শিশুবোৰ ফুলৰ দৰে

Rinku Rajowar
0
আমি অগ্রজ সকলে সততে কৈ আহিছোঁ আমাৰ শিশু সকলৰ ফুলৰ দৰে | বিভিন্ন ধৰণৰ ফুলেলে জকমককৈ ফুলি থকা ফুলনি দেখিলে মনলৈ প্রশান্তিৰ ভাৱ আহে | মনৰ ভাগৰ পলাই যায় | ঠিক তেনেদৰে এটা শিশুৰ মুখখন দেখিলে আমাৰ মনলৈ ঠিক তেনে ভাবেই আহে | শিশুৰ কলকলনি, তাৰ মুখৰ নিৰ্ভেজাল হাঁহি , তাৰ কলকলনি , তাৰ মুখৰ আধাফুটা মাত শুনিলে অজান পুলকে আবৰি ধৰে | যিখন ঘৰত শিশুৰ মুখৰ সেই অনাবিল আনন্দ নাই সেইখন ঘৰৰ বেদনা আনে উপলব্ধি কৰিব নোৱাৰে | সিহঁত দেশৰ ধৰনী স্বৰূপ | সিহঁত দেশৰ ভৱিষ্যত নাগৰিক | এনে বিভিন্ন ধৰণৰ অভিধাৰে সিহঁত অভিহিত |
      কিন্তু আজিৰ দিনটোত আমি সিহঁতৰ বাবে সিহঁতৰ হৈ কৰিছোঁ কি ? সেই প্রশ্ন আমি নিজকে কৰিছোঁনে ? বাতৰি কাকতখন মেলিলে, টিভিটো খুলিলে শিশুৰ বাবে আমি কিমান ভাল ভাল কাম কৰিছোঁ সেইবোৰ জলজল পটপটকৈ সকলেৰে চকুৰ আগত ভাহি উঠে  |
       এখন সভা পাতি কোনো এজন ব্যক্তি বিশেষকক মাতি শিশু সম্বন্ধে বক্তৃতা দিবলৈ কলে এনে ধৰণে পানী নসৰাকৈ কথা কব যে শিশুৰ উন্নতি কল্পে কি কি নকৰিব অথবা তেওঁ কি কি কৰিব পৰা নাই তেওঁ অকলশৰীয়া বাবে | লগৰীয়া থকা হেতেন তেওঁ.....
     কিন্তু বাস্তৱ ক্ষেত্রত দেখিবলৈ পোৱা যায় এখন ওলোটা ছবি | হোটেল, ৰেষ্টুৰা, মটৰ গেৰেজ, ইটাৰ ভাটা সমূহত , কিছুমানৰ ঘৰত বনকৰা হিচাবে কিমান শিশুৱে সিহঁতৰ অনাবিল শৈশব অকাৰণতে জলাঞ্জলী দিব লগা হৈছে সেইবোৰ আমি সকলোৱে দেখিছোঁ আৰু নেদেখাৰ ভাও ধৰি তাৰ পৰা আতিৰ আহিছোঁ | দেশৰ চৰকাৰে সিহঁতৰ উন্নতি কল্পে বিভিন্ন সময়ত বিভিন্ন আচনি লৈছে আৰু সেই আচনি সমূহৰ কিমান সফল ৰূপায়ন সেইবোৰো আমি সকলোৱে নেদেখা নহয় নিশ্চয় ? তেন্তে ইয়াৰ নিৰাময় কেতিয়া |  POCSO ৰ দৰে এখন শক্তিশালী আইন থকা স্বত্বেও সিহঁতৰ ওপৰত চলা বিভিন্ন নিৰ্যাতন কৰিবলৈকো আমি কুণ্ঠাবোধ নকৰো | অপৰাধী ধৰা পৰাৰ পিছতো সিহতৰ বিচাৰৰ বাবেও সিহঁতক শাস্তি দিয়াৰ বাবে বহু দীঘলীয়া সময় পাৰ কৰিব লগা হয় | অপৰাধীৰ সপক্ষে ওকালতি কৰিবলৈকো আমাৰ দেশত উকীলৰ অভাৱ নাই | তেন্তে সিহঁতৰ ভাল হব কেনেকৈ | কিছুমান কথা লিখিবলৈ মোক বিবেকে বাধা দিছে | নিলিখিলেও আমি কি কৰি আছো সকলোৱে নজনা নহয় | দেশৰ এই ভৱিষ্যত সম্পদখিনিক এখন সুস্থ দেশ গঢ়িবৰ বাৰে এটা সুস্থ পৰিবেশ দি যাব পাৰিম জানো | ৰুগীয়া পৰিবেশত ৰুগীয়া প্রজন্মই এখন ৰুগীয়া সমাজ, এখন ৰুগীয়া দেশেই নিৰ্মাণ নকৰিবনে  ?

      🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)