এজাক বৰষুণৰ অপেক্ষাত -১১

Rinku Rajowar
0
__________ চাও এৰি দিয়ক হাত খন দুখ পাইছো। তেওঁৰ চকুলৈ চাবলৈ মোৰ সাহস হোৱা নাই। হাত খন আৰু টান কৈহে ধৰিছে। 
__________ দেৰি হৈছে মোৰ,,,,,,
প্ৰান্তিক________ মোৰ ফালে চোৱা।
তেওঁ মোৰ কথাবোৰ একো গুৰুত্ব দিয়া নাই। কেৱল নিজৰ টো কিছে।
_________ উহু।
তেওঁলৈ চাবলৈ লাজ লাগিছে মোৰ তাতে ইমান ওচৰত।
প্ৰান্তিক________  look at me!  I have something to say?
________ hm... 
তেওঁ কি কৱ মই গম পাইছো যদিও ভয় লাগিছে আজি।
প্ৰান্তিক_______ চোৱা
________ কওঁক ।
তেওঁলৈ চালো। তেওঁ মোতকৈ ওখ আজি হে ভাল কৈ ধৰিব পাৰিছো। সেইকাৰণে মই অলপ ওপৰলৈ চাব লগা হৈছে। আগতে এনেকৈ তেওঁৰ চকুত চকু থৈ কথা পাতি পোৱা নাই।
মোৰ লৈ একে থৰে চাই আছে। মুখ খন তেওঁৰ বৰষুণে ধুৱাই পেলাইছে।
________ কওঁক কি কথা?
অলপ কৈ হাঁহি এটা মাৰি দিছে।
প্ৰান্তিক________ তুমি বেয়া নোপোৱা টো 
কথা বোৰ আগত কৈ আজি বেলেগ কৈ কৈছে। মাত টো গহীন।
_______ নাপাওঁ।
তেতিয়া লৈকে মোৰ হাত খন তেওঁৰ হাততে আছে।
প্ৰান্তিক_______ শুনা,,,, ওচৰলৈ চাপি আহিছে অলপ। I fell in love with You. Miss Jiya Boruah. I love You. .
একেবাৰে  কাণৰ ওচৰত আহি কথা কেইটা সৰু সৰু কৈ কৈছে। গাৰ নোমবোৰ মোৰ শিয়ঁৰি উঠিছে।বুকুত উশাহ টো খুব ঘন হৈ গৈছে। কি কম মই ভাবো পোৱা নাই 
________ hm ।
থৰ লাগি ৰৈ আছো। 
প্ৰান্তিক________ কি হল মূৰ্তিটোৰ নিচিনাকৈ ৰৈ আছা যে। মই তোমাক ভাল পাওঁ জীয়া। তোমাক বহুত দিনৰ পৰা কম কম ভাবি আছিলো কিন্তু মই কব পৰা নাছিলোঁ। তাতে তোমাৰ পৰীক্ষাৰ আগত এইখিনি কৈ তোমাক disturb দিব বিচৰা নাছিলো। 
________ হমম্্্নাই একো নাই মই যাওঁ।
প্ৰান্তিক_________ নোৱাৰা যাব। হাত খনত ধৰি য়েই আছে।
________ মই যাওঁ মোৰ দেৰি হৈছে মই আপোনাক ভাল নাপাওঁ।।কথা কেইটা কৈ কৈ কান্দি পেলালো।
প্ৰান্তিক______ hm,,,,, যোৱা 
তেওঁ হাত খন লাহেকৈ এৰি দিলে।
হে প্ৰভু এইয়া মই কি কৰি পেলালো ।    তেওঁক কথাটো ইমান খঙত কলোঁ। দৌৰি গুছি আহিলো। এবাৰো ঘূৰি চোৱা নাই পাছলৈ। ঘৰৰ গেট খন খুলিব লৈছো ।তেতিয়া লৈকে গাড়ীৰ লাইট কেইটা জ্বলিয়েই আছে। তেওঁ যোৱা নাই। বেয়া লাগিছে। মই কি কৰি পেলালো। হয়টো তেওঁ বেয়া পালে। মেচেজ কৰি কৈ দিম পাছত ভাল কৈ।
_______ আহিলি বৰষুণত তিতিলি নেকি? যা সোনকালে কাপোৰ বোৰ সলাই লগৈ।
মা বাহিৰৰ ৰুম টোতে বহি আছিল ।মাৰ কথাত মই একো নকলোঁ। ভিতৰলৈ সোমাই আহিলো। 
কিয় মই প্ৰান্তিক দাক ভাল নাপাওঁ বুলি কলো। মোৰোটো তেওঁক ভাল লাগে।। কান্দি আছো যিমান পাৰো। কিয় মই মোৰ ভাল লগা মানুহ জনক আজি hurt কৰিলো। বাহিৰলৈ ওলাই এবাৰ চালো তেওঁ গল নে নাই। 
_______গ"ল! ৫.৩০ বাজিছে অলপ পাছত তেওঁলৈ ফোন এটা কৰিম। এতিয়া গৈ আছে চাগে। বৰ্ষালৈ ফোন কৰা কথা আছিল নকৰো এতিয়া। কান্দি আছো শুই শুই।
________ কি হল জীও অহাৰ পৰা ধৰি যে ৰুমতে সোমাই আছ" কিবা হৈছে নে কি।
মা অহা দেখি লগা লগ চকুপানী খিনি মচি ল'লো।
________ একো নাই হোৱা।
________ মা বৰ্ষাৰ ঘৰলৈ কেতিয়া যাবা। তাইৰ আজি যাবৰ সময়ত মনটো একেবাৰে মৰা। সোনকালে যাবলৈ কৈছে মোক। বেছেৰিয়ে মই কিবা এটা কৰিম বুলি বহুত আশা কৰি আছে। 
_______ ৰ" চাই লওঁ কেতিয়া যাব পাৰো। 
_______ মা পিছত বহুত দেৰি হৈ যাব অ। তাই যদি বিয়া হবলৈ পাই এতিয়াই মৰি থাকিব । মাক জনীয়ে তাইৰ কথা অলপো নুবুজে। অন্ততঃ তুমি মাকক কিবা এটা কৈ বুজাব পাৰিবা।
________ কাইলৈ বা পৰহিলৈ যাম। তাইক কবি।কামৰ পৰাই মই তত নোপোৱা হৈছো।
_______ ওম
মা গুচি গল। সন্ধিয়া ৮ বাজিব হৈছে। এতিয়া লৈকে প্ৰান্তিক দাৰ মেচেজ নাই।ইমান দেৰি লৈ ঘৰ পালে গৈ হয়টো। ময়েই মেচেজ এটা কৰোঁ নেকি। টাইপ কৰিলো মেচেজ এটা।
________ ঘৰ পালে গৈ নে?
ৰৈ আছো তেওঁ reply কৰিব কৰিব বুলি। নাই কোনো ধৰণৰ reply। আগতে লগা লগ reply কৰে কিন্তু আজি নাই। হাত ভৰি বোৰ কপি উঠিছে মোৰ।কি হব । কি কৰিলো মই। তেওঁক কিয় আজি মই বুজি নাপালোঁ। আকৌ এটা মেচেজ কৰিলো। ওহো এইবাৰো নাই একো।
নাই ৰৱ পৰা নাই মই। ধৈৰ্য নাইকিয়া হৈ গৈছে। খুব চিঞৰি চিঞৰি কান্দিব মন গৈছে। কি কৰি পেলালোঁ মই? ভাল লগা বোৰ মই হেৰুৱাই পেলালো অলপতে। ফোন এটা কৰোঁ নেকি ।আজিলৈকে কেতিয়াও মই ফোন কৰি পোৱা নাই তেওঁলৈ।। নাই ভুল যেতিয়া মোৰেই মইয়েই কৰিম যি কৰিব লাগে।
ফোন এটা লগাইছো তেওঁলৈ।
প্ৰথম বাৰ ফোন টো ৰিং কৰি কৰি কাত খাই গ"ল.। ফোন টো নধৰা দেখি আকৌ চিন্তা হৈছে। তেওঁক সঁচাকৈ মই ইমান হাৰ্ট কৰিলো নে?
আকৌ এবাৰ লগালো ফোন টো। প্ৰান্তিক_______ কোৱা।
ফোন টো ৰিচিভ কৰিলে। মাত টো শুনি উচুপি উঠিলো। আজি আগৰ নিচিনাকৈ কথা পতা নাই ।গহীন কৈ কৈছে। একো কোৱা নাই মুখেৰে ৰৈ আছো।
প্ৰান্তিক________ পোৱালি তুমি কান্দিচা?
হয়টো তেওঁ বুজিব পাৰিলে।
এইবাৰো একো নাই মতা।
প্ৰান্তিক________ কোৱা আকৌ। কান্দিছা কিয়।
______ uhu। নাই কন্দা মই।
প্ৰান্তিক_______ফাকি নিদিবা। 
মই নোকোৱাকৈ মোক তেওঁ বুজিব পাৰিছে কিন্তু মই কিয় তেওঁক বুজি নাপালোঁ।
প্ৰান্তিক_________ কান্দুৰি তোমাক মই এনেই নকওঁ নহয়।
তেওঁৰ কথা বোৰ শুনি বেয়া পাই থকা নিচিনা লগা নাই। চকুপানী খিনি মোহাৰি ললো।
_________ মেচেজ কিয় কৰা নাছিলে। 
প্ৰান্তিক________ সেইটো কথাৰ কাৰণে কন্দিছা তুমি??? ফোন টো charge ত আছিল পোৱালি। নাকান্দিবা।
________ hm sorry 
প্ৰান্তিক_________ কিয় কৈছে sorry
_________ আপোনাক হাৰ্ট কৰিলো তাৰ বাবেই।মই তেনেকুৱা কৰিব নালাগিছিল।
প্ৰান্তিক_______ একো নাই sorry  কব লাগে তোমাক।।।মই সেইবোৰ কথা কব নালাগিছিল। তুমি মোক ভাল পাব নালাগে। মই হে তোমাক ভাল পাওঁ।এনেকৈ সদাই ভাল পাই থাকিম তোমাক পোৱালি।
_________ তেনেকৈ নকব আপুনি। আৰু শুনক চোন।
প্ৰান্তিক________ কোৱা।
_________ মাত টো অলপ বেলেগ বেলেগ লাগিছে আপোনাৰ। কিবা হৈছে নেকি?
প্ৰান্তিক________ অহ নাই এনেই। অলপ বৰষুণত তিতিলো যে এতিয়া অলপ গাটো বেয়া লাগিছে। বৰষুণত তিতি মই খুব বেয়া পাওঁ।
__________ মোৰ কাৰণেই এনেকুৱা হল। গৰম পানী খাব।ঠাণ্ডা একেবাৰেই নলৱ।
আকৌ কান্দি পেলালো
প্ৰান্তিক________ কিয় কৰিছা মোক ইমান care. মইটো তোমাৰ কোনো নহয়। কলেজত এনেই চিনি পোৱা হে মই।
কথা বোৰত তেওঁ যেন দুখ বোৰ উলিয়াই দিছে। বুজিছোঁ তেওঁ দুখত আছে নে সুখত আছে।
__________ মোৰ আপোনাক  সেইখিনি কোৱা দায়িত্ব আছে।
প্ৰান্তিক________ নালাগে জীয়া। দায়িত্ব বেছি হলে মোৰ ভাল পোৱা খিনিক মই ৰখাব নোৱাৰিম।
_________ আপুনি বুজা নাই।
প্ৰান্তিক_________ কোৱা তেতিয়া কি?
__________ ভাল পাওঁ মই আপোনাক বহুত বেছি। নাজানো মই অথনি কিয় তেনেকুৱা কৰিলো। মোক পাৰিলে ক্ষমা কৰিব।
(কান্দি কান্দি)

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)