জতুৱাঠাঁচ

0

পৃথিৱীৰ সকলো ভাষাত কিছুমান বিশেষ শব্দ সমষ্টি ব্যুৎপত্তিগত অৰ্থ প্ৰকাশ নকৰি এক বেলেগ অৰ্থ প্ৰকাশ কৰে। এনে ধৰণৰ বাক্য বোৰক জতুৱাঠাঁচ বা  বাক্যবিধি বা খণ্ডবাক্য বুলি কোৱা হয়। গতিকে জতুৱাঠাঁচত ভাষা একোটাৰ মূল কালিকা শক্তি লুকাই থাকে , সেই শক্তিৰ উমান আন ভাষা-ভাষী লোকে সহজে পাব নোৱাৰে। এনে জতুৱা ঠাঁচ বোৰেই একোটা ভাষাক স্বকীয় ৰূপত প্ৰতিষ্ঠা কৰে। অন্যহাতে ভাষাটোক শুৱলা আৰু চহকীও কৰে। কেতিয়াবা একোটা শব্দই অন্যশব্দ বা ক্ৰিয়াৰ সহযোগত বাক্যৰ বিশেষ শব্দ প্ৰকাশ কৰে। জতুৱাঠাঁচৰ প্ৰকৃত আৰু শুদ্ধ জ্ঞান অবিহনে ছাত্ৰ-ছাত্ৰীৰ ভাষা কেতিয়াও শুৱলা নহ’ব । সেয়ে প্ৰতি জন ছাত্র-ছাত্ৰীয়ে জতুৱাঠাঁচ বোৰ আয়ত্ত কৰি সেইবোৰ কথা বতৰা ক্ষেত্ৰত প্ৰয়োগ আৰু লিখমেলাত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে। 

           এতিয়া মন দিয়াচোন, জতুৱাঠাঁচ আচল অৰ্থ আৰু অভিধানিক অৰ্থ প্ৰকাশ কৰাৰ পৰিবৰ্তে আন একোটা অৰ্থহে প্ৰকাশ কৰে। যেনে: কপালফুটা এই জতুৱা বাক্যাংশই কাৰোবাৰ কপালখন কিহবাৰে ফুটা হোৱাৰ কথাটো নুবুজায়; কিন্তু বাক্যাংশটোৰ প্ৰতিপাদ্য অৰ্থ হ’ল কাৰোবাৰ  দুৰ্ভাগ্য উপস্থিত হোৱা। এনে ধৰণৰ প্ৰায় তিনিহাজাৰ জতুৱাঠাঁচ আমাৰ অসমীয়া ভাষাত মজুত আছে। 

         তলত নিদৰ্শন স্বৰূপে জতুৱাঠাঁচৰ কিছুমান খণ্ড বাক্যৰ সৈতে প্ৰয়োগ কৰি দেখুওৱা হ’ল –

১/ অমাতৰ মাত: (শুৱলামাত) অমাতৰ মাত আৰু অকালৰ ভাত কোনেও পাহৰিব নোৱাৰে। 

২/ অথাই সাগৰ: (ডাঙৰ বিপদ)  লকডাউনৰ ফলত কোম্পানীটো বন্ধ হৈ যোৱাত মানুহ জনৰ চাকৰিটো গ’ল, ফলত মানুহ জন অথাই সাগৰত পৰিল।

৩/আকাশত চাং পতা: (অলীক কল্পনা) আকাশত চাং পাতি ফুৰা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে

৪/ খাই পাত ফলা: (অকৃতজ্ঞ) খাই পাত ফলা মানুহক সহায় কৰা উচিত নহয়।

৫/ধোদৰ পচলা : (অকামিলা) ধোদৰপচল মানুহে জীৱনত উন্নতি লাভ কৰা টান।

৬/ ফৰিং ফুটা: ( উজ্জ্বল পোহৰ থকা) এনে ফৰিংফুটা জোনাক ৰাতি নৈৰ তীৰত ফুৰিবলৈ ভাল।

৭/ বগলী ভকত : (বাহিৰত সৎ ভিতৰি অসৎ) গাঁওখনৰ ভিতৰত তেঁৱেই বগলী ভকত, সকলো অপকৰ্ম তেঁৱেই কৰি ফুৰে।

৮/ সাতবিহুৰ সৈয়া কণী : (অশেষ ঠেকা খাই টেঙৰ হোৱা মানুহ) উজ্জ্বলক ঠগিব নোৱাৰা গাঁও খনৰ ভিতৰত সিয়েই সাত বিহুৰ সৈয়াকণী।

৯/ হিয়াৰ আমঠু : (প্ৰিয়তম লোক) একমাত্ৰ পুতেকটো মাক-বাপেকৰ হিয়াৰ আমঠু , নয়নৰ মণি।

১০/ শালৰ মাজত শিঙি : (মিলিব নোৱাৰা) শালৰ মাজত শিঙি হৈ তহঁতৰ মাজত থাকিবলৈ মোৰ ইচ্ছা নাই।

           এনে ধৰণে প্ৰয়োগ কৰা জতুৱা ঠাঁচে ছাত্ৰ-ছাত্ৰীৰ ভাষা চৰ্চাৰ লগতেসাহিত্য, গল্প, প্ৰবন্ধ, কবিতা  আদিত সহায়ক হ’ব বুলি ন-দি কব পাৰি ।


🖋️সমীৰণ কুমাৰ দাস

অধ্যক্ষ, কনক চন্দ্ৰ জাতীয় বিদ্যালয়

লেকাই,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)