হাতলৈ যেতিয়া আহিল শাসনভাৰ
স্বাধীনভাৱে খোজ দিছো
আমি প্রতিজন অসমীয়াই,,,,,,
মাতৃভূমি অসমৰ
অমৃত সন্তান হৈ
হাতে হাত ধৰাধৰিকৈ
গাই যাঁও আমি
স্বাধীনতাৰ জয়গান,,,,
এই পৃথিৱীত তুমি মই
আমিবোৰ কোন ?
নিশ্চয় একেজন
ঈশ্বৰৰ সন্তান
তেন্তে সংৰ্ঘষৰ
বতাহ বলে কিয় ?
নাচোনত কঁপে কিয়
হিংসাৰ মজিয়া ?
মুকলি আকাশৰ তলত
মুকলিমনে হিংসা দ্বেষ পাহৰি
আগবাঢ়িলে শত্রুকো
পৰাভূত কৰিব পাৰিম এদিন I
প্রজ্ঞাৰ চাকিগছি জ্বলাই
বান্ধিব পাৰিম জীৱনৰ
সেন্দুৰীয়া আলি I
🖋️ দুলুমনি দেৱী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ