কোনে কয় মই কবি

©Admin
0
নাজানো  কোনেনো কয় তোমাক 
মই কবি 
হয়তো তুমি  নিজেই ভাবা
মই এজন কবি ।

কোনে কয় মই কবি 
অ'---- নহয় মই  ভাষা বোলাব পৰা কবি।
নাই মোৰ কবিতাত  ছন্দ , নাই  ব্যঞ্জনা
কোনে কৈছে মোৰ কবিতা প্ৰতীকী বুলি ।

তুমি  কোৱা মই কবি 
কিন্তু ক'তা ----
মোৰ কবিতাত দেখোন  নাই 
দুলড়ী , ছবি , লেছাৰী , 
ঝুনা ছন্দৰ আকৃতি ।


কবিতা কাক বোলে  তুমিয়ে কোৱা 
মোৰ কাপৰপৰা নিগৰি ওলোৱা 
সকলোবোৰ দেখোন 
কবিতা নহয় বুলিয়ে  কোৱা  ।

কবি হোৱাৰ ইচ্ছাৰে  নহয় 
বিষাদ হ্ৰাসৰ প্ৰৱণতাৰে প্ৰকাশো 
মনজগতৰ ভাৱনাৰ প্ৰতীকক 
শুভ্ৰ কাগজত কাপেৰে  সাঁচ দিওঁ ।

📝মিণ্টু দোলাকাষৰীয়া 
       ডিব্ৰুগড় 
                              
               
                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)