এটা নিশাৰ এটা সপোন

©Admin
0
খিৰিকীৰ ফাঁকেৰে সোমাই অহা
হিমচেঁচা বতাহ জাকে
শুই পৰা ৰাতিটোত 
মোৰ সৰ্বশৰীৰ চুই যাই সংগোপনে।

হঠাৎ, এটা সপোনৰ স'তে
মোৰ কথোপকথন
সপোনত স্বৰ্গৰ অপশ্বৰা নহয়,
এই বাৰ শংকৰ দেৱ আহিছে।

তেওঁ মোৰ কাষতে বহিছে
তেওঁৰ সুবাসত এনে লাগিছে যেন
এপাহি পাৰিজাতৰ গোন্ধত 
মই  বিহ্বল প্ৰেমিক হৈ পৰিম।

তেওঁৰ চকুদুটাৰ দু-কাষ ক'লা পৰিছে
কিবা যেন অসহনীয় চিন্তাই  তেওঁক জ্বলাই মাৰিছে।
তেওঁ বাৰে বাৰে লুটিয়াই  গৈছে কীৰ্তনৰ পৃষ্ঠাবোৰ…
আৰু নিজকে প্ৰশ্ন কৰিছে
"ক'ত ভুল হ'ল মোৰ?"

তেওঁ বাৰে বাৰে আওৰাইছে 
দুই এটা বৰগীত।
এনে লাগিছে যেন
জিকিৰ আৰু জাৰীৰ সংমিশ্ৰণ ঘটিছে।
তেন্তে, কিয়!
ছিগো ছিগো সমন্বয়ৰ জৰী।

তেওঁটো কোৱা নাছিল
তুমি হিন্দু,তোমাৰ তেজৰ ৰং ক'লা।
তেওঁটো ভৱা নাছিল
ধৰ্মৰ নামত অধৰ্মই গ্ৰাস কৰিব বুলি…

চৌ-দিশে এতিয়া বিদ্ৰোহ
ধৰ্মক লৈ হিংসুক হৈ 
মানুহে মানুহৰ ডিঙিত জঁপিয়াই পৰিছে।
ধৰ্মক লৈয়েই এতিয়া জ্বলি উঠিছে
মানুহৰ বুকুৱে বুকুৱে একুৰা বিভেদৰ জুই।

যিদিনা ৰুদ্ধ হ'ব মানুহৰ ওঁঠৰ ভাষা
যিদিনা বেসুৰা হ'ব 
নামঘৰৰ দবা কাঁহৰ শব্দ
ধূপৰ সলনি বিয়পি পৰিব কেঁচা তেজৰ গোন্ধ।
যিদিনা মানৱতাৰ নামত একো নাথাকিব
সিদিনা মোৰ সপোনত নহয়,
বোধহয় তেওঁ যেন
আপোনাৰ বাস্তৱতো আহিব ।।

দাদুমণি বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)