পৰকীয়া প্ৰেমৰ পৰিণতি

©Admin
0
গেলামাল দোকানী ৰফিজুলে কিবা এটা পাৰিবাৰিক কামত এসপ্তাহৰ বাবে গুৱাহাটীলৈ গৈছিল। উভতি অহাৰ পিছদিনাই পত্নীৰ মোবাইলটো লৈ দোকানত বহিল আৰু তেওঁৰ ঘৈণীয়েকে গম নোপোৱাকৈ অন কৰি যোৱা অট' ৰেকৰ্ডিঙৰ ফল্ডাৰটো উলিয়াই ৰেকৰ্ডিঙবোৰ এটা এটাকৈ শুনিলে । সন্দেহ কেতিয়াবাই উপজিছিল কিন্তু  আজি সি নিশ্চিত হ'ল। খং-ৰাগ সকলো দমন কৰি হাতে-লোটে ধৰিবলৈ থিৰাং কৰিলে। পিছবেলা দোকানখন বন্ধ কৰি তেওঁ প্ৰায়ে ইফালে-সিফালে ওলায় যায় আৰু ৰাতিকৈ ঘুৰি আহে। এদিন হঠাত তেওঁ সন্ধিয়া ৭ মান বজাত ঘৰত উপস্থিত হ'ল কেইজনমান বন্ধুৰ লগত । বিশ্বাসঘাতক ঘৈণীয়েকৰ উপায় নোহোৱা হ'ল, কি কৰিব কি নকৰিব ভাবিয়ে নাপালে। অৱশেষত আলনাৰ চেপৰ পৰা ল'ৰাজনক ধৰি বান্ধি উলিয়াই চোতাল পাওঁতে সকলোৰে মুখৰ মাত সৰিল। বন্ধু তথা ভাতৃসম সম্বন্ধীয় চাচাৰ পিতেক মুনৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবেই ঘৰৰ সকলোৰে সন্মতিত নিকাহ কৰোৱা ঘৈণীয়েকক সি তালাক দিবলৈ বাধ্য হ'ল। আম্মাজানৰ পৰকীয়া প্ৰেমৰ পৰিণতিত  ৩ বছৰীয়া কণমানি চুফীয়াই এতিয়াও আব্বজানক বিচাৰি হাহাকাৰ কৰি ফুৰে ।

📝টোলন তছা
জখলাবন্ধা,নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)