নৱপ্ৰজন্ম বনাম সামাজিক মাধ্যম

Rinku Rajowar
0
এটা সময় আছিল যিকোনো বাৰ্তা প্ৰেৰণ কৰিবলৈ পাৰ চৰাই ব্যৱহাৰ কৰিছিল ৷ ৰজা মহাৰজাসকলে বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰাজদূত হিচাপে মানুহৰ প্ৰয়োগ কৰিছিল ৷
সময় পৰিবৰ্তন হোৱাৰ লগেলগে সামাজিক মাধ্যমৰ ক্ষেত্ৰতো পৰিবৰ্তন আহিল কাগজ আৱিষ্কাৰ হ'ল চিঠিৰ মাধ্যমৰে বাৰ্তা প্ৰেৰণ কৰাৰ পদ্ধতিৰ আৰম্ভণি হ'ল সেইসময়ত চিঠি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ পাওঁতে কমেও দুই তিনি মাহ সময় লাগিছিল সেইকাৰণে অফিচ কছাৰী আদিৰ ক্ষেত্ৰত চাকৰি মঞ্জুৰী চিঠি পাৰ্থীজনলৈ তিনি মাহমানৰ আগতেই প্ৰেৰণ কৰা হৈছিল যাতে প্ৰাৰ্থীজন সময়মতে চাকৰিত যোগদান কৰিব পাৰে ৷
সাধাৰণ লোকৰ ক্ষেত্ৰতো একেই পদ্ধতিৰ ব্যৱহাৰ কৰিছিল কিন্তু ঘৰৰ কাৰোবাৰ মৃত্যু হ'লে এই শোকবাৰ্তা বহুত পলমকৈ মৃতকৰ আত্মাীয়গৰাকীয়ে পাইছিল ৷ হ'লেও সেইসময়ত চিঠিয়ে আছিল একমাত্ৰ সামাজিক মাধ্যম ৷ চিঠিৰ এই পদ্ধতি এক দীঘলীয়া সময়লৈকে চলি থাকিল ৷
তাৰ মাজতে অৰ্থাৎ ১৮৭৮ চনৰ এপ্ৰিল মাহত বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহামবেলে টেলিফোনৰ আৱিষ্কাৰ কৰিলে মানুহৰ মাজলৈ ১৯১০ চনত  টেলিফোন স্থায়ীভাৱে আহিল এই আৱিষ্কাৰ কিন্তু খুব কম ভিতৰত অধিক জনপ্ৰিয় হৈ পৰিল কাৰণ যিকোনো ঠাই বা দেশৰ পৰা যিকোনো কোনত থাকি এজনে আনজনৰ লগত কথা পাতিব পাৰিছিল সেইয়াও কেইটামান ক্ষণৰ ভিতৰত গতিকে টেলিফোনক  মানুহে সামাজিক মাধ্যম হিচাপে আদৰি ল'লে ৷
অভাৱে হ'ল আবিষ্কাৰৰ মূল গতিকে ইয়াতে বিজ্ঞানীসকলে ৰৈ নাথাকি আকৌ অনুসন্ধান আৰম্ভ কৰিলে সামাজিক মাধ্যম পদ্ধতি আৰু বেছি ক্ষীপ্ৰ আৰু উন্নত কৰিবলৈ ফলস্বৰূপে উনৈশ শ শতিকাত চাৰ্লছ বেবেজে কম্পিউটাৰ নামৰ যন্ত্ৰটোৰ আৱিষ্কাৰ কৰিলে ৷ সমাজত  কম্পিউটাৰৰ প্ৰৱেশৰ ফলত মানুহৰ কামকাজবোৰ অতি সহজ হৈ পৰিল এটা কম্পিউটাৰে দহজন মানুহৰ কাম অকলে আৰু অতি কম সময়ৰ ভিতৰত কৰিব পৰা ক্ষমতা থকাৰ বাবে টকা আৰু সময় দুয়োটাৰে বচত হোৱাত কম্পিউটাৰৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পালে ৷ বিজ্ঞানীসকলে ইয়াতে থমকি নৰৈ ১ জানুৱাৰী ১৯৮৩ চনত আৰ্পেন্টে টিচি আইপিৰ প্ৰয়োগ কৰি শোধকৰ্তা সকলে নেটৱৰ্ক অফ নেটৱৰ্কক যোগ কৰিবলৈ আৰম্ভ কৰিলে ৷ যাৰ ফলত আধুনিক ইণ্টাৰনেটৰ সৃষ্টি হ'ল ৷ তেতিয়া  ১৯৯০ চনত অনলাইন পদ্ধতিয়ে যোগ্যতা অৰ্জন কৰিলে  যেতিয়া টিম বাৰ্নৰ্স নামৰ বিজ্ঞানী গৰাকীয়ে world wid4 web ৰ উদ্ভাৱন কৰিলে ৷ ইণ্টাৰনেটৰ লগতে ভ্ৰমিত ৱেব বাস্তৱত ৱেবছাইট আৰু ৱাইপৰলিংকৰ দ্বাৰা অনলাইন ডেটা পঠিওৱাটো অতি সহজ সাধন হৈ পৰিল ৷ ফলত ইণ্টাৰনেট সামাজিক মাধ্যমৰ অত্যাধুনিক আৰু উন্নতবিধৰ আৱিষ্কাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰিলে ৷ তাৰপাছত সৃষ্টি হ'ল ইলেক্ট্ৰনিক মেইল আৰু এছএমএছ , পদ্ধতি এই পদ্ধতিৰ দ্বাৰা কিছু ছেকেণ্ডৰ ভিতৰতে যিকোনো ঠাইলৈ বাৰ্তা কৰিব পৰা হ'ল সেয়াই নহয় ইণ্টাৰনেটৰ যোগেদি ভিডিঅ কলিং কৰাৰ লগতেও মনোৰঞ্জনৰ সাসুবিধা বহণ কৰিব পৰা ক্ষমতা হ'ল ৷ যাৰ ফলত মানুহ চেটেলাইট বা কৃত্ৰিম উপগ্ৰহৰো আৱিষ্কাৰ কৰি পৃথিৱীৰ বাহিৰত স্থাপন কৰিলে এই সকলবোৰ সম্ভৱ হ'ল কম্পিউটাৰৰ দ্বাৰা ৷ ইণ্টাৰনেটৰ আৱিষ্কাৰ নোহোৱাৰ আগতে ১৯২৫ চনত বিজ্ঞানী জন লগি বেয়াৰ্ডে টেলিভিচনৰ আৱিষ্কাৰ কৰি উলিয়াই এই টেলিভিচনৰ দ্বাৰা বিভিন্ন ঠাইৰ ঘটনা পৰিঘটনা পোনপটীয়াকৈ ঘৰতে বহিয়ে মানুহে শব্দ আৰু চিত্ৰসহ উপভোগ কৰিবলৈ পৰা হ'ল মাথাে সেয়াই নহয় টিভিৰ দ্বাৰা মানুহে বিভিন্ন মনোৰঞ্জনজনক অনুষ্ঠান উপভোগ কৰিবলৈ পোৱাৰ ফলত 
টেলিভিচনৰ জনপ্ৰিয়তা মানুহৰ মাজত বাঢ়িল টিভি এক উত্তম সামাজিক মাধ্যম হিচাপে প্ৰখ্যাত হ'ল ৷ 
গতিকে চিঠি,কম্পিউটাৰ,টিভি আৰু ইণ্টাৰনেটৰ আৱিষ্কাৰে মানৱ সমাজক এক উপকৃত জীৱন প্ৰদান কৰিলে ৷ এই প্ৰতিটো 
আৱিষ্কাৰে সামাজিক মাধ্যম সৃষ্টি কৰাত শ্ৰেষ্ঠ ভুমুিকা পালন কৰি আহিছে তাৰপাছত ১৯৭৩ চনৰ ৩ এপ্ৰিলত মাৰ্টিন কপাৰ নামৰ বিজ্ঞানীজনে প্ৰথম হাত মবাইল বা হেণ্ডচেট মবাইলৰ আৱিষ্কাৰ কৰিলে গতিকে মটৰলা কোম্পানীয়ে সৰ্বপ্ৰথম  মবাইল ফ'ন মানুহৰ মাজলৈ আনিলে ৷ আৰু এই মবাইল ফ'নৰ আগমনে মানুহৰ বাবে সহজলভ্য দৈ পৰিল এই মবাইলৰ প্ৰতি মানুহ অত্যাধিক আকৰ্ষিত হৈ পৰিল ৷ সময়ৰ সালসলনিয়ে নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱন হৈ আহিছে বিল গেষ্টৰ মাইক্ৰচফ্ট আৱিষ্কাৰ হোৱাৰ লগেলগে ইলেক্ট্ৰনিকৰ বজাৰত বিভিন্ন ধৰণৰ চফ্টৱেৰৰ আগমণ ঘটিল ৷
তাৰপাছত গুগল প্লে স্টৰ মবাইলত স্থাপন হ'ল ইয়াৰ দ্বাৰা whatsup. Facbook . twitter . Instagram . Tik tok . আদি ধৰণৰ চছিয়েল মিডিয়াৰ  Apps অহাৰ লগেলগে মানুহৰ জীৱনৰ গতিয়েই সলনি হ'ল সকলোৱে চছিয়েল মাধ্যমৰ লগত ব্যস্ত থাকিবলৈ ল'লে লাহে লাহে এনে সময় আহি পৰিল ব্যক্তিয়ে পৰিয়ালৰ সৈতে কটাবলৈ সময় নোপোৱা Facbook . whatsupত নানা গ্ৰুপৰ সৃষ্টি হোৱাৰ ফলত সম্পৰ্কৰ মাজত ব্যৱধান পৰিছে ৷ কোন পিতা কোন পুত্ৰ কাৰো সময় নাই সকলোৱে ম'বাইল মেনিয়া হৈ পৰিছে ৷ একপ্ৰকাৰে মবাইলৰ প্ৰতি আসক্ত অত্যাধিক বৃদ্ধি পাইছে ৷ প্ৰতিটো আবিষ্কাৰৰ ভাল বেয়া দুটা দিশে আছে মাথো নিজৰ জ্ঞান বিবেক আৰু চেতনাৰ সহায়ত নিৰ্বাচন কৰাৰ প্ৰয়োজনীয়তা আছে ৷
গতিকে এই চছিয়েল মিডিয়াৰ Apps বোৰে মানৱ সমাজত সামাজিক মাধ্যম সৃষ্টি কৰাত বিশেষ ভূমিকা পালন কৰিছে ৷
এনড্ৰইড নামৰ মবাইল ফ'ন টো  অহা মাত্ৰে হাজাৰ হাজাৰ চছিয়েল মিডিয়াৰ Apps Playstore ত মজুত আছে মাথো হাতৰ আঙুলি স্পৰ্শ কৰাৰ প্ৰয়োজন আৰু আলাদিনৰ চাকিটোৰ দৰে যিয়ে বিচৰা সেইটোৱে পোৱা সহজ হৈ পৰিছে ৷ যিকোনো বাৰ্তা নিমিষতে ইখন ঠাইৰ পৰা ইখন ঠাইলৈ প্ৰেৰণ কৰিব পাৰি দূৰ দেশত বহিও ভিডিঅ কলিঙৰ দ্বাৰা মুখামুখি কথা পতাতো তেনেই সহজ হৈ পৰিছে ৷ আমাৰ দৈনন্দিন লাগতিয়াল যিকোনো সামগ্ৰী এতিয়া অনলাইন কিনা বেচা কৰিব পাৰি ৷
যিকোনো ভাল লগা কিতাপ অনলাইনৰ দ্বাৰা অধ্যয়ন কৰিব পাৰি ৷ এতিয়া লকডাউনৰ সময়ত স্কুল কলেজৰ ছাত্ৰ -ছাত্ৰীসকলে অনলাইন পঢ়াশুনা কৰাত সুবিধাজনক হৈছে অনলাইনৰ যোগেদি আৰু পৰীক্ষাও অনলাইনত দিব পাৰিছে বিদ্যাৰ্থীয়ে ৷ গতিকে সামাজিক মাধ্যমৰ এই বৰঙনি সঁচাকৈয়ে মন কৰিবলগীয়া , কিন্তু বৰ্তমানৰ নৱপ্ৰজন্মই ইয়াৰ সৎপ্ৰয়োগ নকৰি তাৰ বিপৰীতে বেছিকে ঢাল খাইছে দিনটো ধৰি সকলো কাম বন এৰি পাবজী ,ফ্ৰী ফ্ৰায়াৰ আৰু Facbook.whatsup আদিত লাইক কমেণ্ট ৰ মাজতে বেছি সময় অতিবাহিত কৰিছে , সেইয়াই নহয় লাইক, কমেণ্ট বেছি পাবলৈ নকৰিবলগীয়া কামবোৰ কৰিবলৈকো কুণ্ঠাবোধ 
কৰা নাই ৷
এতিয়ালৈকে গম পালোঁ যে সামাজিক মাধ্যমৰ ভাল আৰু বেয়া দুটা দিশ আছে ৷
এতিয়া কথা হ'ল সামাজিক মাধ্যমৰ মূল্য নুবুজা আৰু সামাজিক মাধ্যমৰ দুৰ্প্ৰয়োগ কৰা  নৱপ্ৰজন্মক কিদৰে  মাৰ্গদৰ্শন কৰিব পাৰি এইক্ষেত্ৰত সৰ্বপ্ৰথম অৱিভাৱককৰ দায়িত্ব সৰ্বাধিক কম বয়সত ল'ৰা ছোৱালীক ম'বাইল ফ'ন আদি ধৰণৰ গেজেটচ দিয়া বন্ধ কৰা উচিত আনহাতে এটা নিৰ্দিষ্ট বয়সত সামাজিক মাধ্যমৰ গেজেটচ দিব কিন্তু চোকা দৃষ্টিৰ মাজেদি পৰিচালিত হ'বলৈ দিব ৷
সামাজিক মাধ্যমৰ সৎ ব্যৱহাৰ কেনেকৈ কৰা হয় সেই জ্ঞান দিয়াতো অত্যন্ত আবশ্যক ৷ সামাজিক মাধ্যমৰ সঞ্চাৰ আৰু প্ৰয়োগ কৰণৰ কৌশল আৰু নিয়মিত পদ্ধতিৰে ব্যৱহাৰৰ জ্ঞান যেনেঃ - সামাজিক মাধ্যম অথবা চছিয়েল মিডিয়া দৈনন্দিন জীৱনত মানুহৰ হিতকৰী হৈ কেনেকৈ কাম কৰিব ৷ এই বিষয়ে নৱপ্ৰজন্মক শিক্ষা দিয়াটো অতি 
আবশ্যক ৷ বিভিন্ন কামকাজৰ ক্ষেত্ৰত আৰু সামাজিক মাধ্যমৰ সহায়ত ভৱিষ্যত গঢ়ি তুলিবলৈ ৷ উদাহৰণস্বৰূপেঃ- অনলাইন সংবাদাতা হিচাপে নিজৰ জীৱন গঢ় দিবলৈ অনলাইন সাংবাদিকতাৰ ওপৰত সঠিক জ্ঞান থকা  ৷
 নিজৰ বুদ্ধি আৰু চেতনাৰ বলত সামাজিক মাধ্যমৰ প্ৰতি অতি বেছি আকৰ্ষণ হোৱাটো কিন্তু অনুচিত এনে কৰিলে নৱপ্ৰজন্মৰ জীৱনটো নিৰৰ্থক যাব ৷ নৱপ্ৰজন্মৰ ভবিষ্যৎ অন্ধকাৰময় হোৱাৰ সম্ভাৱনা অধিক থাকে ৷ গতিকে শেষত ইমানেই কৈ সামৰিছো চেতনা শক্তিৰে সামাজিক মাধ্যমত শুদ্ধ দিশ দিয়া আৰু জ্ঞান , বুদ্ধি , কৌশলেৰে ভৱিষ্যৎ সুৰক্ষিত কৰা লগতে সফলতাৰ আকাশ চুই ইতিহাস ৰচা নৱপ্ৰজন্মলৈ মোৰ এইয়াই কামনা ৷

🖋দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)