কিন্তু !! তুমি নোহোৱা হৈ থাকিলা।
এইয়া এটা বাইক এক্সিডেণ্ট আছিল । জানা!!! তুমি..., তোমাৰ বৃদ্ধ ষাঠিবছৰীয়া মা , তোমাৰ প্ৰিয় পত্নী আৰু তোমাৰ চাৰিবছৰীয়া কণমানি জনীক থৈ গুচি আহিলা। বিশ্বাস কৰা তোমাৰ মৃত্যুত তুমি অলপো কষ্ট পোৱা নাছিলা ।। জানা কিয়???
কিয়নো তুমি ১ ছেকেণ্ড সময়ো নাপালা কষ্ট পাবলৈ , লগে লগেই নিশ্বাস এৰি দিলা।। জানা!!তোমাক বচাবলৈহে গৈছিলো , বিশ্বাস কৰা!! কিন্তু তুমি ইমান জেদী যে মোক দেখি মোৰ লগত গুচি
আহিবলৈ জেদ কৰিলা আৰু মইয়ো মোৰ প্ৰতি তোমাৰ ভালপোৱা দেখি তোমাক নিনিয়াকৈ গুচি আহিব নোৱাৰিলোঁ।। অহ: লৈ আনিলোঁ তোমাক মোৰ সৈতে, নাভাবিলো কি হ'ব ইয়াৰ পৰিণতি!!
আহিয়েই তুমি সুধিছিলা " কি হ'ল মোৰ?, ক'ত আছোঁ মই? "
মই কলোঁ " তুমি মোৰ সৈতে আছা "
তুমি ক'লা "তাত এখন গাড়ী সন্মুখৰ পৰা আহি আছিল আৰু!!! আহঃ মোৰ একোৱে মনত পৰা নাই......."
: হয়!!!!!! (বুলি ক'লো মই।)
:তাৰ মানে মই আৰু নাই???
:অহঃ কিন্তু ইয়াৰ বাবে তুমি চিন্তা নকৰিবা । সকলোৱেই এদিন আহিব লাগে এনেকৈ । কোনোবাই মাতৃগৰ্ভত , কোনোবাই শিশুকালত , কোনোবাই ভৰ যৌৱনত আৰু কোনোবাই বৃদ্ধকালত !!!উদ্দেশ্য এটাহে লাগে, এনেদৰে নোহোৱা হৈ যাবলৈ।
তুমি ইফাল সিফাল চাই আছিলা। নতুন ঠাই যিহেতু!! তাত কেৱল তুমি আৰু মই। তুমি আকৌ সুধিলা
: " আপুনি.... ?"
"মোৰ মা , মোৰ পত্নী আৰু মোৰ কণমানি জনী ......???"
"কি হ'ব? সিহঁতৰ মোৰ অবিহনে?? তেওঁলোক এতিয়া ঠিকেই আছেনে??"
মই ক'লো ,"আহঃ ইমানবোৰ প্ৰশ্ন একেলগে!!! ধৈৰ্য ধৰা।। আৰু কোৱাচোন তোমাৰ একোৱে মনত নাইনে??
: "নাই!! মোৰ একোৱে মনত পৰা নাই। কিয় আনিছে মোক আপুনি ইয়ালৈ??"
সঁচাকৈয়ে নে!!! মই আনিলো তোমাক?? শুনা মই তাত তোমাক অনাৰ উদ্দেশ্যে যোৱা নাছিলোঁ, মই গৈছিলো তোমাক বচাবলৈ। কিন্তু; তোমাৰ দেহটোৱে আৰু যুঁজিবলৈ বিচৰা নাছিল, বৰ বেয়াকৈ ভাগৰি পৰিছিল । জানা!!!
কি হ'ল ?? তুমি কান্দিছা যে???
: "মই আকৌ যাব বিচাৰো তেওঁলোকৰ কাষলৈ।।
থাকি গ'ল মোৰ বহু আশা ......
মোৰ বুঢ়ী মাৰ সেৱা কৰাৰ আশা!!
মাৰ হাতেৰে দুগৰাহ ভাত খোৱাৰ আশা!!
মাৰ আচলেৰে মুখ মূচাৰ আশা!!!
থাকি গ'ল তাইৰ সৈতে ক'বলগীয়া বহু কথা
থাকিগ'ল তাইক
(তোমাক ৰঙা শাৰী পিন্ধিলে বহুত ধুনীয়া লাগে ।। আই লাভ ইও বুলি ক'বলৈ)
থাকি গ'ল অগ্নিক সাক্ষী ৰাখি তাইক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণৰ আশা!!
থাকি গ'ল মোৰ কণমানি জনীক প্ৰথমবাৰৰ বাবে স্কুলত লৈ যোৱাৰ আশা!!!
থাকি গ'ল মোৰ কণমানি জনীৰ মুখৰ পৰা (তেউতা)দেউতা বুলি শুনাৰ আশা!!!
আৰু মানুহে কয় " দুখ পালে আশাবোৰ মৰহি যায়"
কিন্তু; মই কওঁ ... আশাবোৰ কেতিয়াও মৰহি নাযায় .....আশা বোৰ আশা হৈয়েই থাকে সদায়!!!
শেষত মোৰ এটাই আশা যে সকলোৰে আশাবোৰে যেন পূৰ্ণতা লাভ কৰে!!!!
🖋️দীপা মণ্ডল
বিভাগ : অর্থনীতি
জিলা :হোজাই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ