মইনাহঁতলৈ চিঠি

©Admin
0
মইনাহঁত মৰম লবা দেই  | তোমালোক ভালে কুশলে আছা নিশ্চয় | তোমালোকৰ মৰমৰ বাবেই কিজানি মইও ভালে আছো | তোমালোক আজিৰ শিশু, কাইলৈ হ'বা তোমালোক দেশৰ নাগৰিক | তোমালোকে দেশৰ শাসনভাৰ কান্ধপাতি ল'ব লাগিব | কোনে জানে তোমালোকৰ মাজৰ পৰাই আমি দ্বিতীয় গৰাকী আব্দুল কালাম , সৰ্ব্বেপল্লী ৰাধাকৃষ্ণন, নৰেন্দ্র মোডী নোলাব ? তাৰবাবে মইনাহঁত তোমালোক হ'ব লাগিব অধ্যৱসায়ী , অনুসন্ধিৎসু মনৰ অধিকাৰী , অধ্যয়ন পিপাসু | যত্ন কৰিলেহে ৰত্ন পায় | শুইথকা শিয়ালে হাঁহ ধৰিব পাৰে জানো ? নিশ্চয় নোৱাৰে | আমাৰ চকুৰ আগেদি নীলা আকাশেদি উৰি যোৱা সেই চৰাই থপিয়াই ধৰি অনাৰ প্রয়াস কৰিব লাগিব নহয় জানো ?
     পুনৰ কওঁ তোমালোক আজিৰ শিশু | তোমালেকক লৈ আমি গৌৰৱ কৰিব পাৰো | কাৰণ তোমালোকে আজিৰ তোমালোকৰ বয়সত যিমান কথা জানা , যিমান কথা জানিবৰ বাবে পৰিবেশে তোমালোকক সুবিধা দিছে আমাৰ সময়ত এইবোৰ সপোনৰ অগোচৰ আছিল | চোৱা , বৰ্তমান সমগ্র দেশৰ পৰিস্থিতি তোমালোকে কোনেও নজনা নহয় | আমি কোনেও পাঠ গ্ৰহণৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই , আমাৰ বন্ধু , বান্ধৱী সকলক লগ পাব পৰা নাই , আমাৰ শ্রদ্ধাৰ শিক্ষাগুৰু সকলক লগ পাব পৰা নাই | কিন্তু চাৰ বাইদেউ ষসকলে তেওঁলোকে ঘৰত থাকিয়েই আমাক নিয়মিত পাঠদান দি আছে | একেবাৰে নোহোৱাতকৈ কিবা অলপ হ'লেও আমি পাইছো , আমি শিকিছোঁ | কিন্তু আমাৰ দিনত এইবেৰ এটা সপোন আছিল |
          মইনাহঁত মই তোমালোকক কওঁ , তোমালোক প্রত্যেকেই পুৱা উঠিয়েই সদাই এটা কথা মনতে আওৰাই লবা  I have a Dream. অৰ্থাত মোৰ এটা সপোন আছে | কি সপোন ? ৰাতি বিছনাত শুই শুই টোপনিত দেখা সপোন নহয় |
সপোন সেই সপোন যি সপোনে তোমালোকক শুবলৈ নিদিয়ে | কিবা এটা হোৱাৰ সপোন , সু নাগৰিক হোৱাৰ সপোন , ভাল মানুহ হোৱাৰ সপোন | যি সপোনৰ ফলত তোমালোকৰ চাৰ বাইদেউহঁতে ক'ব পাৰে সেই মহাকাশ বিজ্ঞানী অমৰজ্যেতি মোৰ ছাত্র , মা- দেউতাহঁতক আনে প্রসংশা কৰি ক'ব সন্তান হব লাগে আপোনালোকৰ সন্তানৰ দৰে , ৰাষ্টাই দি যেতিয়া তোমাৰ মা বা দেউতা গৈ থাকিব তেতিয়া লোকে ক'ব সেয়া আমেৰিকাৰ ৰাষ্ট্রদূত পল্লৱৰ দেউতাক ।তেতিয়া ভাবা চোন তোমাৰ দেউতাৰাৰ কেনে লাগিব ?
       মইনাহঁত তাৰ বাবে লাগিব তোমালোকৰ যথেষ্ট কষ্ট, ত্যাগ, সাধনা, অধ্যৱসায় ,মনোবল আৰু লক্ষ্য | মনত এই ভাৱ স্থায়ী কৰিব পাৰিলে তুমি শুব পাৰিবা জানো ?
       আজিলৈ আহোঁ পাৰিলে পৰৱৰ্তী দিনত আমি লগ হ'ম | এনে বহু আশাৰে তোমালোকৰ....
                     (   খুড়া  )

🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)