আশাৰ বাটৰ এমুঠি স্মৃতি

©Admin
0
 

শিক্ষাৰ্থী জীৱনৰ মধুৰ ক্ষণবোৰ পাৰ কৰা কৰুণাকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মোৰ জীৱন বাটৰ এক অফুৰন্ত শক্তি।যি মোক দিলে শিক্ষাজীৱনৰ এক সোণোৱালী বাটৰ সন্ধান।য'ত পালো মই মোৰ জীৱনৰ আশা পূৰণৰ পথৰ সন্ধান ।শৈশৱ আৰু যৌৱনৰ প্ৰতিটো সোণোৱালী সময় পাৰ কৰা এই জ্ঞান মন্দিৰৰ প্ৰতিটো মুহূৰ্ত মোৰ মনৰ স্মৃতিৰ দুৱাৰদলিৰ এক সুকীয়া অনুভৱ।প্ৰতিজন ছাৰ - বাইদেউৰ শাসনভৰা প্ৰতিটো কথাই মোক আপ্লুত কৰিছিল,আগবাঢ়ি যাবলৈ সাহস দিছিল।প্ৰতিটো মুহূৰ্ততে উৎসাহ যোগোৱা বাইদেউসকলৰ কথাবোৰকেই মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰাত কৃপণালি নাছিল । সেই দিনবোৰ আজি নষ্টালজিৰ পাতৰ এমুঠি মাথোঁ অনুভৱ। বিদ্যালয়খনৰ প্ৰতিটোকোণত আজিও বিচাৰি পাওঁ সেইদিনবোৰৰ মধুৰ স্মৃতি।সেই বিদ্যালয়খন আজি এক সুন্দৰ স্মৃতি।প্ৰতিটো সময়তে মোক শুদ্ধ পথৰ সন্ধান দিয়া সেইসকল শিক্ষাগুৰুৰ প্ৰতিটো বাক্যই মোৰ যাত্ৰাপথৰ এক সাৰথি।



🖋️প্ৰিয়ংকা গায়ন
ছাত্ৰী,জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়
সমাজতত্ব বিভাগ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)