি--জীৱন এইবাৰ তোৰ বিয়া খন পতাৰ কথা ভাবিছো। ঘৰ খনত কিমান আৰু অকলে অকলে সোমাই থাকিম।তহঁত দুটাটো নিজৰ নিজৰ কামতেই ব্যস্ত হৈ থাক।
অনন্ত---অ' মা তুমি ঠিকেই কৈছা।দাদাৰ বিয়া খন পাতি দিলেই মইয়ো বিয়াৰ কথা চিন্তা কৰিব পাৰিম।
জীৱন--অনন্ত তেনেহ'লে আগত তোৰ বিয়া খন পাতি ল আকৌ।
মণি--চা জীৱন মই ধেমালী কৰা নাই।তই যদি ক'ৰবাত ছোৱালী চাই থৈছ কৈ দে।
জীৱন--মানে মা মা-নে
অনন্ত--দাদা কি মানে মানে কৰি আছ নো জীনাক তই ভাল নাপাৱ জানো।
আৰু তাইয়োটো তোক ভাল পায়!
মণি--তই যদি ছোৱালী চাই থৈছই সেই জনীকে তোক বিয়া পাতি দিম।কিন্তু ছোৱালী জনীৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব।
জীৱন--মা তুমি ভবাতকৈ ছোৱালী জনী বহুগুনে ভাল।
মণি--তেনেহ'লে ভাল দিন এটা চাই এই মাহতে তোৰ বিয়া খন পাতি দিম।তই ছোৱালী জনীৰ ঘৰত কথা পাতিবি।
(এমাহৰ পাছত বিয়া )
(বিয়াৰ এবছৰ পিছত)
জীনা---মা চাহ লওঁক
মণি--বোৱাৰী জীৱন ক'ত গ'ল।তাক মই মাতিছো বুলি ক'বা।
জীনা--মা তেখেত নাই।ৰাতিপুৱা ৪মান বজাতেই ওলাই গ'ল।৬টা বজাত Flight আছে।দুদিন মান অফিছৰ কামত বাহিৰলৈ পঠাইছে মেনেজাৰে।
মণি--অ' দেখিছো সি বিয়া পতাৰ পিছৰে পৰা বহুত সলনি হ'ল।ঘৈণীয়েকৰ মতেহে উঠা বহা কৰে আৰু ঘৈণীয়েকক সুধিহে ক'ৰবালৈ যায় মইটো তাৰ একোৱেই নহয়।
জীনা--মা আপুনি কিয় তেনেকৈ ভাবিছে?আপুনি শুই থকাৰ বাবে মাত নলগালে।মোক ক'বলৈ কৈ গৈছে।আৰু মোৰ মতে উঠা বহা নকৰে মা। আপুনি বেয়াকৈ ভাবিব নালাগে নহয়।
মণি--হ'ব বোৱাৰী মোখ চাফাই দিয়াৰ প্ৰয়োজন নাই।কি কৰিব লাগে কি কৰিব নালাগে মই জানো।আৰু এইবোৰ কি বনাইছ চাহ নে পানী,মাৰে ঘৰত শিকাই নপঠালে নেকি?
জীনা---মা কি হ'ল নো ঠিকেইটো আছে।সেইয়া চাহকে মইয়ো খাইছো দেখোন।
মণি--অ'' তেনেহ'লে মই মিছা কথা কৈছো।
মণি--মইটো আপুনি মিছা কৈছে বুলি কোৱা নাই।
মণি--মোৰ মুখে মুখে উত্তৰ দিবলৈ তই সাহস ক'ত পালি?
জীনা--মা মই আপোনাৰ ছোৱালীৰ দৰে।মই আপোনাক মুখে মুখে উত্তৰ দিয়া নাই।মই মাত্ৰ কথাটোহে কৈছো।আপোনাৰ মুখে মুখে উত্তৰ দিয়াৰ সাহস মোৰ নাই।
মণি--তোৰ মুখ খন বেছি চলিছে (লগে লগে এক চৰ মাৰে)
জীনা--মা আপুনি মোক চৰ মাৰিলে।কি কাৰণত চৰ মাৰিলে জানিব পাৰিম নে।মই জনাত মইটো একো ভুল কৰা নাই।
মণি--চৰ মৰাতো কোনো ডাঙৰ কথা নহয়।প্ৰয়োজন হ'লে তোক মই মাৰি পেলাবও পাৰো।এটা চৰ কি তোক মই হাজাৰটা চৰ মৰাৰ অধিকাৰ মোৰ আছে
জীনা--মইটো নাই বুলি কোৱা নাই।মা আপোনাক বাৰু মই এটা কথা ক'ব পাৰো নে?
মণি--আৰু কি ক'বলৈ বাকী থাকিলে।
জীনা--মা গাতো কোনো লৌহ বা শিলেৰে তৈয়াৰী নহয় যে আপোনাৰ যেতিয়াই মন যায় মোৰ গাত হাত তুলিব!
মণি--চা এইখন মোৰ ঘৰ ইয়াত মোৰ যেনেকৈ মন যায় তেনেকৈয়ে চলাব পাৰো।প্ৰয়োজন সাপেক্ষে তোক গতিয়াই বাহিৰ কৰি দিম
আৰু মোক ইমান ডাঙৰ ডাঙৰ কথা কোৱাৰ তোৰ অধিকাৰ নাই।
জীনা--মা মই কোনো বজাৰৰ পৰা কিনি অনা শাক-পাছলি নহয়।যে মন গ'লেই বেয়া বুলি কৈ ডাষ্টবিনত পেলাই দিব। মইয়ো তেজ মঙহেৰে গঠিত মানুহ।আৰু মইনো আপোনাক কেতিয়া ডাঙৰ কথা ক'লো।
মণি--তই মোক একো কথাই নক'বি।
(মণিয়ে জীনাক হাতত ধৰি ঘৰৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰে।
এনেতে অনন্ত আহি দুৱাৰ মুখৰ পৰা সমগ্ৰ দৃশ্য প্ৰতক্ষ্য কৰে।)আৰু মাকক কৈ
অনন্ত--মা তুমি এই বোৰ কৰিছা বৌক এনেকোৱা কি ভুল কৰিলে যে তুমি বৌক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব খোজিছা?
মণি--তোৰ বৌয়েৰাই মোৰ মুখে মুখে উত্তৰ দিয়ে আৰু মোৰ লগত তৰ্ক কৰে।
জীনা--মা আপুনি বাৰে বাৰে কিয় বাৰু মোক মিছা অপবাদ দিব খোজে।
অনন্ত--বৌ মই সকলো জানো তুমি চিন্তা নকৰিবা।মই থকালৈকে অন্তত্ব তোমাক এইখন ঘৰৰ পৰা কোনেও বাহিৰ কৰিব নোৱাৰে।মা ভুল বৌৰ গাত নহয় তোমাৰ গাত হে ।
মণি--অনন্ত তই কি ক'ব বিচাৰিছ?
অনন্ত--মই কি ক'ব বিচাৰিছো তুমি হয়তো ভাল দৰে জানা।মই বহু দিনৰ পৰাই লক্ষ্য কৰি আহিছো।তুমি বৌক বিনা কাৰণত গালি দি থাকা অত্যাচাৰ কৰা।
জীনা--হ'ব দিয়া অনন্ত যদি মোৰ কিবা ভুল হৈছে মই গুছি যাম।তুমি মাক একো নক'বা।
অনন্ত--ৰ'বা বৌ আজি মোক ক'বলৈ দিয়া।মা তুমিওটো এগৰাকী নাৰী।নাৰী হৈ যদি তুমি নাৰীৰ মূল বুজি নোপোৱা তেনেহ'লে কোনে বুজিব মই নে দাদাই।আজি দাদাও ঘৰত আৰু আমাতকৈ তুমিহে বেছি পাব লাগে।তুমিও এখন ঘৰৰ পৰা আন এখন ঘৰলৈ আপোন মানুহ বোৰ এৰি হাজাৰ আশা বুকুত বান্ধি আহিছিলা।কি কাৰণে যন্ত্ৰনাত ককবকাই থাকিবলৈ নে আনক যন্ত্ৰনা দিবলৈ কোৱা মা কি কাৰণে আহিছিলা?
(অলপ সময় সকলো নিৰৱে ৰ'ল তাৰ পিছত মণিয়ে দুখ মনেৰে অনন্তক ক'লে)
মণি--অনন্ত মোৰ বহুত ডাঙৰ ভুল হ'ল মোক ক্ষমা কৰি দিবিনে?
অনন্ত--মা ক্ষমা মোক নহয় বৌক খোজা।
মণি--বোৱাৰী তই মোক ক্ষমা কৰি দে।
জীনা--মা মই ইমানো ডাঙৰ মানুহ নহয় যে আপোনাক মই ক্ষমা কৰি দিব পাৰিম।মই আপোনাৰ নিজৰ ছোৱালীৰ দৰে।মই আপোনাৰ বুকুৰ মাজত থাকিব নোৱাৰিম নে মোক আপুনি অকণমান মৰম দিব নোৱাৰিব নে?
মণি--কিয় নোৱাৰিম অ বোৱাৰী।আজিৰ পৰা তই মোৰ ছোৱালী হৈয়েই থাকিবি আৰু মই তোৰ মা হৈ থাকিম।
অনন্ত--দেখিলা মা তুমি ইমান কষ্ট দিয়াৰ পাছতো তোমাক নিজৰ মা বুলি ভাবিয়েই এতিয়াও সন্মান কৰি আছে।
মণি-- তই ঠিকেই কৈছ অনন্ত সঁচাকৈয়ে মই বহুত ডাঙৰ ভুল কৰিছিলো।এতিয়াহে মই উপলব্ধি কৰিছো।
জীনা--হ'ব মা এতিয়া আৰু সেইবোৰ কথা ভাবি মন বেয়া কৰিব নালাগে।যি হ'ব লগীয়া আছিলে হৈ গ'ল।
অনন্ত--কিন্তু মই এটা কথা বুজি নাপালো।
জীনা--কি কথা অনন্ত?
অনন্ত--কিয় বাৰু বোৱাৰীৰ জীৱনটো যন্ত্ৰনাময় হয়।কিয় নাৰীয়ে নাৰীৰ মূল বুজি নাপায়।কিয় মানৱ জাতিয়ে দানৱৰ দৰে নিকৃষ্ট কাম কৰে।কিয়।
জীনা--তুমি ঠিকেই কৈছা অনন্ত।মানৱ বোৰ এতিয়া মানৱ হৈ থকা নাই।
অনন্ত--বাৰু বৌ আমি সেইবোৰ কথা এতিয়া পাতি লাভ নাই।বৰ ভুক লাগিছে কিবা এটা খাবলৈ দিয়া। নহ'লে অফিছ যাবলৈ দেৰি হৈ যাব।
মণি--ব'লা বোৱাৰী ভিতৰলৈ যাও।
জীনা--ব'লক মা।অনন্ত ব'লা।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ