সৰ্বভাৰতীয় পৰীক্ষা আৰু আমাৰ সমস্যাবোৰ

Rinku Rajowar
1
UPSC/APSCৰ ফলাফলবোৰ ওলোৱাৰ দিনা নিজৰো মনত এগৰাকী অসামৰিক বিষয়া হোৱাৰ সপোন জাগি উঠে। সেইমতে কেইদিনমান অলপ পঢ়া-শুনা কৰা যায়। কিন্তু সময় বাগৰাৰ লগে লগে পঢ়াৰ আগ্ৰহ কমি প্ৰায় একেবাৰে নাইকিয়া হোৱাৰ দৰে হয়। আকৌ যিদিনা বিজ্ঞাপন প্ৰকাশ পায় সিদিনাৰ পৰা আকৌ অলপ অলপকৈ পঢ়া আগবাঢ়ে আৰু এনেকৈ একোখন যুদ্ধত কোনোধৰণৰ সুপৰিকল্পনা নোহোৱাকৈ অবতীৰ্ণ হোৱা যায়। শেষত  ফলাফল শূণ্য হৈ পৰে।

এনে মানসিকতা আমাৰ কিয় হয় বাৰু? আমাৰ মগজুৰ ক্ষমতা কম নে আন কিবা?

সুক্ষ্মভাবে বিশ্লেষণ কৰিলে দেখা যায় যে সৰ্বভাৰতীয় পৰীক্ষাবোৰত অবতীৰ্ণ হব পৰাকৈ যিখিনি প্ৰাথমিক জ্ঞান লাগে তাৰে প্ৰায় ৮০%ই আমি নাজানো। সাহিত্য, ভূগোল, বুৰঞ্জী, সাধাৰণ বিজ্ঞান, পৰিবেশ ইত্যাদিৰ বিষয়ে যিখিনি প্ৰাথমিক জ্ঞান আমাৰ মগজুত স্কুলীয়াকালৰ পৰাই থাকিব লাগে সেইবোৰ আমি স্নাতক শিক্ষা সমাপ্তিৰ পিছতহে শিকো। তেতিয়া আমি গম পাওঁ যে শিক্ষা জীৱনত পঢ়ি অহা প্ৰতিখন কিতাপৰ গুৰুত্ব। বছৰৰ আৰম্ভণিতে পোৱা খমখমীয়া কিতাপকেইখন ডিচেম্বৰ মাহলৈ অবস্থাই নোহোৱা হৈ যায় আৰু শেষত কেজি ওজনত বিক্ৰী কৰা হয়। এয়াই আমাৰ মূল্যবোধৰ শিক্ষা। পৰিণতিত NCERTৰ কিতাপ   সংগ্ৰহ কৰো। শিক্ষাৰ নতুন জীৱন আৰম্ভ হয়। ইয়াৰ পিছত আৰম্ভ হব ধৰে সমস্যাবোৰ। কোনখিনি প্ৰথমে পঢ়িম, কেনেকৈ শেষ কৰিম ইত্যাদি ইত্যাদি। 
ইয়াৰ পিছত আহে বাতৰি কাকত পঢ়া সমস্যা। UPSC উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে কব 'THE HINDU' বা 'THE INDIAN EXPRESS'ৰ পঢ়াৰ কথা। কিন্তু আমাৰ সাধাৰণ অসমীয়া কাকত পঢ়াৰে অভ্যাস নাই। অবশ্যে অসমীয়া কাকতকেইখনত শিকিবলগীয়া বিশেষ একো নাই বুলিয়ে মই ভাবো। 
আচলতে এই সমস্যাবোৰৰ মূলতে হৈছে উপযুক্ত গাইডৰ অভাৱ। আমাৰ বিদ্যালয়ত, কলেজত শিকোৱা নহয় যে আমি লোৱা শিক্ষাবোৰ জীৱনৰ বাবেও গুৰুত্বপূৰ্ণ। কেবল নম্বৰৰ পিছত দৌৰি থাকোতেই আমাৰ অমূল্য সময়ৰ অপচয় হয়। অকল অসামৰিক সেৱাই নহয়, জীৱনৰ বাবে গুৰুত্বপূৰ্ণ যিকোনো প্ৰতিযোগিতাৰ বাবে আমাক গাইড দিয়া নহয়। দৌৰা, জপিওৱা আদিত পাৰ্গত কেইজন যে সুৰক্ষাবাহিনীৰ চাকৰিৰ বাবে উপযুক্ত হব পাৰে সেয়া আমাক আঙুলিয়াই দিয়া নহয়। একেদৰে কলেজত যিকেইটা বিষয় লৈ ডিগ্ৰী পাছ কৰা হয়, সেইকেইটা বিষয় যে অসামৰিক সেৱাৰ নিচিনা পৰীক্ষাবোৰৰ বাবে গুৰুত্বপূৰ্ণ, সেইটো বুজোৱা নহয়। 

গতিকে থুলমুলকৈ কব পাৰি প্ৰথমে আমাৰ ল'ৰা-ছোৱালীবোৰক উপযুক্ত প্ৰশিক্ষণ দিব লাগিব। তেওঁলোকক জীৱনৰ লক্ষ্যৰ বিষয়ে বিভিন্ন পৰামৰ্শ দিব লাগিব। সেয়া বিদ্যালয় পৰ্যায়ৰ পৰা কলেজলৈকে বিভিন্ন কেৰিয়াৰ সম্পৰ্কীয় মিটিং তথা শ্ৰেণীকোঠাত পঢ়নৰ মাধ্যমেৰে দিব লাগিব।

সংগ্ৰহঃফেচবুকৰ পৰা 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment