এজাক বৰষুণৰ অপেক্ষাত -০৮

Rinku Rajowar
0
ঘৰ পালোহি। আজিৰ পৰা আৰু পঢ়িব নালাগে। বিছনা খনতে শুই শুই ফেচবুকত কিবা কিবি চাই আছো।পৰীক্ষাৰ কাৰণে বহুত দিব খোলা নাছিলো। দেখিছো প্ৰান্তিক দাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা আহিছে। বুকু খন আকৌ ধকধক কৰি গ'ল। লগা লগ accept কৰি তেওঁৰ প্ৰফাইল টো খুলি ফটো বোৰ চাইছো। ফটো বোৰ চাই থাকোতে মুখত হাঁহি এটা নিজে নিজেই ওলাই গৈছে। লাজো লাগিছে। ফটো বোৰত তেওঁক বহুত ধুনীয়া লাগিছে। ক'লা  ৰঙৰ চাৰ্ট এটা পিন্ধা ফটো এখনত ইমান মৰম লাগিছে।ফটো খন ছেভ কৰি থলো।

মোবাইল টিপি টিপি কেতিয়ানো টোপনি গ'লো গমকে নাপালো। একেবাৰে ৮ বজাত সাৰ পাইছো।
_____ইচচ্ ইমান বেয়াকৈ শুলো নে মই? ম'বাইল টো চাইছো প্ৰান্তিক দাৰ এটা মেচেজ আৰু দুটা মিছকল সোমাই আছে। মেচেজ টোৰ reply কৰিলো,,,,,
_______হমম,,, কওঁক
প্ৰান্তিক______ দেৱী কি কৰি আছিলা ? ইমান ফোন কৰি আছিলো।
৫ মিনিটৰ পাছত তেওঁ reply কৰিছে। দেৱী বুলি কৈছে হাঁহি উঠি গৈছে।
_______ শুই আছিলো ।গমেই নাপালো।
প্ৰান্তিক________ কুম্ভকৰ্ণ,, ইমান টোপনি,,,
______ হ'ব,,,
প্ৰান্তিক_______ অথনী কিয় ইমান attitude দেখাইছিলা?
_______ কেতিয়া মই attitude দেখালো ?? তেনেকৈ নক'ব। মোৰ attitude নাই।
প্ৰান্তিক_______ তাই মোক দেখাই যি স্বাগতৰ লগত কথা পাতিছে। মোক যেনিবা চিনি হে নাপাই।
_______ কিয় আপুনি জ্বলিছিল? 
প্ৰান্তিক_______ নাই জ্বলা। মই আকৌ কিয় জ্বলিম!
______ হ'ব হব জানো মই।
প্ৰান্তিক_______ কোৱা কিয় মতা নাছিলা?
_______ এনেই। এইকেইদিন ক'ত গৈছিল। পৰীক্ষাৰ কাৰণে টো খবৰ এটা লৱ পাৰে!
প্ৰান্তিক______ কিয় স্বাগতে কৈছিল চোন department ৰ কামত অলপ busy আছিলো,,তাতে তোমাৰ exam so disturb হ'ব বুলি কথা পতা নাছিলো।
________ huh।। 
প্ৰান্তিক দাক কিয় ইমান মই অভিযোগ দি থাকিব লৈছো। তেওঁৰ লগত চিনাকী হোৱা কিমান দি হৈছে? তেওঁ টো মোৰ কোনো নহয়।তাৰ পাছতো মই তেওঁৰ ওচৰত কিয় ইমান দুৰ্বল হৈ যাওঁ। অলপ দেৰি কথা খিনি ভাবিছো। কি হৈছে মানে মোৰ?
প্ৰান্তিক________ খং কৰি আছা  পোৱালি?
________ নাই কিয় খং কৰিম আকৌ মই।
প্ৰান্তিক________ by the way,,,  নীলা ৰঙৰ ফ্ৰক টোত তোমাক ইমান পোৱালি পোৱালি লাগিছে একেবাৰে  ক্লাছ 6/7 ত পঢ়া ছোৱালীৰ নিচিনা।
_______ হা,,,,,, ক'ত দেখিলে। কিনো চাই ফুৰিছে আপুনি। এতিয়া মানে মই 6/7 ত পঢ়া ছোৱালী হে হ'লো। আৰু কিবা আছে যদি কৈ দিয়ক এতিয়াই।
প্ৰান্তিক_______ হ'ব দিয়া এতিয়া নকওঁ বাৰু। শুনা,,,,,
________কওঁক
প্ৰান্তিক________ কাইলৈ ফুৰিবলৈ যাম ওলাবা
________ হা,,,,, পতককৈ ফুৰিবলৈ যোৱা কথা ক'লে যে.....
প্ৰান্তিক________ উম কৈছো। এতিয়া টো তুমি ঘৰতে থাকিবা sooo,,,,,,
________ আৰু কোন কোন যাব?
প্ৰান্তিক______ তুমি টো অকলে যাবলৈ বেয়া পাবা লগত মই বৰ্ষা আৰু স্বাগতক নিম ভাবিছো।
_________ হমম but মোক মায়ে যাবলৈ নিদিব কিজানি। আপুনি বৰ্ষাক কৈছিল নেকি?
প্ৰান্তিক_______ তুমি মাক সুধা,লগত চেনিয়ৰ যাব বুলি কবা আৰু বৰ্ষা লৈ মই ফোন কৰিম এতিয়া।
_________ তাইকো নিদিব চাগৈ যাবলৈ তাইৰ ঘৰৰ অলপ অসুবিধা আছে। 
মই বৰ্ষাৰ কথা খিনি প্ৰান্তিক দাক কৈ নিদিলো।
প্ৰান্তিক_______ আৰে তুমি চিন্তা নকৰিবা মই তাইৰ মাকৰ লগত কথা পাতিম কিবা কৰা manage কৰি ল'ম মই ।তুমি খালি মাৰ permission টো লোৱা। নহলে মাক ময়ে কম নেকি?
_________  নাই নাই আপুনি কলে আৰু মৰিলো। মই নিজেই কৈ চাম বাৰু। ৰব মই ভাত খাই আহো।
প্ৰান্তিক________ যোৱা। ভাত খাবলৈ গ'লো। দেখিছো মায়ে ভাত বাঢ়ি আছে।
_________ জিউ কি কৰি আছিলি অথনিৰ পৰা।কোনোবাই ফোন কৰি আছিল গম পাৱ নে?
________ অ বৰ্ষাই কৰিছিল। 
ফাকি দিবলৈ মন নাছিল কিন্তু ফাকি নিদিও নোৱাৰিলো।
________ ওম মই আকৌ ফোন টো ধৰিম বুলি ভাবিছিলো হে।ইমান দেৰি বাজি থকা দেখি।

Thank God,,,,মায়ে যে ফোন টো receive কৰি নিদিলে। নহ'লে গ'লো হেতেন আজি মই 
_______ মা কাইলৈ বৰ্ষা হঁত ফুৰিবলৈ যাব। মোকো লগ ধৰিছে।
_______ হঁত মানে আৰু কোন কোন যাব? 
________Senior ল'ৰা-ছোৱালীও কোনোবা যাব।
________ নালাগে যাবলৈ দে ।দেখিছ নহয় দিন কাল কেনেকুৱা হৈছে।
_______ মা নগ'লেও বেয়া হব তাতে বৰ্ষা যাব নহয়।
ওচৰতে দেউতাও  বহি আছে।দেউতাক কৈ চালো কাৰণ দেউতাই যাবলৈ দিবও পাৰে।
_______ দেউতা তুমি মাক কোৱা না। এতিয়া টো মোৰ পৰীক্ষাও শেষ হল। আৰু সৱ কলেজৰে হয়।সোনকালে আহিম ঘৰ।
দেউতাই মাক যেনে তেনে কিবা কৈ মোক ফুৰিবলৈ যাবলৈ দিবলৈ মান্তি কৰালে। মনটো কিবা এটা ভাল লাগি আছে।কাইলৈ কলেজ যোৱাৰ পাছত প্ৰথম ফুৰিবলৈ যাম তাকো প্ৰান্তিক দা হঁতৰ লগত। কথা বোৰ ভাবি ভাবো ভাত কেইটা লিৰিকী- বিদাৰি আছো।
________ কি হল। কি কথা ভাবি আছ" ভাত নাখাৱ কিয়।
মায়ে পতককৈ  কৈ দিলে। কি যে কথা ভাবি থাকো মই।ভাত কেইটা খাই ৰুমলৈ গৈ আকৌ প্ৰান্তিক দাৰলৈ মেচেজ কৰিলো।
_______ হৈ গল
প্ৰান্তিক_______ কিমান খালা?
লগা লগ মেচেজ আহিছে।
______ ১০kg মান খালো।
প্ৰান্তিক_______ আও পোৱালিৰ পেটত ১০ কেজি ধৰিল নে?
_______ সুধিছে কিয় তেতিয়া?
_______ আপুনি খালে নে?
প্ৰান্তিক________ ওম খালো।
_______ মায়ে যাবলৈ দিলে কিন্তু সোনকালে ঘৰ আহিব লাগিব। ফাঁকি দি যাবলৈ পাইছো
প্ৰান্তিক________ sorry মোৰ কাৰণে ফাঁকি দিব লগা হৈছে তুমি sorry
_______ hm হ'ব একো নাই।
প্ৰান্তিক________ ওম ঠিক আছে তেতিয়া তুমি ৰাতিপুৱা ১০ মান বজাত ওলাই থাকিবা মই ঘৰৰ ওচৰৰ পৰা লৈ যাম হি।
_______ কিন্তু যাব কত ?
প্ৰান্তিক______ সেইটো কাইলৈ গম পাবা। এতিয়া শুই থাকা goodnight পোৱালি।
_______ goodnight
 কি হ'ব,কি নহ'ব কথা বোৰ ভাবি ভাবি শুই থাকিলো।

ৰাতিপুৱা আগৰ সময়তে শুই উঠিছো আজি। শুই উঠি কাম দুটা মান কৰি লাহেকৈ ওলাব লৈছো। Blue colour  ফ্ৰকটোকে পিন্ধি ওলাইছো। বহুত মৰমৰ হয় ফ্ৰকটো ।সেই কাৰণে বেছিকৈ মই এই টোৱে পিন্ধো। ১০ তা বাজিবই হ'ল। ভাত কেইটা খাই হৈছে তেনেতে তেওঁৰ মেচেজ আহিছে।
প্ৰান্তিক_______ ওলাই আহা মই পালোগৈ।
মেচেজ আকৌ নকৰিলোঁ মই। মাক যাওঁ কৈ ওলাই আহিছো। গছ এজোপাৰ তলতে গাড়ী খন ৰখাই ৰৈ আছে। dark Blue colour চাৰ্ট এটা পিন্ধি আহিছে black জিনচৰ লগত  একদম টিপ্ টপত। ধুনীয়া লাগিছে দেখিবলৈ।
______ অহ শেষ মইও নীলা পিন্ধি আহিলো। আজি হে এনেকৈ মিলাই আহিব পাৰিলো নে? বৰ্ষাহঁতে নোজোকালে হয়।
তেওঁক  দেখাৰ লগে লগে বহুত লাজ লাগিছে। আগতে কলেজত লগ পাওঁ কিন্তু আজি এনেকৈ।দুগুণে লাজ লাগিছে। নাজানো তেওঁক দেখিলেই বুকু খনে কিয় ধপ ধপ কৰে মোৰ। এখোজ দুখোজ কৈ গৈ আছো।মোক দেখি মিচিকিয়াই দিলে।মই গহীন হৈ দিলো।
প্ৰান্তিক_______ আহা আকৌ সোনকালে।যিটো হে খোজ দিছা পৰুৱাটো মৰে নে নমৰে সন্দেহ হে হৈছে।
________ অ গৈছো।
উদাহৰণ দিবলৈ নাপালে আৰু মুখৰ ভিতৰতে ভুৰ ভুৰালো।
 গাড়ীৰ আগৰ দৰ্জা খন খুলিব লৈছো।
প্ৰান্তিক______ আস,,,,, বুকুত নীলা বিষ এটাই খুন্দা মাৰি ধৰিছে।
হঠাতে কৈ দিলে।
________ নীলা বিষ ! সেইটো আকৌ কেনেকুৱা বিষ? যাব নোৱাৰিব চাগে আজি।
প্ৰান্তিক________ পোৱালি এজনীয়ে নীলা পিন্ধি আহিছে।ইমান মৰম লাগিছে।সেই ধুনীয়া খিনি য়ে মোৰ বুকুত বিষ কৰি পেলাইছে।
________ হে প্ৰভু!! মানুহ মাৰিব দেই আপুনি।কি এক্টিং কৰি দেখুৱাইছে।মই ভয় খাই গৈছিলো।
প্ৰান্তিক_______ হাঃ হা,,,,, উঠা এতিয়া
_______ নাযাওঁ,, আপুনি অকলে গৈ থাকক।হূহ ,,মই ঘৰ যাওঁ।
________ হাঁহিবলৈ আহিছে।
প্ৰান্তিক______ হব sorry sorry আহা,,, ধেমালি কৰিছিলো।
গাড়ীৰ প্ৰথমৰ দৰ্জা খন খুলি দিছে।মই বহিব লওঁতেই আকৌ,,,,,,
প্ৰান্তিক________ ৰ'ৱা ৰ'ৱা,, পাছৰ চিতত বহা তুমি।ইয়াত নালাগে।
________ কিনো কৰি আছে আপুনি।
বহুত লাজ পাইছো আজি। মুখ খন ফুলাই পাছৰ চিত টোত বহিবলৈ গৈছে।
প্ৰান্তিক_________ হাঁহি থাকা।মুখ ফুলাই থাকিব নালাগে।
মুখ খন বেকা কৰি দিলো মই।
গৈ আছো বাহিৰলৈ চাই চাই এপাকত তেওঁৰ সন্মুখত থকা আইনা খনলৈ চকু পৰিল মোৰ। দেখিছো আইনা খন পোন কৰি মোক চাই চাই গৈ আছে। মই দেখি মুখ খন ঘূৰাই দিলো।হাঁহি এটা উঠিছে বহুত কিন্তু তেওঁক দেখাই হাঁহি দিব নোৱাৰোঁ। মোক পাছত বহিবলৈ দিয়া অৰ্থ এইটোৱে আছিল মানে গম পালো।

আগলৈ,,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)