খেতিয়ক

©Admin
0

                   
     

  বাৰিষা দোকমোকালিতে পথাৰলৈ হাল লৈ যোৱা দেউতাকলৈ পুতেকৰ বৰ চিন্তা । এই বয়সতো দেউতাই খেতি কৰিবলগীয়া হৈছে । কি কৰিলে ভাল, কি কৰিলে বেয়া পুতেকে চিন্তা কৰি পাৰ পোৱা নাই । সৰুৰে পৰাই দেখি আহিছে । কেনেদৰে খেতি বাতি কৰিয়েই তাক পঢ়াই শুনাই বি.এ. পাছ কৰালে । চাকৰিটো পাবলৈয়ে নাই । নিবনুৱা হৈ ঘৰতে বহি আছে । কাৰো আগত খেতিয়কৰ ল'ৰা বুলি কবলৈ সি কুন্ঠাবোধ নকৰে । 
          সি এইবাৰৰ পৰা ব্যৱসায় কৰি ঘৰখন পোহ-পাল দিব আৰু দেউতাকক খেতিত সহায় কৰিব বুলি মনতে ঠিৰাং কৰিছে । তাকে ভাবি গুণি সি কেতিয়াও পথাৰ গছকি নোপোৱা ল'ৰাটোৱে মাকে দেউতাকলৈ যোগাৰ কৰি দিয়া জলপান কেইটা লৈ পথাৰ পালেগৈ । দেউতাকক জলপান কেইটা খাবলৈ দি সি আওঁচ যুৰিলে । পুতেকৰ কাণ্ড দেখি বাপেক অবাক হ'ল । হওঁক তেওঁ মোৰ ল'ৰাই ইমান পঢ়া-শুণা কৰিও যে মোক খেতিত সহায় কৰিব । খেতিয়কৰ ল'ৰা হৈ খেতিয়ে কৰিব মোৰেই গৌৰৱ ।।

                         

  🖌বিশ্বজিৎ সূত
     বালিজান, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)