সাঁচি ৰখা ধন

Rinku Rajowar
0
ৰাতিপূৱাৰ সূর্যৰ পোহৰে ৰমেনৰ দুমহলীয়া ঘৰটোৰ আইনাৰ চিকমিকনিত ওচৰৰ কুন্তেশ্বৰী আইতাৰ  চকুত টোপনি নোহোৱা হ'ল ৷নিজৰ পুতেকৰ মুখলৈ চাই লৈ আইতাই কলে , ''বোপা ৰমেনৰ দৰে তইয়ো এনে এটা ঘৰ সাঁজিব পাৰিব লাগিব ৷" একেখন গাঁৱৰে লৰা ৰমেনহঁতে সৰুৰে পৰা অশেষ কষ্ট কৰি ডাঙৰ মানুহ হৈছে ৷তঁহতৰ দৰে লৰা এটাইনো কেলেই নোৱাৰিবি ?
 গুৱাহাটীৰ মাজমজিয়াত ৰমেন এতিয়া আঢ্যৱন্ত মানুহৰ অট্টালিকা  সঁজোৱাৰ ঠিকা লয়৷চহৰত কর্মৰত অৱস্থাত থাকিওবেচেৰা গাওঁখনৰ কথা পাহৰিব নোৱাৰে ৷সৰুৰে পৰা ডাঙৰ হোৱা ৰামনাথ ,যোগেন ,বিমল আদি বন্ধুসকলৰ কথা মনত পৰিলে তেওঁ গাওঁখনলৈ দৌৰ মাৰে ৷ দুর্দিনত দিন হাজিৰা কৰি বাপেক ৰাধাকান্তই তেওঁক গাওঁৰ পঢ়াশালিখনতে সপ্তম শ্ৰেণীলৈকে পঢ়ূৱাইছিল ৷আর্থিক দৈণ্যতাৰ বাবে সপ্তম শ্ৰেণীত উত্তীর্ণ হৈ নিজৰ শিক্ষা জীৱনৰ ওৰ পেলাই পৰিয়াল চলোৱাৰ দায়িত্ব বহন কৰি গুৱাহাটী অভিমূখে যাত্ৰা কৰে ৷ গুৱাহাটীত এক সম্ভান্ত পৰিয়ালৰ অটো চালকৰ চাকৰিত যোগদান কৰি মাহেকত লাভ কৰা  ৫০০০/ টকাৰে পৰিয়ালটোৰ সমস্ত দায়িত্ব বহন কৰিবলগীয়া হয়৷
 ইকৰা বনৰ চালিৰ ঘৰত বাস কৰা কুন্তেশ্বৰীৰ বৰপূতেক সম্ভূ ঠেলা চলাই  আইতাৰ বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি সংসাৰৰ সমস্ত দায়িত্ব পালন কৰি ভাগৰি পৰিছে ৷ জীয়েক ৰিয়া এইবাৰ প্ৰৱেশিকা পৰীক্ষা দিব ৷তাই পঢ়াশুনাত বৰ চোকা ৷
 এইষাৰ নীতি বাক্যক সৰোগত কৰিবেচেৰা ৰমেন ৰাতিপূৱা ৮.৩০ বজাতেই ঘৰৰ পৰা ওলাই যায় , গোটেই দিন গুৱাহাটীৰ চূকে কোনে  টহিলং কৰি নিজে উপার্জন কৰা পইচা কেইটাৰে ৰাতি প্ৰায়ে ১০ টাৰ পিছত গনেশগুৰিত থকা তর্জাৰ বেৰৰ ঘৰটোলৈ ঘূৰি আহে ৷
 লাহে লাহে কর্ম বিশ্বাসী ৰমেন ঠিকাদাৰৰ গোটেইখিনি আয়ত্ব কৰিবলৈ সক্ষম হল ৷
 নলবাৰীৰ বেতকূছি  গাঁৱৰ বাসিন্দা ৰাধাকান্ত দাসে জীয়েক হৰিপ্ৰিয়াৰ  গুৱাহাটীৰ এটা সম্ভান্ত পৰিয়ালৰ লৰাৰ লগত ঠিকঠাক কৰোতে কুন্তেশ্বৰী আইতাৰ কাষ চাপে ৷
 চাকৰিত যোগদান কৰাৰ দিনৰে পৰা বাপুৰাই কেতিয়াওঁ মালিকৰ কথাৰ বিপৰীতে কাম নকৰিছিল ৷অটো মালিকৰ ৰাতিপূৱাৰ ভাগত ঘৰুৱা কামবনৰ পৰা আৰম্ভ কৰি জীয়েক ডেইজী চলিহাক স্কুলত অনানিয়াৰ দায়িত্বও মূৰ পাতি লৈছিল ৷ মালিকৰ অটোখনৰ সন্মূখত লগোৱা "পৱিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ " কখাষাৰে তেওঁৰ কর্মজীৱণৰ অনূপ্ৰেৰণাৰ উৎস ৷
 অটোমালিক বিমল চলিহাৰ ডাঙৰ পূতেকঅংশুমান চলিহা গুৱাহাটীৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৷ অংশুমান চলিহা ৰমেনক বৰ ভাল পায়৷  ৰমেনক অটোচালকৰ দায়িত্বৰ অব্যাহতি দি অট্টালিকা নির্মাণৰ  মুহৰিৰ দায়িত্ব অর্পণ কৰে ৷ তাত ৰমেনে শ্ৰমিকৰ চোৱাচিতা তথা মজুৰি প্ৰদানকে ধৰি গুৰু দায়িত্ব  বহন কৰিবলগীয়া হল ৷
 বিয়াৰ নিমন্ৰন দিবলৈ যাওঁতে নিৰক্ষৰ আইতাই কলে , "ৰাধাকান্ত সম্ভূক কবাচোন ,ৰিয়াৰো বিয়াৰ বয়স হৈছে ৷পাৰিলে তাইৰো লৰা এটা চাবাচোন, সম্ভূ দেখোন এইবোৰৰ কথা পাহৰি গৈছে ৷"থেলাচলাই আজিৰ দিনত তেওঁ কেনেকৈ জীয়েকৰ বিয়া দিব ? তোমাৰ দৰে ঘৰ এটা তেওঁয়ো সাজিব পাৰে ৷ কুন্তেশ্বৰী আইতাৰ কখা শুনি ৰাধাকান্তই কলে , "খূৰীদেউ , তুমি নুবুজিবা, ঘৰ এটা বনোৱাৰ খৰচ কিমান ?" হতবম্ব হৈ কুন্তেশ্বৰীৰ ফালে চাই ৰাধাকান্তই ভাবিলে, "বেচেৰী বুঢ়ী হৈছে৷ফুটা কড়ি নথকা নিথৰুৱা পৰিয়াল এটাই অট্টালিকা সজোৱাৰ কল্পনা হৃদয়ত সাঁচি ৰখাৰ সাহস ক'ত পালে ?" এয়া পাগলৰ প্ৰলাপৰ বাহিৰে একো নহয় ৷"
পিছ দিনা ৰাতিপূৱাই ঘৰৰ পৰা ওলাই যাওঁতে তিনি আলিত থকা দুজন লৰাই লটাৰীৰ টিকট মিলাই আছিল ৷সম্ভূৱে পকেটৰ পৰা টিকট খন উলিয়াই লৰা দুজনক দিওঁতে সিহঁতে চিঞৰি উঠিল ! সম্ভূ কায় ! লাখপতি ৷ মানে ১০লাখ তেওঁৰ টিকটত উঠিছে ৷ বেচেৰা থেলাখনতে বাগৰি পৰিল ৷ আই জনী৷ তুমি ক'ত?  সকলো চাইচিতি ঘৰলৈ আনন্দমনেৰে ঘূৰি আহি চিঞৰিবলৈ ধৰিলে , মা ,  অ,মা  ওলাই আহা ৷ ঘৰ সাজিবৰ হল ৷ কিন্ত মাকৰ শব্দ নাই! মাকে আচল ঘৰলৈ গুচি গৈছে ! মা. হায় ! তোমাৰ অপাৰ মহিমা !....
 ক—খ ,ৰ জ্ঞান নথকা হোজা পৰিয়ালটিত পূতেক সম্ভূ আৰু জীয়েক ৰিয়াৰ বেদনা কোনে বুজি পাব ? সৰুতে পিতৃৰ অকাল বিয়োগত সম্ভূই পিতাৰ চৰনত মূৰ দোৱাই কৈছিল , "ৰিয়া , নেকান্দিবা ভনিটি ,ভগৱানে মোক হাত ভৰি দিছে , এদিন তোমাৰ মনৰ আশা পূৰণ কৰিম ৷"
   ইপিনে কুন্তেশ্বৰী আইতাৰ শাৰীৰিক অৱস্থা সিমান ভাল নহয় ৷ ৰিয়াৰ বিয়াখন চাই যোৱাৰ তাইৰ প্ৰবল হেপাহ ৷ "সম্ভূ , বোপা ঘৰ সাজিৱলৈ কিমান বাকী ? মোৰ হাতত থকি পইচাখিনি লোৱা ৷ৰিয়াৰ বিয়াখন নতুন ঘৰৰ পৰাই দিব লাগিব ৷" আইতাই কলে , ৷এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সম্ভূৰ মানসিক চাপ দুগুনে বাঢ়িল ৷ নিৰূপায় সম্ভূৱে মাকৰ হাতৰ পৰা সাঁচি ৰখা পূৰনা এশ টকীয়া নোটখন লৈ বিষন্ন মনেৰে থেলাখন লৈ বজাৰলৈ আগবাঢ়িল ৷ বজাৰ পোৱাৰ লগে লগে তেওৰ কানত ভাহি উঠিল , " এশ টকাৰ বিনিময়ত আপুনিয়ো হব পাৰে বিছ লাখ টকাৰ গৰাকী ৷" এয়া নিশ্চয় লটাৰী খেলৰ Announcement . মাকৰ এই এশ টকাৰে টিকট এখন কিনিম !কিজানি তাইৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰো ?" সম্ভূৱে ভাবিলে ৷ আহক ৰাইজ , আহক এতিয়া আৰু থেলা চলোৱাৰ দিন নাই ৷ এশ টকাৰে টিকট এটা লওঁক ৷ভগৱানে আপোনাৰ মনৰ আশা পূৰণ কৰিব ৷ অত দিনে সাঁচি ৰখা টকা খিনি লটাৰী খেলত খৰচ কৰিলে মাকক কেনেকৈ বুজাম ? 
          কিংকত্তব্যবিমূৰ সম্ভূৱে মাকৰ আশীর্বাদ বিচাৰি টিকত এটা ললে ৷ পিছদিনা মাকে কলে , " বোপা ঘৰটো ৰমেনহতঁৰ দৰে কৰিবি " হব আই , সকলো তোমাক সুধি কৰিম ৷ সম্ভূয়ে কলে ৷  
         বছৰৰ প্ৰথম মাহ৷ প্ৰথম বিহুৰ দিনা লটাৰী খেলৰ তাৰিখ ৷ ৰাতি পলমকৈ খেলখন আৰম্ভ হব ৷ সিদিনা সম্ভূয়ে থেলাখন লৈ সন্ধিয়া ঘৰলৈ উভতিল ৷ ৰাতি তেওঁৰ টোপনি নাহিল ৷ মাকৰ আশা কেনেকৈ পূৰণ কৰিম ?
পিছ দিনা ৰাতিপূৱাই ঘৰৰ পৰা ওলাই যাওঁতে তিনি আলিত থকা দুজন লৰাই লটাৰীৰ টিকট মিলাই আছিল ৷সম্ভূৱে পকেটৰ পৰা টিকট খন উলিয়াই লৰা দুজনক দিওঁতে সিহঁতে চিঞৰি উঠিল ! সম্ভূ কায় ! লাখপতি ৷ মানে ১০লাখ তেওঁৰ টিকটত উঠিছে ৷ বেচেৰা থেলাখনতে বাগৰি পৰিল ৷ আই জনী৷ তুমি ক'ত?  সকলো চাইচিতি ঘৰলৈ আনন্দমনেৰে ঘূৰি আহি চিঞৰিবলৈ ধৰিলে , মা ,  অ,মা  ওলাই আহা ৷ ঘৰ সাজিবৰ হল ৷ কিন্ত মাকৰ শব্দ নাই! মাকে আচল ঘৰলৈ গুচি গৈছে ! মা হায় ! তোমাৰ অপাৰ মহিমা !....

🖋️শশধৰ কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)