আপোনাক সুধিছো, হ'ব নেকি মোৰ বন্ধু?আপুনি হ'ব নালাগে সুন্দৰ, সুগঢ়ী অথবা আবেদনময়, হ'ব নালাগে কোনো চিনেমাৰ হিৰ' কিম্বা বডি বিল্ডাৰ, মোক দেখা পাই খহি পৰিব নালাগে আপোনাৰ হাতৰ নোট বুক অথবা কলম, উজুতি খাই পৰিব নালাগে সমতল ভূমিত, নামী-দামী ৰেষ্টুৰেন্ট অথবা বাৰত খুৱাব নালাগে মোক মাটন বিৰিয়ানী, চিকেন বাটাৰ মছালা অথবা ভদকা,হুইস্কী! মোৰ বন্ধু হ'বৰ বাবে আপুনি পিন্ধিব নালাগে চ্যুট,বুট কিম্বা দামী ঘড়ী, মোৰ জন্ম দিনত উপহাৰ দিব নালাগে বি. এম. ডব্লিউ কিম্বা অ'ডি,মোৰ বন্ধু হ'বলৈ আপুনি মুচৰি মাৰিব নালাগে কাৰোবাৰ চালুকীয়া স্বপ্ন কিম্বা গৰ্ভস্থ ভ্ৰুণ, আপুনি হ'ব নোৱাৰিব কৃত্ৰিম হাঁহিৰ গৰাকী, চকুত থাকিব নালাগিব কামুকতা অথবা আন্ধাৰত চুই চোৱাৰ বাসনা,
তেন্তে কি কৰিব মোৰ বন্ধু হ'বলৈ, অকৃত্রিম হাঁহি এটাৰে আগবঢ়াই দিব আপোনাৰ হাতখন, আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে মই খামুচি ধৰিম, বিনিময় কৰিম সুখ-দুখৰ,আপুনি ক'ব আপোনাৰ কথা ময়ো অনৰ্গল কৈ যাম বিৰহ, বেদনাৰ শোক ভৰা গাঁথা, কেতিয়াবা প্ৰলাপ বকিম অথবা অপ্ৰকৃতিষ্ঠ হৈ আপোনাক অনৰ্গল গালি বৰষিম, আপুনি বেয়া পালে নহ'ব, মৌন হৈ শুনিব মোৰ কথা, শেষত ময়েই ক্ষমা খুজিম আপোনাৰ পৰা, যদি কেতিয়াবা দুৰাৰোগ্য ব্যাধিয়ে বাহ লয় মোৰ শৰীৰত, মোৰ ক'লা পৰা চকুৰ পটা অথবা মোৰ নিস্তেজ হাঁহিটোতে তাৰ উমান ল'ব, মই অবহেলা কৰিলেও আপুনি মোক আৰোগ্য হোৱাৰ বাট দেখুৱাব, মই আশা কৰিম শ্ৰীকৃষ্ণই শোৱাপাটিৰ পৰা উঠি অৰ্জুনক প্ৰথম দৰ্শন কৰাৰ দৰে ময়ো আপোনাকেই প্ৰথম দৰ্শন কৰিম কায়িক অথবা মানসিক ভাবে, নহ'লে বাৰ্তা বাকচৰ এটি পুৱাৰ সম্ভাষণৰ সতে, সখা কৃষ্ণ লৈ নিয়া বিপ্ৰ দামোৰৰ মলিয়ণ মৰমৰ টোপোলাটোৰ দৰে মই যদি আগবঢ়াই দিও তিনিমুঠি চাউল,আপুনি দলিয়াই নেপেলাব,কেতিয়াবা যদি হাৰি যাও যুঁজি যুঁজি জীৱন যুদ্ধত, আপুনি মোৰ জীৱন ৰথৰ সাৰথি হ'ব, হতাশাৰ বিৰুদ্ধে অস্ত্র ধৰিবলৈ মোক প্ৰেৰণা দিব, আপুনি দেখিবলৈ ধুনীয়া নহ'লেও কথা নাই, মনটো কিন্তু হ'ব লাগিব স্বচ্ছ, যাতে মই নিঃসংকোচে ক'ব পাৰো মোৰ উৱঁলি যোৱা অন্তৰ্বাসৰ খবৰ, অথবা সাত জনমৰ শপত দি নিঠৰুৱা কৰা ভণ্ড প্ৰেমিকজনৰ ঠিকনা, কেতিয়াবা মোক শাসনৰ সুৰত ধমক দিব, কেতিয়াবা দিব সান্ত্বনা, বিনিময়ত আপোনাকো উজাৰি দিম বন্ধুত্বৰ হাজাৰ ভালপোৱা,আপোনাৰ বাৰ্থ দে' পাৰ্টি কিম্বা বিবাহ বাৰ্ষিকীত হয়তো যাব নোৱাৰিম মই, তাৰ বাবে অভিমান নকৰিব,আমি দুয়ো আগতীয়াকৈ পাৰ্টি কৰিম একাপ ৰঙা চাহ আৰু এটা কটা বিস্কুটেৰে,আভিজাত্যৰ চমকেৰে চকু চাট্ মৰা সেই পাৰ্টিবোৰত মোৰ নিজকে চিড়িয়াখানাৰ জন্তু যেন অনুভব হয়, মই নিবিচাৰো মোৰ উঁৱলি যোৱা পোচাকযোৰৰ বাবে অভিজাত অতিথিবোৰে আপোনাক কটাক্ষ কৰক, অৱশ্যে মোৰ বাৰ্থ দে' পাৰ্টিত আপুনি থাকিবই লাগিব, আপুনি অবিহনে নহ'ব মোৰ উদযাপন, মোৰ বাবে আপুনিয়েই একমাত্র অতিথি, আপোনাৰ উপস্থিতিয়েই হ'ব মোৰ বাবে শ্ৰেষ্ঠ উপহাৰ,নাথাকিব কোনো সংশয়, মই গাই যাম জীৱন সুৰৰ এটা গান, আপুনি বজাব হেঁপাহৰ বেহেলা, বিশাল আকাশখনক গালৈ টানি লৈ দুহাত মেলি মই শুই যাম জোনাকী ৰাতি, মোক চিতাত তুলিবলৈ আপুনি নহাকৈ নাথাকিব! কওকচোন হ'বনে আপুনি মোৰ বন্ধু ৷
✍বিজয় লক্ষ্মী বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ