সপোনটো এটা ঘৰৰ ভিতৰত আবদ্ধ___
শিল- বালি, চিমেন্ত- ইটা
নতুবা বাঁহ আৰু মাটিৰেও নিৰ্মিত নহয় ঘৰটো,
অগণন ত্যাগ আৰু মৰমেৰেহে সজ্জিত
এই আদিম ন মহীয়া সপোনটোৰ ঘৰ।
কিছু আকাংক্ষিত হেঁপাহ আৰু
কতযে আদৰ জমি থাকে সেই ঘৰটোৰ ভিতৰত,
নিৰ্মল আৰু সদা জাগ্ৰত মাতৃয়ে
অগনন প্ৰেমৰ উশাহ কাঢ়ে
আৰু সপোনৰ খেল খেলে তাৰ চৌদিশে।
অলৌকিকতাৰে কিমান যে দিন পাৰ হয় আৰু
অধীৰতাৰে কিমান যে অপেক্ষা কৰে মাতৃয়ে!
এদিন এটি বীজ
এটি দুটি সেউজীয়া পাত
ডাঙৰ হব, পুলি-পোখা গজিব আৰু ছাঁ দিব।
সঁচাকৈ কি যে অলৌকিক!!
ক্ৰমে নিয়তিৰ অশান্ত সময়ত নি:স্বাৰ্থে
সপোনটো পুৰণি আৰু পূৰঠ হব ধৰে,
এদিন সপোনটো নমহীয়া হয় ।
🖋️জিতুমণি নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ