এজাক বৰষুণৰ অপেক্ষাত-২৯

©Admin
0

ঘৰ পালোহি।
_________ বেমাৰ হব সোনকালে ঘৰলৈ যাব। 
প্ৰান্তিক_______ ঠিক আছে যোৱা।তুমিও আৰু বৰষুণত নিতিতিবা। Take care । Bye
_____ hm।
ঘৰ সোমালো। আগফালৰ ৰোমতে মা দেউতা আৰু সুমন দা বহি আছে। সুমন দা মানে মোৰ বৰদেউতাৰ ল'ৰা।
_______ সুমন দা কেতিয়া আহিলি?
সুমন_______ হল অলপ দেৰি।
কথা টো গহীন কৈ কৈছে। মাহঁতলৈ চালো কিবা চিন্তা কৰি থকা নিচিনাকৈ বহি আছে।মুখৰ ৰং বোৰ নাইকিয়া হৈ আছে। আগতে এনেদৰে মই বৰষুণত তিতি অহা দেখিলে মোক সোনকালে কাপোৰ সলাই লব কৈ বেমাৰ হয় বুলি। ঠাণ্ডা ল"বলৈ মানা কৰে। কিন্তু আজি একো কোৱা নাই। মোৰ মুখলৈও চোৱা নাই। কিবা খং উঠি আছে ভাবি মই ভিতৰলৈ সোমা়েই আহিব ল'লো।
" জীউ ৰ'ৱি তোৰ লগত কথা আছে"মায়ে ক'লে।
মই ৰৈ দিলো।
" ফুৰিবলৈ আৰু কোন গৈছিল"?
কি হৈছে আজি মায়ে যে এইবোৰ কথা সুধিছে। ভয় লাগিছে। বুকু খন খুব ধকধক কৰিছে। ( মনতে ভাবিছো)
______ কিয় মই কৈছিলো দেখোন বৰ্ষা যাব বুলি!
"বৰ্ষা যাব! তেতিয়া হলে এইবোৰ কি?"
মায়ে সুমন দাৰ পৰা ফোন টো লৈ প্ৰান্তিক দা আৰু মই আজি ফুৰিবলৈ যোৱা ফটো দেখাই দিলে। ফটো খন আজি বাইকত যাওঁতে কোনোবাই পাছফালৰ পৰা মৰা। শেষ সকলো। মোৰ আৰু ভয় লাগিছে।কপিবলৈ ধৰিছো।
" ক' কোন হয়? কাৰ লগত তই এইবোৰ কৰি ফুৰিছ"? এতিয়া কিয় মনে মনে আছ"? 
________ মোৰ লগৰ হয়। কি কম ভাবি নাপাই শেষত তেনেকৈ কৈ থলো।
" লগৰ হয়! ঘৰত ফাকি দি দি তই এইবোৰ কৰি আছ"। তোক ইমান কষ্ট কৰি  তাৰলৈকে পঢ়াইছো। আজি সোমনে দেখিলে বুলি হে আমি কথা টো গম পালো।নহলে চোন তই কৰবাত পালি গৈ হেঁতেন।ঘৰত মিছা কথা কৈ লোকৰ বাইকত ফুৰিবলৈ গৈছ"?
_______ তাৰ মানে সুমন দাই ক"লে।
________ ছিহ্,,, সুমন দা তোৰ অলপো লাজ নালাগিল নে? নিজৰ ভনীয়েকক ইমান তালাচি কৰি থাকিবলৈ।
সি মনে মনে আছে।
" কাক তই এনেকৈ কৈছ"? 
একচৰ মাৰি দিলে মোক। লগা লগ চকুপানী ওলাই আহিল। মায়ে আগতেও মোক কেতিয়াবা মাৰে।কিন্তু ইমান দুখ কেতিয়াও পোৱা নাই যিমান আজি পাইছো। কান্দি কান্দি আকৌ মই ৰোমলৈ সোমাই আহিব লৈছো।
" ৰঃ ক'ত যাৱ?" কোন হয় সেইটো লৰা? আৰু বৰ্ষা তাইক মই বহুত ভাল ছোৱালী বুলি ভাবিছিলো। তাইয়ো তোৰ লগত এইবোৰ হে কৰি ফুৰিছে?
_________ মা বৰ্ষাৰ কথা তেনেকৈ নকবা। তাই গাত অকণো দোষ নাই।মই হে তাইক লগ ধৰিছিলো।
এনে এনে বৰ্ষাক দোষ দিব মন নগল।
" তাইক যদি একো কব নালাগে,,, ক" কোন হয়,,, কিমান দিনৰ পৰা চলি আছে এইবোৰ? ৰাতি হলে ফোনত মনে মনে কথা পাতিবি মই সুধিলে লগৰ ছোৱালী বুলি কবি! জন্ম দিনৰ দিনা ৰাতিপুৱা ফুল খিনি দেখিয়েই মোৰ অলপ অলপ সন্দেহ হৈছিল।তোক এনেকৈ কোনো লগৰ লৰা ছোৱালীয়ে ফুল দি থৈ নাযায়। কিন্তু তোৰ ওপৰত বহুত বিশ্বাস আছিল জীউ! তই আমাৰ বিশ্বাস কেতিয়াও নাভাঙ বুলি ভাবিছিলো। কিন্তু তই........?
কথা টো কৈ মায়ে কান্দি উঠিল।
কি কৰো মই।কি কম একো ভাবি পোৱা নাই।
" তোৰ পঢ়িবলৈ মন আছে নে নাই? ইমান সৰুতে তই প্ৰেমত পৰিবলৈ আহিছ"? ক" কোন হয় ল'ৰাটো?
________ কোনো নহয় অ মা,,, মোৰ লগৰ হয় আমাৰ লগত গৈছিল এনেই।
" তই এতিয়াও ফাকি দি আছ"?
ইমান দেৰি মনে মনে বহি থকা দেউতাই কলে এইবাৰ। 
________ মই তোমালোকক কেনেকৈ বুজাও অ"
মই যিমান পাৰো নিজক বচাবলৈ চেষ্টা কৰিছো।
"নাই এনেকৈ নহব আৰু মানুহৰ আগত কেতিয়াবা লাজ পাব লাগিব।"
" মোবাইল টো দে তোৰ।" বুলি কৈ একেথাপে মোৰ হাতৰ পৰা দেউতাই মোবাইল টো লৈ চিমটো খুলি ভাঙি পেলালে।
 আৰু কান্দিছো মই।
" চা জীউ তোক ভালকৈ বুজাইছো। প্ৰেম কৰিবলৈ সময় বহুত পাবি। এতিয়াই তোৰ বয়স হোৱা নাই নহয়। ক' তই তাক এৰিব পাৰিবি নে? তই আজি মোক কিয় মিছা কথা কৈ গৈছিলি বাৰু? তোৰ বেয়া হোৱাটো আমি বিচাৰো জানো? তই পঢ়াত মন দে নহলে তই বিয়া হৈ গুচি যা"।
মাৰ কথা খিনি মই শুনি আছো। ইমান সৰু কথা টো কাৰণে আজি ইমান খিনি কথা শুনিলো। কাৰোবাক ভালপোৱা টোৱে ভুল হল নেকি?
_________ মা কাৰোবাক ভালপোৱা টো জানো ভুল হব পাৰে? আৰু মই ভালপালো বুলিয়ে কি বিয়া হৈ যাম নেকি এতিয়াই?
মই কাৰোবাক ভাল পাওঁ বুলি যেতিয়া মা হঁতি কৈয়ে আছে মই আৰু কথা টো লুকুৱাই নথলো। সেইকাৰণে তেনেকৈ কৈ দিলো।
" খুৰি দেখিলে তাই লৰাটোক ভাল পাই এতিয়া নিজৰ মুখেৰেই কৈ দিলে। লৰাটোৰ নামটো ক" তাক এতিয়াই বিচাৰি যাওঁ।"
সুমন দাই কলে। 
_______ মোৰ ঘৰৰ কথাত তই মাত নামাতিবি। গুণ্ডা নেকি তই? মাৰিবি নেকি তাক? ইমান যে সুধি আছ"? 
খংত তাক যিটি কৈ দিলো।
" জীয়া! ঘৰৰ মানুহ পৰৰ মানুহ এতিয়া চিনি নোপোৱা হ'লি নেকি তই। কাক তই এনেকৈ কথা কৈছ"? লৰাটোৰ নামটো ক"?
আজি প্ৰথম বাৰৰ কাৰণে নিজৰ মানুহ খিনিক অচিনাকী নিচিনা লাগিছে। এটা সাধাৰণ কথা মাত্ৰ।
______ প্ৰান্তিক!
কান্দি কান্দি নামটো কৈ চিধাই নিজৰ ৰোমলৈ গুচি আহি দৰ্জাখন মাৰি দিলো।পাছৰ পৰা মায়ে আকৌ চিঞৰিছিল। মই নামাতিলো।

ৰাতি হল। মই ৰোমতে সোমাই কান্দিয়েই আছো। ভাত পানী নাইখোৱা একো। ৰাতিও দিছে বৰষুণ জাক। খিৰিকীৰে বাহিৰলৈ চাই আছো। কি হৈ গল হঠাতে? সকলো খিনি যেন মই হেৰুৱাই পেলালো। ফোন টো হাতত নাই এতিয়া। প্ৰান্তিক দাই চাগে এতিয়া ফোন কৰি আছে।
______ নাই এতিয়াই যেতিয়া মোৰ ঘৰৰ মানুহে ইমান খিনি কৈছে পাছতো আমাৰ সম্পৰ্ক মানি নল'ব। মই নিবিচাৰোঁ মোৰ কাৰণে প্ৰান্তিক দাৰ কিবা এটা হোৱা টো।
হঠাৎ প্ৰান্তিক দাক এৰাৰ সিধান্ত লৈ পেলালো মই। যদি ভাগ্যত আছে এদিন নিশ্চয় পাম । তেওঁক মই ভাল পাই আছোঁ আৰু সদাই ভাল পাই থাকিম। মোক ইমান খিনি কৰাই যদি ঘৰৰ মানুহে শান্তি পাই তেতিয়া তেওঁলোকৰে শান্তি হওঁক।
গোটেই ৰাতিটো শুৱা নাই অকল কান্দি আছো।
ৰাতিপুৱা আইনাত মুখ খন চাইছো চকু মুখবোৰ ফুলি আছে। হয়টো গোটেই ৰাতি কান্দি থকাৰ কাৰণে। একো নোখোৱাকৈ কলেজলৈ ওলালো। কাকো নাই মতা। ৰাতিও একো খোৱা নাই এতিয়াও একো নোখোৱাৰ কাৰণে পেটটো পাক মাৰি ধৰিছে। তেনেকৈ কলেজ গ'লো। আজিৰ পৰা কলেজত মোৰ কোনো নাই তাকে ভাবি কলেজ সোমাইছো তেনেকুৱাতে গেটখনৰ ওচৰতে প্ৰান্তিক দাক দেখিছোঁ। অলপকৈ চকুপানী ওলাই আহিছিল। মই ক্লাছ ৰোমলৈ সোমাই আহিলো। বৰ্ষা ফাৰ্ষ্ট বেঞ্চত বহি আছিল। মই তাইৰ ওচৰত নবহি একেবাৰে শেষৰ খন বেন্সত বহিবলৈ গুচি আহিলো।
মোক পাছৰ বেঞ্চত বহা  দেখি তাইয়ো উঠি আহি মোৰ ওচৰতে বহিলহি।
বৰ্ষা______ কি হল মোক তাত দেখিও যে তই ইয়াত বহিছ'হি?
_______ একো নাই।
বেগত মূৰটো পেলাই তললৈ চাই আছো।
বৰ্ষা______ কিবা হৈছে নেকি?এই ফালে চা চোন। তোৰ যে চকু বোৰ ফুলি আছে কিয়?
______ uhu মোৰ একো নাই হোৱা।
তাই যিমানে সুধিছে সিমানে মোৰ চকুপানী ওলাইছে।
ক্লাছ আৰম্ভ হল। মন দিয়া নাই ক্লাছত।অলপ পাছত
অফ ক্লাছটো আহিল। বৰ্ষাই জোৰ কৰি কেণ্টিনলৈ লগ ধৰিলে। গ'লো। সেইটো সময়ত তাত কোনো নাছিল।
বৰ্ষা_______ তোৰ কি হৈছে মোক ক' চোন? 
______ সকলো শেষ বৰ্ষা। এফালৰ পৰা তাইক কথা খিনি কৈ গ'লো। মই কন্দা দেখি তাইয়ো কান্দিছে।
________  চা কাৰোবাক এৰো বুলিলে ইমান সহজ নহয় তই পাৰিবি প্ৰান্তিক দাক এৰি থাকিব?
_______ মই কৰো কি? মোৰ কাৰণে যদি প্ৰান্তিক দাৰ কিবা এটা হয় তেতিয়া কি হব? ঘৰৰ মানুহে এতিয়াই ইমান সৰু কথা এটা ইমান ডাঙৰ কৰি দিছে। পাছত কি কৰিব গম পালো। মানি নলৱ কেতিয়াও।
বৰ্ষা_______ সব কথা তেনেকৈ নহয়। তই এৰি দিয়াৰ পাছত প্ৰান্তিক দাৰ কি হব ভাবি চাইছ"? ৰ"বি প্ৰান্তিক দা কত আছে মই মেচেজ এটা কৰি ইয়ালৈ মাতো।
_______ প্লিজ তই এইবোৰ নকৰিবি।প্ৰান্তিক দাক ইয়ালৈ মাতিব নালাগে।
 মই কথা টো কওঁ মানে তাই প্ৰান্তিক দা লৈ মেচেজ কৰিলেই।
অলপ পাছত প্ৰান্তিক দা আহিলে। 
প্ৰান্তিক________ তোমালোক ইয়াত আছা মই চেকেণ্ড ফ্ল'ৰত এনেই বিচাৰি আছো।
মই নাই চোৱা তেওঁ লৈ।
প্ৰান্তিক________ ঐ পোৱালি কি হল অথনি দেখিও নামাতিলা আৰু কালিৰ পৰা ফোন টো অফ যে.....?
মই নাই মতা একো। পোৱালি বুলি কোৱাৰ কাৰণে চকুপানী ওলাই আহিল। আৰু কেতিয়াও তেওঁৰ মুখৰ পৰা পোৱালি শব্দ টো শুনিব নাপাওঁ। উঠি আহিব খুজিছিলো সেইখিনিৰ পৰা ।বৰ্ষাই  হাতখনত থাপ মাৰি ধৰি আকৌ বহাই থলে।
প্ৰান্তিক________ কি হল? কিয় কান্দিছা? 
টেবুল খনৰ ওপৰতে মোৰ হাত খনত তেওঁ মুঠি মাৰি ধৰিলে।
মই একো নুকোৱা দেখি বৰ্ষাই সকলো কথা কৈ দিলে।
প্ৰান্তিক_______ ও সেইটো কথা পাগলি। ঘৰত গম পাৱই আৰু।এনেকৈ কোনোবাই কান্দে নেকি? ইমান সৰু কথাতে । মোবাইল টো লৈ ললে কি হল আমি কলেজত লগ পাম নহয় তেনেকৈ কথা পাতিম। আৰু দিন বোৰ গৈ থাকিলে পাছত সময়ত ঘৰৰ মানুহে এনেও মানি লবই।
তেওঁৰ কথা বোৰ শুনি মই একেবাৰে আচৰিত হৈ গৈছো। কেনেকৈ ইমান সহজ ভাবে তেওঁ কথা বোৰ লব পাৰিছে। ইমান কথা বুজি পাই।
________ তেনেকুৱা কথা নহয় অ মই নিবিচাৰোঁ মোৰ কাৰণে আপোনাৰ কিবা problem হোৱাতো। ঘৰৰ যিটো পৰিস্থিতি দেখিছোঁ মই গম পাই গ'লো কি হব পাছত। ইমান এটা সৰু কথাই কেনেকৈ ডাঙৰ কৰি দিলে। সৱেই ভাল পাই সেইবুলি সেইটো ভুল হব পাৰে জানো? আৰু মই ভাল হে পাইছিলো গুচি যোৱা নাছিলো নহয় একেবাৰে,,,,,,?
_______ বেয়া নাপাব মোক।
কথা টো কৈ কান্দি কান্দি একেবাৰে ঘৰ গুচি  আহিলো। শুকে খুন্দা মাৰি ধৰিছে। পাছৰ ক্লাছ কেইটা নকৰিলোঁ আৰু। আজি প্ৰান্তিক দাক শেষ বাৰৰ কাৰণে দেখিলোঁ। আৰু কেতিয়াও চাগে তেওঁৰ লগত দেখা দেখি নহব। ঘৰ আহি দৰ্জাখন মাৰি ৰোমতে সোমাই আছো। 
____মোক ক্ষমা কৰি দিব প্ৰান্তিক দা মই নোৱাৰিলো আপোনাক ভাল পাব। মই কৰো কি এফালে ঘৰৰ মানুহ আনফালে মোৰ ভাল পোৱা। আপুনি হয়তো বুজি পাব। মই ভালপোৱাৰ কাৰণে ঘৰৰ মানুহক এৰিব নোৱাৰিম।
ৰাতি বৰষুণ দিছে। ঘৰৰ মানুহ বোৰো শুলে। মই মনে মনে বাহিৰলৈ ওলাই গলো। গৈ বৰষুণ জাকত তিতিছো।
_______ এনেকৈ এদিন বৰষুণ দি থাকোতেই মই আপোনাক লগ পাইছিলো প্ৰান্তিক দা। আপোনাক লগ পাওঁতে প্ৰায়ে বৰষুণ জাক আহিছিল। আপুনি জানে নে ? আপোনাৰ লগত প্ৰথম বৰষুণ জাকত তিতি ঘৰ আহোতে মই মনে মনে বৰষুণ জাকক ধন্যবাদ জনাইছিলো। কাৰণ বৰষুণ আহিছিল বাবেই তেতিয়া আপোনাক মই লগ পাইছিলো। সেইকাৰণে তেতিয়াৰ পৰা বৰষুণ মোৰ ভাল লাগে। কিন্তু আজি এইজাক বৰষুণ মোৰ বাবে বিষাদৰ বৰষুণ। আজি বৰষুণ জাক আহিছে কিন্তু আপুনি মোৰ লগত নাই।
 খুব চিঞৰি চিঞৰি কান্দিব মন গৈছে। হেঁপাহ পলুৱাই বৰষুণত তিতিছোঁ।
_______ ভগবান তেওঁক ভালে ৰাখা।
______ যদি আপুনি মোৰ ভাগ্যত আছে মই ৰৈ থাকিম আপোনাৰ কাৰণে।
______ মোক ক্ষমা কৰি দিব আপুনি,,,, আপোনাক মই সদাই ভালপাই থাকিম।
হুকহুকাই কান্দি পেলালো।
এনেকৈয়ে আমাৰ সম্পৰ্কত ঘূণে ধৰিছিল। দিন বোৰ গৈ থাকিল। কলেজ গলে আজিকালি ক্লাছ ৰোমৰ বাহিৰলৈ ওলাব নিবিচাৰোঁ। কেতিয়াবা প্ৰান্তিক দা আমাৰ ক্লাছৰ সন্মুখত ৰৈ থাকে মোৰ লগত কথা পাতিবলৈ। মই তেওঁক নমতা হ'লো, নুচোৱা হ'লো। স্বাগত দা আৰু বৰ্ষাই মোক বুজাই কিন্তু মোৰ ঘৰ খনৰ পৰিস্থিতি টোৰ কথা শুনিলে সিহঁতো মনে মনে থাকে। মায়ে আজিকালি মোক আগৰ দৰে নমতা হৈছে। লাহে লাহে মই কলেজ যোৱা এৰি দিলো। দেউতাই ঘৰতে পঢ়ি পৰীক্ষা দিবলৈ কলে। নিজকে মই ৰোমটোৰ মাজতে আৱদ্ধ কৰি ৰাখিলোঁ। খোৱা বোৱাৰ  আজিকালি সময় নাইকিয়া হল। প্ৰান্তিক দাৰ লগত পাৰ কথা সময় বোৰে মোক খুলি খুলি খাবলৈ ধৰিলে। শুকাই খীনাই যাবলৈ ধৰিলো মই। মোৰ এই অৱস্থা দেখি কেতিয়াবা মা দেউতাই কথা পাতি প্ৰান্তিক দাকে জগৰীয়া কৰে। মই শুনি থাকো। সুমন দাই আজিকালি মোৰ ওপৰত খুব নজৰ ৰাখে। পঢ়া শুনাত মোৰ মন নবহা হ'ল। তাকে দেখি মায়ে কেতিয়াবা সৰুতে প্ৰেমত পৰিলোঁ বুলি কৈ খুব কথা শুনাই। মই ভবাই নাছিলো মোৰ মা- দেউতাও যে এদিন এনেকুৱা হব। প্ৰেম বিৰোধী হব। কেতিয়াবা ঘৰত কোনো নথকা অৱস্থাত দেউতাৰ ফোন টোৰ পৰা বৰ্ষালৈ ফোন কৰো। তাই মোৰ কথা শুনি বহুত কান্দে। তাই কয় "প্ৰান্তিক দাই তাই লৈ ফোন কৰি কেতিয়াবা খুব কান্দে। আজিকালি হেনো প্ৰান্তিক দাও কলেজ আগৰ নিচিনাকৈ নহা হৈছে।" কথা বোৰ শুনি মোৰ ধৈৰ্য নাইকিয়া হয়। কান্দি পেলাওঁ মই। প্ৰান্তিক দাক হেৰুওৱাৰ পৰা মোৰ ওচৰত চকুপানীৰ বাহিৰে বেলেগ একো নাই। কেতিয়াবা দেউতাৰ ফোনৰ পৰা তেওঁলৈ ফোন কৰিম বুলি ভাবো কিন্তু কেনেবাকৈ যদি আকৌ ঘৰত গম পাই তেতিয়া আকৌ এখন যুদ্ধ হব। সেই ভাবি ৰৈ যাওঁ মই। মোৰ যেন সকলো খিনি শেষ হৈ গল। তেওঁৰ একো খা - খবৰ নোপোৱা হ'লো। ঘৰৰ ভিতৰতে সোমাই থাকো।মানুহক মাত -বুল কৰিবলৈ এৰিলো। মুঠতে জীয়াই থাকিব লাগে নে জীয়াই আছো।

প্ৰথম অধ্যায় সমাপ্ত
দ্বিতীয় অধ্যায় লৈ

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)