ঐতিহাসিক শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ এখন আদৰ্শ গাঁও গায়েন গাঁও।এই গাঁওখনৰ পৰিবেশ অতি মনোমোহা।গাঁওখনৰ কৃষিজীৱী কৃষক সকলৰ প্ৰতিখন চোতালত একোটাকৈ ধানৰ ভঁৰাল আৰু এটা গৰু গোহালি।প্ৰতিঘৰ মানুহৰ বাৰীত আম,কঁঠাল, জাম, পাণ, তামোল,সকলো ধৰণৰ গছেৰে ভৰপূৰ।এই গাঁৱত স্বাধীনতা সংগ্ৰামী ব্যক্তি কেইবাজনো আছে।যাৰ গৰিমাৰে গাঁওখন উজলি আছে।কৃষক,শিক্ষক,অধ্যাপক, ডাক্তৰ,অধিবক্তা আদি বৃত্তিত নিয়োজিত এই গাঁৱৰ লোকসকল বৰ সহজ সৰল।প্ৰতিজন লোকেই আনজনৰ সহায়ৰ বাবে আগ্ৰহী।কৃষিজীৱী সকলৰ মাজত ন-ভূঁই ৰোৱা আৰু ন-খোৱা উৎসৱ দুটাত সকলো লোকেই অংশগ্ৰহণ কৰে।গাঁৱৰ সকলোয়ে মিলি নামঘৰত প্ৰতি বছৰে গুৰুদুজনৰ জন্মোৎসৱ আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বৰ উলহ-মালহেৰে পালন কৰে।গাঁওখনৰ পৰা জিলিকি থাকে নগাপাহাৰটো আৰু বৰচিলা চাহ বাগান।এই মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰা গাঁওখনেই মোৰ আপোন জন্ম গাঁও।
📝শ্ৰীমতী প্ৰিয়ংকা গায়ন
জাঁজী হেমনাথ মহাবিদ্যালয় ৰ সমাজতত্ব বিভাগৰ ছাত্ৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ