শিশু কবিতা-ন আগষ্ট

©Admin
0

 
ইতিহাসৰ পাতত' ভাৰত ত্যাগ দিৱস' নামেৰে খ্যাত ন আগষ্ট। 
বিশ্বৰ বুকুত সগৌৰৱেৰে জিলিকি থাকক আমাৰ ভাৰত ৰাষ্ট্ৰ। ।

'আগষ্ট বিপ্লৱ 'ৰ আৰম্ভ কৰিছিল 'কৰিম কিম্বা মৰিম'  বাণীৰে জাতিৰ পিতা মাহাত্মা গান্ধীয়ে ।
 উন্নৈশ বিয়াল্লি চনত নিখিল  ভাৰত কংগ্ৰেছ  কমিটিৰ  বোম্বাইৰ  অধিবেশনতে।

কৃষক,ছাত্ৰ, শ্ৰমিক আৰু মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল  ভাৰত ত্যাগ আন্দোলনত । 
 তীব্ৰ ৰূপ ধাৰণ কৰিছিল এই আন্দোলনে উত্তৰ প্ৰদেশ,বিহাৰ,বংগদেশ,বোম্বাই ,উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত।।


 সগৌৰৱেৰে  সুঁৱৰিবলৈ  সেই তাহানিৰ  দেশপ্ৰেম যুগে-যুগে ।
 ন আগষ্ট পালন কৰা  হয় 'ভাৰত ত্যাগ দিৱস ' প্ৰতি বছৰে।।



 
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে  এটি বিশেষ  এটকীয়া মুদ্ৰাৰ  প্ৰৱৰ্তন কৰিছিলে  উন্নৈশ বিৰানব্বৈ চনত ।
স্মৰণীয় এই  আন্দোলনৰ সোণালী জয়ন্তী বৰ্ষৰ সুক্ষণত ।।


আমি অকণি ,ভৱিষ্যত আমাৰ দেশৰ।
সোণালী আখৰেৰে জিলিকাই ৰাখিম ভাৰতবৰ্ষখনক  ,এই  দেশ যে আমাৰো প্ৰাণৰ ।।



📝গায়ত্ৰী দেৱী বৰঠাকুৰ
 বাসন্তী পুৰ  
তেজপুৰ।শোণিতপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)