মানুহে মানুহৰ বাবে-০১

©Admin
0
হোমিভাবা বিল্ডিংৰ  প্ৰথম মহলাত  ৰিচেপচন কাউন্টাৰ বোৰ । ৰেজিষ্ট্ৰেছন  কৰাৰ পৰা ৰিলিজ  লেটাৰ লোৱা লৈকে গোটেই কামবোৰ  তাতেই  হয় । বেলেগ বেলেগ  কাউন্টাৰত  বেলেগ বেলেগ  কাম হৈ থাকে ।
     মুখত  চিন্তাৰ  চাপ লৈ অজস্ৰ মানুহ ব্যস্ত  ভাবে অহা-যোৱা  কৰি থাকে । পৃথিৱীৰ  সমস্ত  দুখ  বেদনা থূপ খাই  থকা যেন লাগে তেওঁলোকৰ  মুখত  ।                        

     কোনোবাই  যদি ৰেজিষ্ট্ৰেছনৰ বাবে কম্পিউটাৰৰ সন্মুখত  ঠিয় হৈছে ,আন কোনোবাই  হয়তো  ৰেজিষ্ট্ৰেছন  একটিভ  কৰিবৰ বাবে  কাউন্টাৰৰ সন্মুখত  শাৰী পাতিছে ।  ই-কাৰ্ড  ইচু, ৰিপৰ্ট  ডেলিভাৰী  , চেক্ কাউন্টাৰ,  ৰিইম্বাৰচমেনট  কাউন্টাৰ,  ৰেলৱে  কনছেচন  কাউন্টাৰ  প্ৰতিটোৰ সন্মুখতে মানুহৰ  ভিৰ  ,কিন্তু  ভাল লগা  কথাটো  হ'ল হেচা ঠেলা নাই  ।প্ৰতিটো  কাউন্টাৰতে  মানুহ বোৰে  শাৰী পাতি  ঠিয় হৈছে  আৰু  নিজৰ  সময় অহালৈ অপেক্ষা কৰিছে । ইয়াত  নিয়ম  ভঙাৰ নিয়ম  নাই  । দেশৰ বিভিন্ন  ঠাইৰ  মানুহ । বাহিৰৰ পৰাও  আহে ।কোনেও কাৰো  ভাষা  বুজি  নাপায়  । কিন্তু  কোনেও  কাৰো  অসুবিধা নোহোৱাকৈ  শাৰী  পাতি  ঠিয় হৈছে  ।মিলিজুলি  কাম কৰিছে । কোনোবাই  যদি  লৰালৰি  কোবত  কাউন্টাৰত কিবা  এটা  এৰি থৈ  গৈছে,  অন্য  এজনে  হেল্ল ' বুলি  চিঞৰ  মাৰি  থাকি যোৱা  বস্তুটো আগবঢ়াই  দিছে  । আনজনে মুখত কৃতজ্ঞতাৰে হাঁহি  অকণ ফুটাই  আতঁৰি  গৈছে  ।
     এইবোৰ  এদিনৰ  বা ক্ষন্তেকিয়া  দৃশ্য  নহয় । গতানুগতিক  ভাবে প্ৰতিনিয়ত  ঘটি আছে  ।পুৱা  আঠ বজাৰ পৰা গধূলি পাঁচ বজালৈ একেই ভিৰ , একেই কাম ।
     ৰিচেপচন  কাউন্টাৰৰ সন্মুখৰ মুকলি  ঠাইত  শাৰী শাৰীকৈ  ষ্টীলৰ চেয়াৰ  সজাই  থোৱা  আছে  । ভাগৰুৱা  সকলে তাতে  বহি জিৰণি  লোৱাৰ সুবিধা  আছে  । ব্লাড  টেষ্ট  কৰিছে  ,ৰিপৰ্ট  পালেই ডাক্তৰক  লগ কৰিব  , সেই সকলেও  তাতে বহি  আকাশ  পাতাল  ভাবি  থাকে । হিমগ্লবিন  বাঢ়িছেনে  কমিছে  ,  পেলেটিলেট  কমিছে  নেকি  ? ডব্লিউ  বি চি যোৱা  বাৰ বহুত  কম আছিল    এইবাৰ   বা  কি  হয়  ।  পেলেটিলেট  কমিলে  আকৌ  কেম' নহব । আকৌ তাৰিখ  দিব ।মূৰে কপালে  হাত দি  মানুহবোৰে  সেইবোৰকে  ভাবি  থাকে ।
     ভয়ংকৰ  শত্ৰুৰ  আক্ৰমণত বিধ্বস্ত  হৈছে  কাৰোবাৰ একমাত্ৰ  সন্তান  , কাৰোবাৰ  স্বামী,  কাৰোবাৰ  পত্নী  ,কাৰোবাৰ মাতৃ , কাৰোবাৰ  পিতৃ ।এই মহা শত্ৰুৱে  কাকো এৰি দিয়া  নাই  । এমহীয়া কেচুৱাৰ পৰা  আশী  বছৰীয়া  বৃদ্ধলৈকে কোনো হাৰি  যোৱা  নাই  এই শত্ৰুৰ  কবলৰ পৰা  ।
     টাটা মেমৰিয়েল  হস্পিটেলত ৰামানুজৰ পাঁচ মাহ হ'ল । পত্নীৰ  চিকিৎসাৰ  বাবে  সি ইয়াত আছেহি । তাৰ নিজকে  কেতিয়াবা  গজেন্দ্ৰ  উপাখ্যানৰ  হাতীটোৰ লগত তুলনা  কৰিবলৈ  ইচ্ছা  হয় । ঘঁৰিয়ালৰ আক্ৰমণত লাহে লাহে  নিস্তেজ  হৈ পৰা গজেন্দ্ৰ ই   অৱশেষত আশ্ৰয় লৈছিল  ভগৱান  বিষ্ণুৰ  । ঘঁৰিয়ালক  বধ কৰি  বিষ্ণুৱে গজেন্দ্ৰ ক উদ্ধাৰ  কৰিছিল  । দিপ্তীৰ বেদনা   জৰ্জৰিত  মুখ খনলৈ  চাই চাই  ৰামানুজে ভাবে  , সিহঁতৰ  অৱস্হা  এতিয়া  গ্ৰাসৰ  কবলত  পৰা  গজেন্দ্ৰতকৈ  কোনো  গুণে ভাল  নহয় । টাটা  হস্পিটেলেই এতিয়া  সিহঁতৰ  শেষ আশ্ৰয় । টাটা  হস্পিটেলৰ  ডাক্তৰ  সকলেই এতিয়া  সিহঁতৰ  বাবে  বিষ্ণু  ।
আগলৈ •••

📝ভৰত ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)