মানসিক স্বাস্থ্যৰ বিষয়ে কিছু কথা

©Admin
0
চমুকৈ সুস্হ মনকে মানসিক স্বাস্থ্য বুলি কোৱা হয় যদিও শাৰীৰিক, সামাজিক, আধ্যাত্মিক আদি দিশ অবিহনে ইয়াক বৰ্ণনা কৰিব নোৱাৰি । সেয়ে, মানসিক স্বাস্থ্য হৈছে সম্পূৰ্ণ স্বাস্থ্যৰ এটা অবিচ্ছেদ্য অংগ । সাধাৰণ ভাবে ইয়াক বুজাবলৈ হ'লে ক'ব লাগিব যে - "মানসিক স্বাস্থ্য  হৈছে এজন ব্যক্তিৰ শৰীৰ, মন, আত্মা আৰু সেই ব্যক্তি জনৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ এক সমতুল স্থিতি ।"  মানসিকভাবে স্বাস্থ্যবান এজন ব্যক্তিৰ সাধাৰণতে এই বৈশিষ্ট্যবোৰ দেখা যায়, যেনে---

১/ সুখী অনুভৱ কৰা:-   মৰম, ভালপোৱা, বেজাৰ আদি প্ৰকাশ কৰিব পৰা, জীৱনৰ প্ৰতি এক যোগাত্মক দৃষ্টিভংগী থকা, নিজকে সুখী অনুভৱ কৰা ।

২/ ব্যৱহাৰিক সংযম বা উপযুক্ত ব্যৱহাৰ:- নিজৰ আচাৰ- ব্যৱহাৰ সম্বন্ধে সচেতন, স্থান-কাল-পাত্ৰ, সীমাৰ জ্ঞান, সমাজ ব্যৱস্থা, ৰীতি-নীতি আদি অনুসৰি উপযুক্ত ভাবে কাৰ্য্য কৰা ।

৩/ বাস্তৱ সচেতনতা:- নিজৰ চাৰিওফালে ঘটা ঘটনাৱলীৰ , নিজৰ কাম-কাজৰ ভাল- বেয়া দিশৰ জ্ঞান, প্ৰকৃত আৰু কাল্পনিক অৱস্থিতিৰ জ্ঞান থকা ।

৪/ আত্ম সচেতনতা:- নিজৰ বিষয়ে এক যোগাত্মক দৃষ্টি ভংগী, আশাবাদী, আত্মবিশ্বাস, নিজৰ সামৰ্থ আৰু দুৰ্বলতাৰ বিষয়ে জ্ঞাত ।

৫/ কর্মক্ষম আৰু উৎপাদনশীল:- নিজৰ সাধ্য অনুসৰি কৰ্ম কৰিবলৈ সক্ষম, সামান্য বিফলতাতে নিৰাশ নহৈ কামত একেধাৰে মনোনিবেশ কৰিবলৈ সমৰ্থ ।

৬/ সমন্ধ ৰক্ষা:- মানসিক ভাৱে সুস্থ ব্যক্তি এজনে আন ব্যক্তিৰ লগত সুস্থ, স্থায়ী সম্বন্ধ বজাই ৰাখিব পাৰে, তেনে কৰি আত্মসন্তুষ্টি লাভ কৰে । সম্বন্ধত বিশ্বাস আৰু আস্থা প্ৰকাশ কৰিব পাৰে ।

৭/ সুস্থ চিন্তা-চৰ্চা:-  সুস্থ আৰু স্পষ্ট চিন্তা-ধাৰণা, সমস্যা সমাধান কৰিবলৈ সমৰ্থ, বিচাৰ-বিবেচনা কৰিবলৈ সক্ষম, যুক্তি আৰু সচেতনতাৰে সিদ্ধান্ত ল'ব পৰা, সৃজনশীল চিন্তা চৰ্চা ।

৮/ পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল'ব পৰা ক্ষমতা:- মানসিকভাৱে সুস্থ ব্যক্তিয়ে যিকোনো সমস্যা বা প্ৰতিকূল পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে, সমস্যাবোৰ সুস্থ উপায়েৰে সমাধান কৰিবলৈ যত্ন কৰে ।

৯/ আধ্যাত্মিকতা:- নিজৰ যুক্তি, আদৰ্শবাদ আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আত্ম সন্তুষ্টি লাভ কৰে ।

  📝 ড° কুঞ্জলতা গগৈ
     প্ৰৱক্তা, চাইকিয়াট্ৰিক নাৰ্চিং
    বি. এছ.ছি নাৰ্চিং কলেজ, ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)