নাৰী

©Admin
0

নাৰী

নাৰী তুমি তিনিওকালৰ।
অতীত,বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ।
গাৰ্গী,মৈত্ৰেয়ী,
কনকলতা,মূলাগাভৰু
তুমিয়েই দেশৰ নাৰী।
মাতৃৰ পৰা দেশৰক্ষালৈকে,
আগুৱাই গৈছে
আজিৰ নাৰী।

কিন্ত্ত,
আজি
নাৰী নিৰ্যাতিতা,
শোষিতা, নিষ্পেষিতা,ধৰ্ষিতা।
নাৰী আজি কাৰোবাৰ
হাতৰ পুতলা।
কিন্ত্ত
কিয় আজি ইমান অত্যাচাৰ
নাৰীৰ ওপৰত?

পুৰুষৰ দৰে নাৰীৰে আছে,
এটি স্বাধীন জীৱন।
পুৰুষৰ দৰে নাৰীকো দিয়ক
স্বাধীনভাৱে জীয়াই থাকিবলৈ।
নাৰীয়েই সকলো----।
জননী,ভগ্নী,পত্নী অথবা বান্ধৱী।
নাৰীৰ অবিহনে,
এখন সুন্দৰ পৃথিৱীৰ কল্পনাই কৰিব নোৱাৰি।

📝প্ৰাৰ্থনা সন্দিকৈ
স্নাতক প্ৰথম ষাণ্মাসিক,
অসমীয়া বিভাগ
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়।
ডিব্ৰুগড়(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)