ঘৰত কোনো নাই। মিনতি অকলে আছে। ঘৰ খ'নত দ্বিতীয় প্ৰাণী বুলি মাক আৰু জীয়েক। মাক তৰামাই, ঘৰৰ পৰা ওলাই গ'লে তাই অকলশৰীয়া হৈ প'ৰে। স্কুল বন্ধ আছে বাবে তাই এই সময়টোত ঘৰত অকলে থাকিব ল'গিয়া হয়।
ৰাতিপুৱা দহ মান বাজিছে।
কৰবাৰ পৰা এজন জটাধাৰী তান্ত্ৰিক বাবা আহি মাত লগালে, ঘৰ মে কৌন হে ?
মিনতি শুনিছে বাহিৰত কোনোবা আহিছে। হ'লেও তাই ওলাই অহা নাই । খিৰিকী ফাকেৰে তাই দেখিলে এজন জটা ধাৰি বাবা। ৰঙা পাইজামা পিন্ধা বাবাজি জনে কিবাকিবি কৈ আছে। তাইৰ বৰ ভয় লাগিছে বাবাজি জনৰ ওচৰত যাবলৈ। এনে বাবাজি মানুহবোৰক তাই বেয়া পাই। এবাৰ এনে এজন ভণ্ড বাবাৰ বিষয়ে তাই বহু কথা শুনিছে মাহীয়েকৰ পৰা। তাই ভাবিলে ঘৰত কোনো নাই বুলি কওঁ নেকি ? আকৌ ভাবিলে ঘৰত কোনো নাই বুলি ক'লে যদি যোৰকৈ সুমাই আহে। নাই নাই, তেনেকৈ ন'কৈ তাই। আকৌ ভাবিলে যদি ভাল মানুহ হয় তেওঁ। আৰু একো ভিক্ষা নোলোৱাকৈ এনেদৰে গুছি যায়। নাই নাই এইটো বৰ বেয়া ক'থা হ'ব। মায়ে গ'ম পালে মনত বৰ দুখ পাব।
তাইৰ মাক বৰ সৰল মনৰ মানুহ। মাকে সদায় শিকাই আহিছে তাইক যে অতিথি দেৱ ভৱ ।ঘৰলৈ অতিথি আহিলে, খাবলৈ নাথাকিলে ও শুদা পানী এগিলাচ দি হ'লেও শুশ্ৰুষা কৰিবি । ভালকৈ মাত এষাৰ দিবি।
উপায় নাই। মাকে দুপৰীয়ালৈ ৰান্ধিবলৈ দিয়া চাউল কেইটাৰ পৰা বাটি এটাত লৈ ওলাই বাবাক দিব ধৰোতে , বাবা জনে বিৰক্ত হৈ ক'লে, হাম ভিখাৰী নেহী হোঁ । হাম তো চাল মে একবাৰ তুমসবকা হাল-চাল পুছনে আতা হোঁ।
ঘৰ মে ঔৰ কৌন কৌন হে ? মে জব অগলা ছাল আয়া থা তো তুম বহুত ছোটি থি। অব বহুত বঢ়ি হো গয়ী হো। দেখনে মে ভি বহুত সুন্দৰ হো গেয়ী হো।
বাবাজীৰ কথা শুনি মিনতিৰ ভয়টো আৰু বাঢ়ি গ'ল!
তাই ভাবিলে, ঘৰত কোনো নাই বুলি ক'লে বেয়া হ'ব। তাতকৈ তাই আজি মিছা কথাকে ক'ব। তাইৰ মনত উপস্থিত বুদ্ধি এটা খেলালে। হাতযোৰ কৰি বাবা জনক ক'লে , বাবা আপুনি বেয়া নেপাব। মা আৰু দেউতা দুয়ো আছে। কিন্তু দেউতাৰ দেহাটো ভাল নহয়। আজি কেইবাদিনো হ'ল মোৰ দেউতাৰ বৰ অসুখ হৈ আছে । মা দেউতাৰ মুৰ পিটিকি আছে ।তেওঁ আহিব নোৱাৰে বাবে মই আহিলো।
আপুনি বেয়া নেপাব ।এই চাউল কেইটা লৈ আপুনি সন্তোষ হওক আৰু যাওক।
দেখিছে ন'হয় আমি যে দুখীয়া মানুহ? আপোনাক দিবলৈ আমাৰ বিশেষ একো নাই। সৌ ধনী মানুহৰ ঘৰবোৰলৈ যাওক।
তেওঁলোকৰ টকা-পইচা চাউল বহুত আছে। তাত গ'লে আপোনাৰ লাভ হ'ব।
মিনতি ভালকৈ জানে, এই ভণ্ড বাবাজী বোৰৰ কথা। তেওঁলোকে ধনী মানুহৰ ঘৰলৈ নেযায়। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত আহি মিছা কথা কৈ ফুচুলাই ঠগি মেলি লুটি সকলো লৈ যায়।
মিনতিৰ ক'থা শুনি বাবা জনে মিনতিক ভৰিৰ পৰা মূৰলৈকে ভালদৰে চালে।
চকুত তেওঁৰ কুটিল চাৱনি আছিল যদিও মুখত মিঠা ক'থা ওলাইছিল।
বাবাজী জনে আকৌ শুধিলে তোমাৰ দেউতাৰ কি অসুখ হৈছে কোৱাচোন, মই কবিৰাজ কৰি জৰা পানী দিলে তোমাৰ দেউতা সোনকালে সুস্থ হৈ উঠিব। ভাল পাব।
বাবাজীৰ কথা শুনি মিনতিৰ খং উঠিছিল যদিও, ধৈৰ্য ধ'ৰি ক'লে এতিয়া আপুনি যাওক।
দেউতাক আমি ডাক্তৰৰ চিকিৎসা কৰাই আছোঁ।
আমি জৰা পানীক বিশ্বাস ন'কৰো।
মিনতিৰ কথা শুনি উপায় নেপাই বাবাজী জনে তাৰ পৰা প্ৰস্থান কৰিলে।
🖋️ প্ৰতিভা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ