শিক্ষা মানৱ জীৱনৰ পৰম বন্ধু। শিক্ষাৰ ৰশ্মিৰেহে প্ৰকৃততে মানুহে ধন,মান আৰু যশস্যা প্ৰাপ্তি কৰিব পাৰে।বিদ্যা পৰম ধন ইয়াক সহজে আয়ত্ত কৰিব নোৱাৰে।বিদ্যাই জ্ঞানৰ চক্ষু মুকলি কৰে। শিক্ষা থাকিলে মানুহে যিকোনো উপায়েৰে ধন অৰ্জন কৰি এক সুন্দৰ জীৱন কটাব পাৰে। শিক্ষাৰ পোহৰত মানুহৰ স্বভাৱ ফুটি উঠে, স্নেহ ভৰা আচাৰ -ব্যৱহাৰ,শ্ৰদ্ধা ভক্তি,মৰম,দয়া,তীক্ষ্ণ বুদ্ধি আৰু একাগ্ৰতা এই আটাইবোৰ গুণৰ অধিকাৰী হয়। তেওঁলোকে বহুক্ষেত্ৰত কোনো এটা ছবি বা ঘটনা চাই অনুমান কৰি উলিয়ায যে সেই ঘটনাটোৰ পৰিণাম কি হ'ব পাৰে।
আনহাতে, অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায়। সাধাৰণ অৰ্থত ক'বলৈ গ'লে এজন মানুহ ধনী তেওঁ শিক্ষিত। সিহঁতৰ ভাল বেয়াৰ বোধ নাই,মান অপমানৰ জ্ঞান নগন্য,বুজা শক্তি কম অন্য মানুহে যি কয় তাকেই হয়ভৰ দিয়ে।
শিক্ষাবিদ ডিউইৰ মতে, "শিক্ষা হ'ল জীৱন ব্যাপি চলা এক বিকাশমুখী প্ৰক্ৰিয়া।
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে,"মানুহৰ আহল-বহল ঘৰ, মটৰ-গাড়ীৰ, বিলাসী খাদ্যৰ উপভোগ কৰাকে জীৱন বুলি ক'ব নোৱাৰি। এই পাৰ্থিৱ সম্পদৰাজিতকৈ প্ৰয়োজনীয় বস্তুটোৱে হ'ল শিক্ষা।
ছক্ৰেটিছে কৈছে যে,"ভুল আঁতৰাই সঁচাক প্ৰমাণিত কৰাটোৱেই হ'ল শিক্ষাৰ মূল লক্ষ্য।
সেয়েহে এই ক্ষেত্ৰত অভিভাৱক সকলো সজাগ হোৱাৰ খুবেই প্ৰয়োজন। প্ৰত্যেক ল'ৰা ছোৱালীৰ উপযুক্ত শিক্ষা দিয়াৰ লগতে তেওঁলোকক আগ্ৰহী কৰিব লাগে যাতে ভবিষ্যতে দেশৰ একো একোজন সু-নাগৰিক হিচাপে নিজকে গঢ়িবলৈ সক্ষম হয়। তেওঁলোকক উৎসাহিত তথা অনুপ্ৰেৰণা যোগায়।
🖋️জয়া বড়ি
(বোকাখাত/ ৰজাবাৰী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ