মই বালিমাহী

©Admin
0
উদং আকাশৰ মজিয়াত
এমুঠি পোহৰৰ হাবিয়াস লৈ
মই বালিমাহী

তইয়েই প্ৰাপ্তি মোৰ শিৰোনামত
তোৰ অস্তিত্বৰ তাগিদাতত
আশাৰ এজোলোঙা নীলা
নিতৌ সিঁচি দিওঁ চৌপাশে

উগ্ৰ বেলিৰ তপত চাহিদাবোৰ
নেধলিবা,
মই সামান্য বালিমাহী
তোৰ বুকুত বাঁহ সজা
নিঃকিন পক্ষী
ডেউকা খনে কষ্ট পায়
শিল হৈ যায়

কুটা কঢ়িয়াও এডাল এডালকৈ
পাক দিওঁ আতোমটোুকাৰীকৈ
তোৰ বাবে মোৰ বাবে
জানো তই আহিবি
বহুত সেউজীয়া ৰং কঢ়িয়াই

মেঘমল্লাক সুহুৰিয়া মাতিম তেতিয়াই
এটুপাল বৰষুণত
পিয়াহ পলুৱাই
তোক চিঞৰি ক'ম
ঐ বালিমাহী
মই যে তোৰ বালিমাহী ।

📝ববিতা শইকীয়া
    দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)