মমতা

©Admin
0
মই মেজিক খনৰ পিছ ফালৰ সোঁ-পক্ষত অৱস্থিত তিনি-আসনযুক্ত ছিট এটাত যথা নিযুক্তোহস্মি তথা কৰোমি হৈ বহি আছোঁ, উত্তল লেন্সৰ দৰে পোহৰৰ ৰেঙণি পৰা দৃশ্যবোৰৰ স'তে উপভোগ্য সৃষ্টিৰ উৎসত। তেনেতে ভ্ৰাম্যমান হৈ থকা বাহন খনৰ চালকে ব্ৰেক মাৰি গাড়ী খনৰ দ্ৰুতিক প্ৰত্যাহ্বান জনালে। চিপ-চিপিয়া বৰষুণ জাকৰ উদেশ্য যেন অপ্ৰতিৰোধ্য; সপ্তাহ-জোৰা হৰতালৰ ইংগিত! তিনিআলিটোৰ ইটো পাৰে এগৰাকী মা'ৰ সৈতে প্ৰায় ১৫-১৬ বছৰীয়া কিশোৰী এজনীৰ সংগী; কথা-বতৰা আদান-প্ৰদান কৰাৰ আচৰণ চাই জী-মা'ক হয় বুলি মই খাটাং হ'লো। মা'জনীয়ে আমাৰ গাড়ী খন ৩০° পৰা ৯০° কোণ কৰি হাত মেলি ৰখাবলৈ সংকেত দিছে; কোন পাকত জীয়ৰী জনীৰ হাত তেখেতৰ হাতৰ পৰা এৰাল এৰি ১০ ফুটীয়া দূৰত্বত অৱস্থান কৰিলে সেয়া গাড়ীত উঠিবলৈ লোৱাৰ অনুপল ক্ষণত হে সজাগতাৰ বিন্দু গৈ মগজুৰ কেন্দ্ৰ স্থানত অৱস্থান কৰিলে। হঠাতে যেন সৰগ খন সৰি পৰিল! পাৰ্যমানে খোজৰ দ্ৰুতি নিউটনৰ গতি বিষয়ক কেউটি সূত্ৰ বিনিয়োগ কৰি বিপৰীত দিশৰ পৰা অহা গাড়ী খনৰ কেইগজ আঁতৰৰ পৰা নিজ জী'ক উদ্ধাৰ! ক্ষন্তেক ক্ষণৰ ভটিয়নীত কিশোৰী জনীৰ চকুত স্পষ্ট হোৱা ভয়াৰ্ত জীৱনৰ মোহ আপুনি চাক্ষুস সাক্ষী হোৱা হেঁতেন হে চাগে ভালকৈ বোধগম্য হ'ল হেঁতেন! 

    মই তেনেকুৱা এটি অৱস্থাৰ মাতৃ মমতাৰ চিঠি খনত চিয়াঁহী বুলাবলৈ পাই  অনাখৰী, অতিন্দ্ৰিয়বাদী সুখ বাৰুকৈয়ে পান কৰিছোঁ! মাতৃ যে মমতাৰ সমাৰ্থক শব্দ বুলি পতিয়ন যাবলৈ মই বাধ্য হৈ পৰিলোঁ! 

(বি:দ্ৰ:গল্পৰ চলেৰে)

                        

📝হোমেন গগৈ 

সোণাৰি মহাবিদ্যালয়, ধুনীয়াপথাৰ 

চৰাইদেউ জিলা

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)