হাত-ভৰিত জিঞ্জিৰি
উদং দেহা
ককালত এডোখৰ
মলিয়ন কাপোৰ |
তলুৱা ফটা ভৰিৰে
তময়ময় ৰ'দত
সিহঁত গৈ আছে
গৈ আছে |
ভাষণ শেষ হ'ল
এইবাৰ একেই উভটনি যাত্রা
ঈগল পক্ষীবোৰ উৰি গ'ল |
বেঙুনীয়া চৰাইজাকে
একো নুবুজিলে
কিয় সিহঁতক
তালৈ লৈ অহা হ'ল |
📝হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ