এজাক বৰষুণৰ অপেক্ষাত-২৭

Rinku Rajowar
0
________ অই স্বাগত দাৰ কথা টো কি ভাবিলি তই? কিবা উত্তৰ দিবি নে কি ?
বৰ্ষা_______ অ তোক কবলৈ আছেই,,, কালি ৰাতি ফোন কৰিছিল স্বাগত দাই বহুত দেৰি কথা পাতিলো তেতিয়া মই মোৰ ফালৰ পৰাও কৈ দিলো ভাল পাওঁ বুলি।
________ কি..........??? ইমান এটা ভাল খবৰ তই মোক কোৱাই নাই যে? তই নিজেই ক"লি নে স্বাগত দাই আকৌ সুধিছিল?
বৰ্ষা_______ সেইটো নো কি ভাল কথা, কালি কৈছোঁ হে তোক মই এনেও ক"লোয়ে হেঁতেন। মই নিজেই ক"লো ইমান আশা দি থাকিবলৈ মন নগল আৰু। ফোন টো কাটিব লৈছিল কথা পাতি হৈ যোৱা পাছত তেতিয়াই মই কৈ দিলো আৰু। বহুত লাজ লাগিছিল জান"।
_______ বেলেগ আৰু দেই।
বৰ্ষা_____ হব তই আকৌ এতিয়া মোক লাজ দিব নালাগে।
_______ সেইকাৰণে আজি খেলি থাকোতে ইমান চিঞৰি আছিলি। 
বৰ্ষা_______ তেনেকুৱা কথা নহয় অ,,,,জোকাই নাথাক এতিয়া।huh
______ হব দে ভালেই হল।
কথা পাতি পাতি গাড়ীত উঠিলো। বৰ্ষাও নিজৰ গাড়ীত উঠিল গৈ। ঘৰ আহি সন্ধিয়া প্ৰান্তিক দা লৈ ফোন কৰিলো।
________ কি কৰিছে
প্ৰান্তিক_______ শুই আছো।বহুত দিনৰ মূৰত খেলিলো কাৰণে আজি গোটেই গাটো বিষ।
_______ মই নকৰিলে আগত সেইকাৰণে ফোন এটাও নকৰে।
প্ৰান্তিক_______ নহয় অ। তুমি আজৰি হৈ ফোন কৰিবাই সেইকাৰণে মই নকৰিলোঁ আৰু।
_______ হব। ভৰিত কিমান দুখ পালে অথনি?
প্ৰান্তিক______ নাই বেছি নহয় ঠিক হল এতিয়া। ৰবলেও" সময় নহল ন" খেল শেষ হোৱা পাছত।
_______ আপোনালোক খাবলৈ গুচি গল যে তাতে আপুনি ভৰিত দুখ পালে সেইকাৰণে ৰৈ নাথাকিলো আৰু। শুনক না ভাল খৱৰ এটা আছে।
প্ৰান্তিক_______ কোৱা চোন শুনো কিনো ভাল খবৰ আছে।
________ বর্ষাই স্বাগত দাক ভাল পাওঁ বুলি কলে।
প্ৰান্তিক_______ হা,,,,, কেতিয়া? 
________ কালি ৰাতি কলে তাই ,,,, এতিয়া ভালেই হল আমি সব একেলগে ফুৰিব যাম।
প্ৰান্তিক________ আইও পোৱালি,,,, তাই কত মাথা মাৰিছে চোৱা। পৰীক্ষা হব এতিয়া পঢ়িব পৰা নাই তাই আকৌ ফুৰিবলৈ যায়।
________ নহয় পৰীক্ষা শেষ হোৱা পাছত যাম। আপুনি নিনিলে নাযাও‌ঁ আৰু। অকলেই যাম তেতিয়া huh
প্ৰান্তিক______ খং উঠিলেই নেকি?
_______ নাই উঠা 
প্ৰান্তিক_______ হব যাম বাৰু বন্ধ পালে।এতিয়া পঢ়ি লোৱা যোৱা।
_______ ওম হব ।
________ অাৰু মই এইকেইদিন কলেজ নাযাওঁ একেবাৰে খেল শেষ হোৱা পাছত হে যাম।
প্ৰান্তিক______ ওম নালাগে দিয়া আহিব। ঘৰতে থাকিবা। মোৰো যাবলৈ মন নাছিল কিন্তু খেলৰ কাৰণে এতিয়া যাব লাগিব।
_______ ওম ঠিক আছে। Bye এতিয়া।
ফোন টো কাটি কিতাপ খন মেলিছো। 2nd year পোৱাৰ পৰা পঢ়িবলৈকে মন নোযোৱা হল। অকল প্ৰান্তিক দাৰ কথা মনলৈ আহি থাকে। ভাল প্ৰেমত পৰিলো মই। (অকলে অকলে হাঁহি আছো)। খেল শেষ হোৱা পাছদিনাই আমাৰ ক্লাছ টেষ্ট হব। সেইকাৰণে এইকেইদিন ঘৰতে আছো যেতিয়া পঢ়িব লাগিব।

খেল ধেমালি শেষ হল।আজিৰ পৰা আমাৰ পৰীক্ষা। যিহেতু ক্লাছ টেষ্ট আগৰ সময়তে কলেজত গৈ হাজিৰ মই। বৰ্ষাও আহিল।পৰীক্ষা আৰম্ভ হল। একেদিনাই গোটেই কেইটা বিষয়ৰ পৰীক্ষা ক্লাছ হিচাপে হৈ গল। ভালেই হল আজৰি হ'লো। পৰীক্ষা শেষ হোৱা পাছত বৰ্ষাক কলো ,
______ অই কাইলৈ মানে ফুৰিবলৈ যাম দেই।
বৰ্ষা_______ হেই,,,,, মোক নিদিব চাগে যাবলৈ। আজি কালি বেছি ঘূৰি ফুৰিবলৈ নিদিয়ে মোক মামাই।
________ একো নহয় বহুত দিন নাই যোৱা। ওলাবি চোন। তহঁতি নগলে ভাল নালাগে। আৰু অকল প্ৰান্তিক দাই মইয়ে যে ফুৰিবলৈ নাযাওঁ দেই।
বৰ্ষা______ বাৰু ৰ'ৱি তই প্ৰান্তিক দাক ক"লি জানো?
_______ নাই আজি গৈ তেল মাৰিম। নিনিলে নহব। আগতে এদিন কৈ থৈছিলো বাৰু। তই স্বাগত দাক কবি।
বৰ্ষা________ হব।
ঘৰ গৈ সন্ধিয়া প্ৰান্তিক দা লৈ ফোন কৰিলো। 
_________ uff,,,, পৰীক্ষা শেষ। কাইলৈ কৰবাত যাব লাগিব।
Indirectly তেওঁক ফুৰিবলৈ যোৱা কথা ক"লো।
প্ৰান্তিক_______ অ হয় নেকি আই।
ক্লাছ টেষ্ট টোহে শেষ হৈছে। ফাইনেল পৰীক্ষা শেষ হোৱা নাই নহয়।
________ মানে আপুনি ফুৰিবলৈ নাযায়? ঠিক আছে নালাগে হব। নাযাওঁ।
প্ৰান্তিক_________ লাগি গ"লা ন" দন্দুৰি কাজিয়া কৰিবলৈ।তোমাক মই কেতিয়া ফুৰিবলৈ নাযাওঁ বুলি ক"লো?
________ হব জানো আপোনাৰ কথা।যাবলৈ মন নাই কথা কবলৈ আহিছে।আজিকালি আপোনাৰ কথা বোৰ বহুত গহীন গহীন হৈ গৈছে।
প্ৰান্তিক_______ আচ্ছা,,,,sorry নকওঁ আজিৰ পৰা তেনেকৈ। তোমাৰ ভালৰ কাৰণে হে কও। এতিয়া নপঢ়ি ফুৰি থাকিবা পাছত ফাইনেল পৰীক্ষা বেয়া হব। মোক কবা।
________ ফাইনেল পৰীক্ষা লৈ বহুত দিন আছে। তেতিয়া পঢ়িম। এতিয়া যাব নাই কওঁক?
প্ৰান্তিক_______ হব হব যাম বাৰু । নগ"লে আৰু তুমি মোক সোদাই এৰিবা নে?
_______ ওম
হাঁহি উঠি গল।
প্ৰান্তিক_______ হাঁহিবলৈ আহিছা এতিয়া। পিছে মাক ক"লা নাই ?
________ নাই কোৱা এতিয়া কম।মই বৰ্ষাক কৈ থৈছোঁ। সিহঁত দুটাও যাব।
প্ৰান্তিক________ ওম। ১০ মান বজাত ওলাই থাকিবা।
_______ হব
মনটো ভাল লাগি গ"ল। কাইলৈ আকৌ বহুত দিনৰ মূৰত ফুৰিবলৈ যাম।
" জীউ কাৰ লগত কথা পাতি আছ", পৰীক্ষা কেনেকুৱা হল"। পাছফালৰ পৰা মায়ে মাতিলে।
________ লগৰ এজনীৰ লগত কথা পাতি আছিলো। পৰীক্ষা গল আৰু যেনে তেনে।
" আজি কেইদিন মানৰ পৰা তই ফোন টোত ইমান ব্যস্ত হৈ থাক যে কিবা হৈছে নে কি? ৰাতি হলেও কাৰোবাৰ লগত কথা পাতি থাক"। চাবি দেই কথা টো মই বৰ ভাল দেখা নাই। বাহিৰা কথা মনলে আনিছ" যদি এৰি দে এতিয়াই আৰু পঢ়াত মন দে"
________ নাই কিনো হব। এনে মাজে মাজে ফোন টো চাওঁ।
মায়ে মানে বহুত দিনৰ পৰা কথা বোৰ লক্ষ্য কৰি আছিল। নাই মই কথা পতা টো অলপ কমাব লাগিব ফোনত।নহলে কেতিয়াবা দিগদাৰ
 আছে।
" ভাত খাই ল'হি আহ"
_______ গৈছো। অ মা কাইলৈ ফুৰিবলৈ যাম বৰ্ষাও যাব।
" কোনো দৰকাৰ নাই।আজিকালি তোৰ ফুৰা-চকা কথা বোৰ অলপ বেছি হৈছে। নোৱাৰ" যাব,,,, ফাইনেল পৰীক্ষা পালেহি এতিয়া ক'তো যাব নোৱাৰ"। ঘৰত থাক আৰু কিতাপ পঢ়। পৰীক্ষা বেয়া হব লাগিলে জানিবি দেউতাই কি কৰিব।"
মাৰ এষাৰ কথাতে মই একেবাৰে চুপ হৈ গ'লো। যাবলৈ নিদিও বুলি কলে যেতিয়া নিদিয়ে আৰু। কৈ নাথাকিলো।
মা গুচি গ'ল ওচৰৰ পৰা। বহুত দুখ লাগিল। সবকে কৈ এতিয়া যাবলৈ নাপালোঁ। আজি বহুত দিনৰ মূৰত মায়ে এনেকৈ গালি পাৰিছে। ভাত খাবলৈ নগলো।কান্দি আছো ৰোমতে। ইফালে মায়ে দেউতাৰ লগত মোৰ বিষয়ে খঙত কিবা কথা পাতি আছে মই অলপ অলপ কৈ শুনি আছো যদিও গুৰুত্ব দিয়া নাই। ভাত নাখাওঁ বুলি ৰোমতে সোমাই আছো। তেনেকুৱা তে আকৌ মা আহিল।
" কি হল নাহ' কিয় ভাত খাবলৈ"
মই একো কোৱা নাই।
" হব যাবি এইবাৰৰ কাৰণে কিন্তু এইবাৰেই শেষ আকৌ। তাৰ পাছত আৰু কতো যাবলৈ নিবিচাৰিবি।"
কথা টো কৈ মা গুচি গল। 

আগলৈ•••

✏️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)