প্ৰস্তুতি চলাইছিলোঁহে মাত্ৰ আধৰুৱা তাজমহল সজাৰ...
কিন্তু তুমিতো পৰিকল্পনা কৰি আছিলা মোৰ চৰিত্ৰ
পৰীক্ষাৰ...
" লংকাধিপতিৰ স্পৰ্শৰ হিচাপ কিমান?সেই স্পৰ্শই বাৰু কিমান উন্মাদ কৰিব পাৰিলে সীতাক?" উফ্! এনে সন্দেহজনক প্ৰশ্নৰ কক্ষপথত তুমি ঘূৰি আছিলা৷
হ’ব পাৰা তুমি আদৰ্শ পুত্ৰ,সুশিষ্য
হ’ব পাৰা তুমি প্ৰজাহিতৈষী অযোধ্যা ৰাজন
কিন্তু আদৰ্শ স্বামী? ওহো
বিশ্বাসৰ ঘাটক৷
মই জানোঁ,মোক হেৰুৱাৰ বেদনা আৰু পোৱাৰ আকাংক্ষাতকৈ সম্ৰাটক বশ কৰাৰ জেদ তোমাৰ বেছি আছিল
স্বয়ম্বৰতো কিজানি তুমি কেৱল বীৰত্ব প্ৰদৰ্শনত মোহান্ধ হৈছিলা, মোৰ প্ৰেমত নহয় ৷
মই সহজেই উত্তীৰ্ণ হৈছিলোঁ তুমি আয়োজন কৰা
পৰীক্ষাবোৰত,
তথাপিতো কিয় জানো সতী হ’ব নোৱাৰিলোঁ
তোমাৰ বাবে ৷
ইমানৰ পাছতো তুমি মহান,দেৱতা অথবা তোমাৰ নামত জপ, মন্দিৰ...
তাত মোৰ কোনো আক্ষেপ নাই ৷ কিন্তু,
প্ৰিয়জনৰ প্ৰতি তোমাৰ সন্দেহবাদী
মানসিকতাই উদগনি দিলে পুৰুষতান্ত্ৰিক সমাজক৷
নিৰ্মল জলৰো কোনো আকাৰ নাই৷
মোৰো নাই
তোমাৰ অবিহনে মোৰ অস্তিত্বই বা ক’ত?
অথচ একমাত্ৰ অভিভাৱকৰ দায়িত্বৰে মইওতো হ’ব পাৰিলোঁহেঁতেন সমাজৰ চকুত আদৰ্শ মাতৃ
আৰু তুমি
ইচ্ছা কৰা হ’লে বিশ্বাসেৰে ইতিহাস ৰচিব পাৰিলাহেঁতেন
তোমাৰ আদৰ্শক অমান্য কৰা আছেই বা কোন!
তেনে হোৱা হ’লে আজিৰ হাজাৰজনী সীতাই অগ্নি
পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ দুৰ্ভাগ্যও নহ’লহেঁতেন!
🖋️সংঘমিত্ৰা লাহন
অংশকালীন সহকাৰী অধ্যাপিকা
ডি. এইচ. এছ. কে. কমাৰ্চ কলেজ, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ