নাৰী শক্তি

©Admin
0
                                
                                                                                 ৰাতিপুৱাৰ পৰা চৌধুৰীৰ পৰিয়ালত মানুহৰ ভিৰ , কাৰণ একমাত্ৰ ছোৱালী ভাৰতীয় সেনা বাহিনীৰ কৰ্ণেল পদত চাকৰি কৰা ৰিমা ডেৰ বছৰৰ মুৰত ঘৰলৈ আহিব , সেয়ে মাকে জীয়েক অহাৰ আনন্দতে ঘৰখন ধুনীয়াকৈ সজাই পৰাই থ'বলৈ ঘৰৰ লগুৱা জনক আদেশ দিছে । দেউতাকক তাই খায় ভাল পোৱা মিঠাই আনিব দিছে , লগতে ওচৰৰ ৰমেশক কৈ পুখুৰীৰ  পৰা তাই ভালপোৱা কাৱৈ মাছকেইটা তুলিব দিলে আৰু নিজেয়ো বাৰীৰ পৰা ভেদাইলতা পাত কেইটামান ছিঙি আনিল । মুঠতে জীয়েকৰ বাবে সকলো যোগাৰ কৰিলেঁ। ইফালে খুৰীয়েক হঁতেওঁ পিঠা- পনা বনোৱাত লাগিল , ইমান দিনৰ মুৰত একমাত্ৰ ভতিজী আহিব ।                               
        ৰিমা ধুবুৰী মধুপুৰ গাওঁৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিৰিঞ্চি চৌধুৰীৰ একমাত্ৰ সন্তান , তেওঁ নিজৰ গাওঁৰ প্ৰাথমিক বিদ্যালয়তে শিক্ষকতা কৰিছিল । ৰিমাক সৰু পৰাই দেশমাতৃৰ প্ৰতি যি ধাৰণা দেউতাক মনত সোমাই দিছিল তাৰ প্ৰতিফল হিচাপেই ৰিমাই ঘৰৰ একমাত্ৰ সন্তান হৈয়ো ঘৰৰ মানুহৰ বাধা নামানি দেশমাতৃৰ নামত জীৱনটো উৎৰ্চগা কৰিবৰ বাবে ৰসায়ন বিজ্ঞানত বি.এচি পাছ কৰি ভাৰতীয় সেনা বাহিনীত ভৰ্তি হয়। পিছলৈ ৰিমাৰ দক্ষতা আৰু সাহসিকতা দেখি তাইক কৰ্ণেল পদত দায়িত্ব দিয়া হয় ।                                             
          এনেতে মাকৰ ফোনটো ৰিং কৰাত মাকে ভিতৰলৈ গৈ দেখে ৰিমাৰ ফোন ,মাকে লগে লগে ফোনটো ৰিচিভ কৰাত সিফালৰ পৰা ভাহিঁ আহে ৰিমাৰ মাত ,    ----                                                     
   - হেল্ল , মা কি কৰিছা                                                 
   -  কি আৰু কৰিম তই আহিবি বুলি ঘৰটোচফা কৰি আছো , পিছে তই কিমান দূৰ পালিহি                                 
   - মা , দেউতা ক'ত কিবা কৰি আছে নেকি ? মই    কথা পাতিব বিচাৰিছিলো মানে                                                     
   - নাই , বজাৰলৈ গ'ল আৰু দেউতাৰক লগত কিয় কথা পাতিব লাগে এতিয়া ঘৰত আহি পাতিবি ।             
 - মা , মোৰ যোৱা নহ'ব , ( ৰিমাই কথাটো কৈয়ে উচুপি উঠিল)                                                           
   - মাজনী কি কৈছ তোৰ অহা নহ'ব মানে                        
  - হয় মা মোৰ যোৱা নহ'ব , লাডাখ সীমান্তত যুদ্ধৰ প্ৰস্ততি চলিছে তাতে মোৰ ওপৰত সকলো দায়িত্ব মই কেনেকৈ যাম কোৱা আৰু মা তুমিটো কৈছিলা মোক দেশৰ প্ৰয়োজন ।       
   - কিন্তু , মাজনী এবাৰ যদি তোক দেখা পালো হয়         
   - সেইটো হয় মোৰো তোমাক আৰু দেউতাক চাব মন গৈছে এবাৰ ( ইফালে ৰিমাৰ কথা সম্পূৰ্ণ নহওঁতে সিফালৰ কোনোবা চিপাহীৰ হিন্দী কণ্ঠস্বৰ শুনা 
গ'ল )                                                               
   - মেডাম জী আপকো প্ৰতাপ ছাৰ বুলাৰেহি হ্যে         
    - মা ফোনটো ৰাখো                                                               
       মাকে ৰিমাৰ মুখত যুদ্ধৰ কথা শুনি কান্দিব ধৰিলে , মাকৰ কন্দা শুনি  খুৰীয়েকে পাকঘৰৰ পৰা দৌৰি আহিল উধাতু খাই  ।                                           
   - বাইদেউ কি হ'ল কিয় কান্দিছে মাজনীৰ কিবা হৈছে নেকি কোনে ফোন কৰিছিল  ( একে উশাহত গোটেই কথা সুধিলেখুৰীয়েকে )                                 
  - বীণা , মাজনী ঘৰলে আহিব নোৱাৰে বোলে , যুদ্ধৰ বাবে (কৈয়ে আৰু কন্দা আৰম্ভ কৰিল )                           
       পিছত ৰিমা আহিব বুলি তাইৰ ঘৰলৈ অহা যোৱা কৰি থকা ওচৰৰ বৰমাক হঁতে আৰু বজাৰ পৰা ঘৰত সোমোৱা দেউতাকে দুইজনীকে সান্তনা দিলে ।                         
  - পূৰ্ণিমা এনেকৈ কান্দি থাকিলে নহ'বটো তাইৰ মংগলৰ বাবে গোসাঁই ঘৰত চাকি জলাব হ'ল বুজিছা , যোৱা উঠা , মোক চোৱা মই কান্দিছো নেকি ?                                                                                   ইফালে লাডাখ সীমান্তত ভাৰতীয় সেনা আৰু চীন সেনাৰ মাজত যুদ্ধ আৰম্ভ হ'ল , চাৰিওঁফালে গুলী , বোমাৰ শব্দ কোনেওঁ কাৰো ফালে চাব সময় নাই মাথোঁ সকলো দেশমাতৃৰ বাবে যুজিঁছে। গোটেই আকাশ ধোৱাঁৰে কলা কৰি পেলাইছে ,প্ৰচণ্ড গুলীয়া- গুলী , বোমা বৰ্ষণ , অাকাশ মাৰ্গেদি ভাৰতীয়  বায়ু সেনাৰ সন্ধান শ্বহীদ সকলৰ মৃতদেহৰ । চীনা সেনাৰ হাতত কৰ্ণেল ৰিমা চৌধুৰীৰ দায়িত্ব থকা গোটেই কেইজন চিপাহীৰ মৃত্যু হোৱা দেখি ৰিমা থমকি নৰ'ল তায়ো এইবাৰ সাজুঁ হ'ল যুদ্ধৰ বাবে তাই প্ৰতিশোধ ল'ব ভাৰতীয় সেনাৰ হত্যাকাৰীৰ ওপৰত । আনফালে কিছুমান সেনাই নিজৰ আঘাত প্ৰাপ্ত সতীৰ্থ সকলক উদ্ধাৰত নামি গ'ল । কৰ্ণেল ৰিমা চৌধুৰীৰ হাতত বিশ জন চীনা সেনা নিহত হ'ল , কিন্তু ইফালে সতীৰ্থ সেনাৰ মৃত্যু হোৱা দেখি এজন চীনা সেনাই কৰ্ণেল ৰিমাৰ উদেশ্য গুলী কৰিলে , গুলীৱে কৰ্ণেল ৰিমাৰ বুকু ভেদি গ'ল তথাপি তাই নিজৰ আঘাতক গুৰুত্ব নিদি তাইক গুলীয়াই পলাই যাবলৈ বিচৰা দুজন চীনা সেনাক  ভৰিত গুলীয়াই জীবন্তে বন্দী বনালে । তাৰ পিছত তাই চিঞৰিব ধৰিলে আমাৰ জয় হ'ল মা আৰু কোনোমতে থিয় হৈ ভাৰতৰ পতকাখন সীমান্তৰ মাটিত পুতি " ভাৰত মাতা কি জয় , বন্দে মাতৰম '' কৈ মাটিত ঢলি পৰিল ।                                               
         কৰ্ণেল ৰিমা চৌধুৰীৰ আত্মবলিদানক সকলো    ভাৰতীয় সেনাই প্ৰণাম জনালেঁ । যুদ্ধৰ অন্তত নিহত সৈনিক সকলক শ্ৰদ্ধঞ্জলী জনালেঁ দেশৰ প্ৰধান মন্ত্ৰীয়ে আনফালে কৰ্ণেল ৰিমা চৌধুৰীৰ নশ্বৰদেহ প্ৰধান মন্ত্ৰীয়ে নিজেই দাঙি আনিলে শ্বহীদ সকলক কঢ়িৱা গাড়ীৰ পৰা , তাৰ পিছত সকলোকে ক'লে আপোনালোক কৰ্ণেল ৰিমা চৌধুৰীৰ দৰে সাহসী হওঁক , আজি চাওঁক আপোনালোকে, এই নাৰী শক্তিৰ বাবে আজি আমি বিজয়ী হ'লো। তাৰ পিছত ভাষণৰ অন্তত ৰিমাৰ নশ্বৰ দেহত ফুল অৰ্পন কৰি অমৰ হোৱাৰ জয় ধব্বনি দিয়ে আৰু কৰ্ণেল ৰিমা চৌধুৰীৰ নামত প্ৰতি গৰাকী সাহসী লোকক তাইৰ নামত  বটাঁ দিয়াৰ কথা ঘোষণা কৰে।                                             ইফালে টিভি ৰ বাতৰিত ভাৰতীয় সেনাৰ কৰ্ণেল ৰিমা চৌধুৰীৰ মৃত্যুৰ বাতৰি পায় গোটেই গাওঁতে কন্দা- কতা আৰম্ভ হয় ।  কৰ্ণেল ৰিমা চৌধুৰী নশ্বৰদেহ নিজ গাওঁ মধুপুৰ পোৱাৰ লগে গাওঁৰ ঘৰত কান্দোনৰ ৰোল উঠিল , একমাত্ৰ জীয়ৰীৰ মৃতদেহ দেখি মাকে কিবা ক'ব বিচাৰিয়ো ক'ব নোৱাৰিলে মাথোঁ জীয়েকৰ মুখখন হাত দিয়ে মূচ্চা যায়  আৰু সিফালে দেউতাকৰ অৱস্থা একে তথাপি ধৈয্য ধৰি থাকিল কাৰণ তাইক সাহস দিয়া দেউতাকেই যদি ভাগৰি পৰে তেনেহ'লে তাইৰ আত্মাই শান্তি নাপাব ।                                                 
                  তাৰ পিছত কৰ্ণেল ৰিমা চৌধুৰীৰনশ্বৰদেহ        গোটেই ধুবুৰী জিলাৰ অফিচ-স্কুল- কলেজ সকলোতে শ্ৰদ্ধাঞ্জলি জনোৱা হোৱাত দেউতাকৰ আৰু গাওঁৰ মানুহৰ অনুৰোধ মৰ্মে নিজে পঢ়া ধুবুৰী ছোৱালী কলেজত  সৎকাৰ কৰে গৃহ জিলাৰ মন্ত্ৰী আৰক্ষী বিষয়া সকলৰ উপস্থিতিত তিনি জাইঁ গুলী ফুটোৱাই ।  নিজৰ কলেজত সৎকাৰ কৰা উদেশ্য হ'ল কলেজৰ সকলো ছাত্ৰ-ছাত্ৰীকে যাতে শিক্ষকে তাইৰ সমাধি দেখুৱাই তাইৰ দৰে সাহসী হ'বৰ শিক্ষা দিয়ে ।তাৰ পিছত তাত উপস্থিত সকলোৱে একেলগে চিঞৰি কয় কৰ্ণেল ৰিমা চৌধুৰী অমৰ হওঁক । লগতে কৰ্ণেল ৰিমা চৌধুৰীৰ স্মৃতিত নামত প্ৰতি বাৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক বটাঁ দিয়াৰ ব্যৱস্থা কৰে জিলাৰ গৃহমন্ত্ৰী ৰমেশ চৌধুৰীয়ে ।                                                                        
                 কৰ্ণেল ৰিমা চৌধুৰী  নশ্বৰদেহ পঞ্চভূতত বিলীন হ'ল কিন্তু সমগ্ৰ দেশতে তাইৰ সাহসীকতাৰ নাম থাকি গ'ল  । আজিও কৰ্ণেল ৰিমা চৌধুৰীৰ নাম  সোৱঁৰি উচুপি উঠে তাইৰ গৃহ চহৰ ।                         
   

📝ৰিংকী মণি নাথ  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)