শিশুবোৰ ফুলৰ দৰে

Rinku Rajowar
0
মৰমৰ মইনাহঁত.....
      পুনৰ মৰম ল'বা দেই | আগতে কোৱাৰ দৰে আজিও কওঁ তোমালোক ভালে থাকা , কুশলে থাকা | অসমৰ প্রথিতযশা শিশু সাহিত্যিক প্রয়াত ড" ভৱেন্দ্রনাথ শইকীয়াদেৱেও কৈছিল তোমালোকৰ ভাল হওক | তেখেতেও তোমালোকক খুব ভাল পাইছিল জানা | তাৰোপৰি ভাৰতবৰ্ষৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱেও শিশু সকলক বহুত মৰম কৰিছিল , ভাল পাইছিল | তাৰ কাৰণেইটো শিশু সকলে নেহৰুক মৰমতে খুড়া বুলি মাতিছিল | তেখেত হৈ পৰিছিল নেহৰু খুড়া  |
      আজি মই তোমালোকক এটা বিশেষ কথা ক'ম বুলি ভাবিলো | লগতে আশা ৰাখিছো তোমালোকেও এই বিষয়ত আমাৰ মৰমৰ আলোচনী "অসমীয়া সাহিত্যৰ চানেকি"ৰ প্রতি দেওবাৰে প্রকাশ পোৱা শিশু শিতানত লিখিবাচোন | কিবা ভুল থাকিলে আমিবোৰ আছো নহয় | বিষয়টো হ'ল তোমাৰ মাৰাক তুমি কিমান ভাল পোৱা ? আজি বাৰু প্রথমে মই তোমালোকক ক'বলৈ লৈছো এটা ন বছৰীয়া ল'ৰাই তাৰ মাকক কিমান ভাল পাই তাৰেই কথা | পঢ়িবা কিন্তু দেই |
      প্রায় দুপৰীয়া সময় | খুব ৰ'দ। এঘৰ আঢ্যবন্ত মানুহৰ ঘৰৰ সন্মুখৰ লোহাৰ গেট খুলি এটা প্রায় ন-দহ বছৰীয়া ল'ৰাই কলিং বে'লটো বজালে | কিছু সময়ৰ পাছত ঘৰৰ মালিকনীয়ে দুৱাৰ খুলি সৰু ল'ৰাটো দেখি আচৰিত হ'ল | মলিয়ন ফটা-চিটা কাপোৰ পিন্ধা ল'ৰাটো | তাৰ মুখখন ৰ'দতে ৰঙা পৰি আছে | তাক মালিকনীয়ে  মৰমেৰে সুধিলে কি লাগে তোমাক ?
      সাহস পাই ল'ৰাটোৱে শিশুসুলভ মাতেৰে কলে , "বাইদেউ , মোক একো নালাগে"। "তেতিয়া হ'লে কিয় এনেদৰে ঠিয় হৈ আছা ? "
"বাইদেউ আপোনালোকৰ বাগিছাখনত বহুত জংঘল হৈছে মই চাফা কৰি দিওনে ?" মালিকনীয়ে তাৰ সৰু মুখখনলৈ তভক মাৰি চাই ৰ'ল | 
   " নাই, নাই নালাগে | ইমান গৰম তাতে বহুত ৰ'দ দিছে ,তাতে তুমি সৰু লৰা" | "একো নহয় বাইদেউ মোক কৰিবলৈ দিয়ক" -এই বুলি সি মালিকনীৰ আদেশলৈ বাট নাচাই বাগিছাখনলৈ সোমাই গ'ল | মালিকনীও ভিতৰ পালেগৈ | কিছু সময়ৰ পিছত পুনৰ কলিং বে'লৰ মাত শুনি পুনৰ সেই ল'ৰাটোক দেখা পালে | সি গোটেইটো গৰম আৰু ৰ'দত ঘামি-জামি কিবাটো হৈ আছে | মালিকনীৰ বেয়া লাগিল ।তাক ভিতৰলৈ মাতিলে | বাৰান্দাতে সি লেপেটি কাঢ়ি বহি ল'লে | মালিকনীয়ে ভিতৰলৈ গৈ তালৈ এগিলীচ ঠাণ্ডা পানী লৈ আহিল |  সি ক'লে, "বাইদেউ মোৰ কাম হৈ গ'ল | চাওক কি ধুনীয়া কৰি দিছো" | মালিকনীয়ে চাই দেখিলে হয় | তেখেতৰ চকু চলচলিয়া হ'ল |
     তেখেতৰ তালৈ খুব বেয়া লাগিল | তাক হাত-মুখ ধুবলৈ দিলে আৰু ভিতৰলৈ গ'ল | কিছু সময়ৰ পিছতে এখন কাঁহীত খোৱাবস্তু লৈ ওলাই আহিল ।তাক মৰমেৰে কলে ওঁ এইখিনি খাই লোৱা |  কিন্তু সি লগত লৈ অহা মোনাখনৰ পৰা এটা বাচন উলিয়াই খাদ্যখিনি তাতে বাকি ল'লে আৰু যাবলৈ ওলাল | মালিকনী আচৰিত হ'ল | ক'লে "তুমি নাখালা কিয় "? সি নম্ৰভাবে ক'লে , "বাইদেউ ঘৰত মাৰ লগত একেলগে খাম | মোৰ মাৰ অসুখ কালিৰ পৰা একো খোৱা নাই | গতিকে এতিয়া গৈ দুয়ো একেলগে খাম"।
মালিকনীৰ মুখৰ মাত হেৰাই গ'ল | তেখেতৰ এনেকুৱা লাগিল যেন চিঞৰি চিঞৰি এবাৰ কান্দিব | তাৰ পিছত দেখিলে ইতিমধ্যে গেট খুলি সি ওলাই গৈছে | তেখেতৰ চকুৰে চকুলো ওলাই আহিল | 
   চোৱাচোন মইনাহঁত ল'ৰাটোৱে মাকক কিমান ভাল পায় | তোমালোকেও নিশ্চয় তোমালোকৰ মাহঁতক ভাল পোৱা | তাকে সমল হিচাবে লৈ আমাৰ আলোচনীত লিখিবা দেই |

পুনৰ মৰমেৰে তোমালোকৰ 
       খুড়া

      🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)