হৈ গৈছিল ৷
জনবিশ্বাস মতে সেই সময়ত নুমলীগড় চাহ বাগিছাত যদি কাৰোবাৰ ঘৰত বিয়া , সকাম আদি পাতিলে অনুষ্ঠানৰ আগদিনাখন চাকি ধূপ আৰু তামোল পাণ এযোৰা লৈ পিঠালি পুখুৰীত গৈ সাতভনীক নিমন্ত্ৰণ জনাইছিল গৃহস্থই ৷ সাতভনী এই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সোণৰ বাচন বৰ্তন, সোণৰ মুদ্ৰা আদি পুখুৰীৰ পাৰত থৈ দিছিল ৰাতিপুৱা গৃহস্থই গৈ সামগ্ৰীখিনি লৈ আহিছিল আৰু অনুষ্ঠান শেষ হোৱাৰ পাছত পুনৰ সামগ্ৰীখিনি নি পুখুৰীৰ পাৰত থৈ
আহিছিল ৷ কবলৈ গ'লে কাম হোৱা পাছত উভটই দিয়া এক নীতি আছিল ।কিন্তু কয় নহয় মানুহতকৈ সন্ত কোনো নাই আৰু মানুহতকৈ দুৰ্দান্ত কোনো নাই ।এদিনাখনৰ কথা জগত ওৰাং নামৰ মানুহ এজনে সোণৰ সামগ্ৰী সকামত নি উভটাই নিদিলে ৷ জগতে সোণৰ লোভত সাতভনীৰ সামগ্ৰী উভটাই নিদিয়াৰ ফলাফল ভুগিবলগীয়া হ'ল ৷ স্থানীয় ৰাইজৰ মতে জগতৰ গোটেই বংশ সাতভনীৰ প্ৰকোপত পৰি শেষ হৈ
গ"ল ৷ তেতিয়াৰ পৰাই সেই স্থান ত্যাগ কৰি অন্য কোনোবা স্থান লৈ গুচি গ'ল ৷ এইয়া আছিল পিঠালি পুখুৰীৰ সোণৰ কলহৰ কাহিনী ৷
বৰ্তমান পিঠালি পুখুৰীৰ মূল অংশ হাবি বনেৰে ঢাক খাই আছে ৷ চান্দমণি নামৰ মহিলা পুজাৰী গৰাকীয়ে সৰুৰেপৰাই পিঠালি পুখুৰীত পুজা অৰ্চনা কৰি আছে আৰু বৰ্তমান তেখেতৰ বয়স পঞ্চাশ বছৰ মান হৈছে ৷
এই কিছু বছৰৰ আগৰ কথা নুমলীগড় পঞ্চায়তৰ বৰ্তমান সভাপতি শ্ৰী অনন্ত কছাৰী দেৱে নিৰ্বাচনৰ আগতে পিঠালি পুখুৰীত পুজাভাগ আগবঢ়োৱাৰ ফলত তেওঁ নিৰ্বাচনীত জয়ী হৈছে বুলি নুমলীগড় চাহবাগিছাৰ নিবাসী শ্ৰীযুত লালা চিকাই ব্যক্ত কৰে ৷ এতিয়া প্ৰশ্ন হ'ল আজিৰ দিনত কি সচাকৈয়ে এনেকুৱা ধৰণৰ দিব্য ঠাই আছে ? কি সঁচাকৈয়ে পিঠালি পুখুৰীত পুজা কৰিলে মনোবাঞ্ছা পুৰ্ণ হয় এয়া এক জটিল কথা ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ