বেলি (চুটিগল্প)


 মালতীয়ে সেইদিনা যিমান পাৰে সোনকালে নিৰ্মালী চলিহাৰ ঘৰৰ কামকেইটা  শেষ কৰি বৰঠাকুৰৰ ঘৰতো সোমাল| তাতো দেহাই টনালৈকে কিছু কাম কৰি সেইখন বাৰীৰে পৰা ঢেঁকীয়া , খুতৰা কেইডালমান বুটলি তাই হাটলৈও গ'ল|  খাওঁ খাওঁ মূৰ্তি ধৰি ওলোৱা আহাৰমহীয়া দুপৰীয়াৰ ৰ'দটোৱে তাইৰ খালী ভৰিৰ ভাগৰুৱা দেহাটো অধিক অৱশ কৰি তুলিছিল| বৰগছজোপাৰ ছাঁ তে অলপ জিৰাও বুলি লওঁতেই আকৌ চাৎ কৈ তাইৰ মনলৈ আহিল ডাক্তৰে লিখা ঔষধকেইটা আৰু তাৰ জুই চাই দামকেইটাৰ কথা| অলপো নিজিৰাই তাই পুনৰ খোজ ল'লে| নি:সন্তান মালতীৰ বাবে তেতিয়া আহাৰমহীয়াৰ তজবজীয়া বেলিটোতকৈ তাইৰ কপালৰ ৰঙা বেলিটোৰ উজ্জ্বলতা বেছি জৰুৰী আছিল|

📝কৌমুদী দেৱী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send