প্ৰতিযোগিতামুখী আমাৰ ব্যস্ততাপূৰ্ণ জীৱনটো অতিবাহিত কৰা কালছোৱাত দৃষ্টিগোচৰ হোৱা ঘটনাই আত্মাৰ ফলক কাঁচত এনে কিছুমান বৰণীয়া প্ৰতিবিম্বৰ সৃষ্টি কৰে যিবোৰ হয় চালে-চকু-ৰোৱা আৰু গভীৰভাৱে অনুভুত হ'লে সেই মূহূৰ্তসমূহ বিশেষভাৱে হৈ ৰয় চিৰযুগমীয়া ।
দৃশ্যপট-১
কোলাত এটি নৱজাতকৰ সৈতে এহাল পিতৃ-মাতৃ । নিষ্পাপ,মৰমলগা মুখমণ্ডলৰ শিশুটি নিদ্ৰামগ্ন অৱস্থাত । অসুস্থতাই প্ৰাৰম্ভিক জীৱনৰ জেউতি কিছু ম্লান কৰিছে যদিও উদ্যমৰ প্ৰৱলতা দেখুৱাই শিশুটি উমলিছে-পিতৃ,মাতৃ আৰু মোৰ সৈতে ।অকস্মাত কাহ এটা ফুটি উঠিছে । দেখা গৈছে কণমানিটিয়ে উশাহ লোৱাতো কষ্ট পাইছে । মুখত স্বাভাৱিক চিন্তিত ভাৱেৰে মোৰ আকুলতালৈ লক্ষ্য কৰি পিতৃয়ে ব্যক্ত কৰিছে "এনেকৈয়ে...ৰাতিটো শুৱাই নহ'ল" ।
এইয়াই পৃথিৱীৰ শ্ৰেষ্ঠ সম্পৰ্ক , পিতৃ-মাতৃ আৰু সন্তানৰ স্বৰ্গীয় সম্পৰ্ক ।
দৃশ্যপট-২
দুগৰাকী কন্যাৰ সমন্বিতে এগৰাকী মাতৃ । ক্ৰমিক নং অনুসৰি চিকিৎসা কক্ষৰ ভিতৰলৈ সোমাই গ'ল জ্যেষ্ঠ কন্যাৰ সৈতে মহিলাগৰাকী । সৰু ছোৱালীজনীয়ে চিকিৎসা কক্ষৰ বাহিৰত ঠুনুক-ঠানাককৈ খোজ কাঢ়ি ফুৰিছে । অপেক্ষাৰত বহুজনে তাইক সংগ দিছে...মৰম কৰিছে । শিশুমনৰ আকুলতাৰ অৱসান ঘটাই এজনে আকৌ কাষৰে ঘূমটিখনৰ পৰা চকলেট এটা কিনি আনি তাইৰ হাতত তুলি দিলে । হৃদয় জিনা হাঁহি এটি মাৰি চকলেটটো হাতত লৈ কণমানিজনী ওচৰৰ বেঞ্চখনতে বহি পৰিল । পৰীক্ষণৰ অন্তত বাহিৰলৈ ওলাই অহাৰ লগে লগে 'মা'ক আৰু 'বা'য়েকক চকলেটটো দেখুৱাই, দিওঁতাজনক ওভতাই দিলে । দিওঁতাজন আচৰিত হ'ল । মাকে ক'লে-"লোৱা....দাদাই মৰমত দিছে"। তাই পুনৰ পৰাণ জুৰোৱা হাঁহিটিৰ বিনিময় কৰি চকলেটটো ওভতাই ল'লে ।
সময়কণ উপভোগ কৰি মই বুজি উঠিছিলো,প্ৰথমবাৰতে প্ৰত্যাখ্যান নকৰি কণমানিজনীয়ে সৌজন্যতাবোধৰ চানেকি বহন কৰিছিল আৰু দ্বিতীয়বাৰ মাকৰ অনুমতিৰ প্ৰয়োজনবোধ কৰি জীৱশ্ৰেষ্ঠ ৰূপে জন্ম লাভৰ গৌৰৱ অৰ্জন কৰিছিল।
হিমাশ্ৰী বৰা
তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ