তাকেই শিকিবলৈ প্রয়াস কৰি আছো | শব্দৰ মায়াজালেৰে গঁঠা চিত্রৰ কি অপাৰ মহিমা , যাৰ কাহানিও মৃত্যু নহয় | শব্দ ব্রহ্ম | শব্দৰেও চিত্র আঁকিব পাৰি | কবিতাৰো কাহিনী থাকে | জীয়া কাহিনী | সেই যে.....
বাৰিষাৰ ৰাতি
তোমাৰ কবিক মনত
পৰেনে অৰুন্ধতি |
আকৌ সেই জীৱনৰ বিয়লি বেলাৰ সাৱলীল ছবি ...
তোমাৰ চুলিৰ খোপাৰ
আবেলি আবেলি গোন্ধ |
মা , মাতৃভাষা আৰু মাতৃভূমিৰ প্রতি প্রেম এক সাবাভাবিক কথা| এয়া আজন্ম প্রেম | তেনে শব্দমালাৰে গঠিত কবিতাৰ আকৰ্ষণ মই পাহৰিব পৰা নাই আজিও......
মোৰ আই , মোৰ দেশ , মোৰ ভাষা ভাল পাওঁ মই
তাৰেই মই চিনিম জগত
সুবিশাল পৃথিৱীত হাতে হাত
ধৰাধৰি কৈ খোজ দিম সবাৰে লগত |
সেই যে পৃথিৱীৰ প্রথম অমৰ কবিতা ---- "মা নিশাদ প্রতিষ্ঠাতমঃ গমঃ স্বাস্বতি সমাহৰ" পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈ যিমান কবিতাৰ সৃষ্টি হ'ল , তাৰে কিছু কালজয়ী হ'ল | বেছি সংখ্যকেই কালৰ বুকুত লয় পালে |
কবিতাৰ ফল্গুধাৰা বৈ থাকক চিৰদিন চিৰকাল | আমাৰ কবিতাই বিশ্বজনীনতাৰ ৰূপ পাওক | আমাৰ কবিতা বিশ্বৰ প্রতিটো ভাষালৈ অনুদিত হওক |
পৰিশেষত কওঁ .....
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল
অসম আকৌ উন্নতিৰ পথত
জয় আই অসম বোল ||
( সমাপ্ত)
🖋️হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ