টাটালৈ আহিলে চিন্তা কৰিব লগা একো নাথাকে বুজিছা । ইয়াত দুই এদিন দেৰি হলেই ধৈৰ্য হেৰুৱাই আন হস্পিটেললৈ দৌৰ মাৰিব নালাগে । তেনেক্ষেত্ৰত কিন্তু নিজৰ লোকচান হোৱাৰ আশংকা বেছি।
দিপ্তীৰ কথা সচাঁ ।ৰামানুজেও ভাবিছে তাকেই ।
মুম্বাই আহি পোৱাৰ দুদিন পাছত দিপ্তীযে ঘৰলৈ ফোন কৰিছিল । নিজৰ ল'ৰাৰ দৰে ডাঙৰ দীঘল কৰা ৰমেনৰ লগত কথা পাতিছিল তাই । সেই সময়ত ৰুমত কোনো নাছিল । অৰিন্দম কেনিবা ওলাই গৈছিল । বেৰৰ ফালে মুখ কৰি কথা পাতি থকা দিপ্তীয়ে ৰামানুজ দৰজা মুখত থিয় হৈ থকা গম পোৱা নাছিল । তাইৰ মুখৰ পৰা ওলোৱা কেইটামান কথা ৰামানুজৰ কাণত পৰিছিল ।
--মই ভাল হ'ম বোলে ......অ' মই ভাল হ'ম হেনো .......
..........মই যাম নহয়.....তোক তেতিয়া দেখুৱাই দিম ।
কথাষাৰ শুনি ৰামানুজৰ বুকুখন মোচৰ খাই উঠিছিল । '' মই ভাল হ'ম হেনো '' কিমান অনিশ্চয়তাৰ গৰ্ভত নিমজ্জিত হৈ আছে মানুহ জনী । ভাল হ'ব হেনো । তাৰ মানে নহ'বও পাৰে --- । শেষৰ ফালে দিপ্তীৰ মাতষাৰ কঁপিছিল । ৰামানুজ আতঁৰি আহিছিল । সেইদিনাৰ প্ৰসঙ্গটো কেতিয়াও তাইৰ আগত উলিওৱা নাছিল ।
সেই একেজনী মানুহেই আজি ৰোগীৰ অভিভাৱকক বুজাব পৰা হৈছে । ৰোগীৰ মনলৈ আত্মবিশ্বাস আনি দিব লাগে । ৰোগীক খুব মৰমেৰে ৰাখিব লাগে । কেঞ্চাৰ ৰোগৰ আন এটা চিকিৎসা হল ''মৰম'' । বাহ !! ৰামানুজৰ মনটো ভাল লাগি আহিল ।
--বাবুজী খালী চেয়াৰ নাহি হে ।
ৰামানুজৰ কাষতে থিয় হৈ ল'ৰা এটাই কাৰোবাক ক'লে । সাধাৰণতে এনেকুৱা হৈয়ে থাকে । থিয় হৈ থাকিব নোৱাৰা অতি দুৰ্বল ৰোগীক বহুৱাবলৈ অভিভাৱকে খালী ঠাই বিচাৰি ফুৰে । কাৰোবাক ৰিকুৱেষ্ট কৰে ।
প্ৰথম অৱস্থাত দিপ্তীক বহুৱাবলৈও সি একেদৰেই খালী চকী বিচাৰি ফুৰিছিল । কিন্তু
ইয়াত সকলোৱে সকলোকে সহায় কৰে । ৰোগী দেখিলেই সুস্থ জনে ঘপহ্কৈ থিয় হৈ কয় , ' আইয়ে ইধৰ বৈঠিএ ' । যিহেতু সকলো একেখন নাৱৰে যাত্ৰী ।
ল'ৰাটোৰ দৃষ্টি অনুসৰণ কৰি ৰামানুজে দেখিলে বিছ-বাইছ বছৰ বয়সৰ ছোৱালী এজনী সাৱটি ধৰি মহিলা এগৰাকী লাহে-লাহে আহি আছে । কাষে-কাষে এজন পুৰুষ । হাতত এটা ডাঙৰ বেগ । তেওঁৰ পাছে-পাছে আৰু এজন পুৰুষ । দুয়োৰে পিন্ধনত ধুতি আৰু কামিজ । কেওজনৰে চিন্তা জৰ্জৰিত মলিন মুখ । সেয়াই আচলতে ইয়াত স্বাভাৱিক । হাঁহি ইয়াত সুলভ নহয় । ডাৱৰৰ মাজৰ জোনৰ দৰে কাৎচিতহে দেখা পোৱা হয় ।
ছোৱালীজনী সাৱটি ধৰি অহা মহিলাগৰাকী অসুস্থ বুলি ধাৰণা হল ৰামানুজৰ । সি ঠাইতে থিয় হৈ মহিলাগৰাকীলৈ চাই তাৰ চকীখনলৈ ইঙ্গিতেৰে মাতিলে । সচাঁকৈয়ে ক'তো এখনো চকী খালী নাই । ছোৱালী
জনী ধৰি ধৰি মহিলাগৰাকী চকীখনৰ ওচৰ পালেহি ।
--------------------আগলৈ---------------
✍️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ