মনুৱে নিজৰ চতুৰালি আৰু বুদ্ধিৰে বিপদৰ পৰা ৰক্ষা পৰিল৷ সি মদৰ মোনা চাইকে’লত উলমাই নিজৰ বেপাৰৰ উদেশ্যে ওলাল ৷ সন্ধিয়া সময়ত সি ঘৰলৈ উভতি আহিলে৷ ভাত পানী খাই টোপনি গ’ল৷
দহ বছৰৰ পছৰ কথা
লাইনৰ জিতেন ৰবিদাস নামৰ ডেকাজনে আজি ছোৱালী আনিবলৈ যাব সেইবাবে বাছখনৰ ড্ৰাইভাৰৰ লগত জিতেনৰ বাপেকে দাম দৰ মাৰি আছে৷ ড্ৰাইভাৰে ক’লে
" নহ'ব খুৰা নহ'ব, ইমান কম টকাত মই যাব নোবাৰোঁ "৷তেতিয়া জিতেনৰ বাপেকে ড্ৰাইভাৰৰ পিঠিত মৰমৰ চৰ এটা দি ক’লে
" হেৰৌ কেইটামান টকাৰ কাৰণে কিয় ইমান মাথা মাৰি আছা "
ড্ৰাইভাৰে হাত যোৰ কৰি ক’লে
" খুৰা গাড়ীখন মালিকৰ হয় মোৰ নহয় গতিকে দুইহাজাৰ টকাই লম তাত এক টকাও কম নহ'ব"
জিতেনৰ বাপেকে ক’লে
" ঠিক আছে বাৰু ছোৱালী ঘৰৰ পৰা উভতি আহোঁতে বাকী টকা দি দিয়া হব "
শেষত ড্ৰাইভাৰে মানি লয় আৰু গুচি যায় তাৰপাছত গাড়ীখন ছোৱালীৰ ঘৰৰ পৰা উভতি আহোতে মাজবাটত ড্ৰাইভাৰে বাকীবোৰ টকা বিচৰাত জিতেনৰ বাপেকে ক’লে
মোৰ লগত বৰ্তমান পইছা নাই ড্ৰাইভাৰ খঙাই গাড়ী ৰখাই দি ক’লে
" কিয় এনেকুৱা কৰিছে ,আপুনিয়ে দেখোন কথা দিছিল যে বাকিখিনি টকা উভতি আহোঁতে দি দিম বুলি ,তেন্তে এতিয়া কিয় কথাত গা এৰা দিছে "
জিতেনৰ বাপেকে চকুৱে চকুৱে চাই ক ’লে " কিহে তুমি দুশ টকাৰ কাৰণে মৰি আছা ভাৱি লোৱা দুশ টকা বিয়া ঘৰত উপহাৰ দিলা বুলি , আন্ধাৰ হ'ব হৈছে সোনকালে ব'লা "
ড্ৰাইভাৰৰ জিতেনৰ বাপেকৰ কথা মুৰত টিঙিচকৈ ধৰিলে খঙতে গাড়ীৰ ছাবি উলিয়াই খঙৰ ভমকত ক’লে
" তেনেহলে গাড়ী আগলৈ নাযায় "
জিতেনৰ বাপেকে ক’লে
" মাজবাটত গাড়ী ৰখাই কি এইবোৰ জেঙ লগাই আছা ড্ৰাইভাৰে ক’লে
"জেঙ মই নাই লগোৱা আপুনিহে লগাই আছে , মুঠতে বাকীবোৰ টকা দিলেহে গাড়ী আগলৈ যাব,নহলে নাযায় ৷
মনুৱে ড্ৰাইভাৰ আৰু জিতেনৰ বাপেকৰ তৰ্ক বহুত সময় ধৰি চাই আছিল ৷ সি পকেটৰপৰা দুশ টকা উলিয়াই আগবাঢ়ি আহি ড্ৰাইভাৰৰ হাতত দি ক’লে
" ড্ৰাইভাৰ ভাই পইচা মই দিছোঁ গাড়ী স্টাৰ্ট কৰা আৰু সোনকালে বলা "
ড্ৰাইভাৰজনে গাড়ী স্টাৰ্ট কৰি দিলে। সকলোৱে মনুক ধন্যবাদ দি জিতেনৰ বাপেকেক বৰকৈ বলকিবলৈ আৰম্ভ কৰিলে এইবোৰ কঞ্জুছী মানুহৰ সকাম নিকামত অহাটো মুৰ্খামী ৷
আগলৈ---
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ