মই শচীন হবলৈ যোৱা মোৰ অভিজ্ঞতা (খণ্ড-0১)

Rinku Rajowar
0

চাওঁতে চাওঁতে আজি বহু বছৰ হল। ক্ৰিকেট কোচিংৰ সেই মুহূৰ্ত বোৰ এতিয়াও যেন সজীৱ হৈয়ে আছে। প্ৰথম দিনাই বেটিঙ হেড কোচৰ গালিটো
"তুমি কি এইবোৰ ড্ৰেচ পিন্ধি ক্ৰিকেট খেলিবা" এতিয়াও কাণত বাজে।কোচজনৰ পিছ ফালে প্ৰায় দহজন মান মোৰ সমানৰ ডিষ্ট্ৰিক্ট খেলা লৰা আছিল।কেইজন মান স্কুলৰ চিনাকীও আছিল ।সিহঁতেও মোৰলৈ চাই থৰ লাগিছিল। মই লাজতে জ্বলি পকী পিঠিত লৈ থকা বেগটো তলৰ ঘাঁহনিত নমাই ড্ৰেচজোৰ খোলাম খোলা সলাই ললোঁ। ভাল যে কোনো ছোৱালী টুৱালী ওচৰে পাজৰে নাছিল। 
উফ, কি যে স্মৃতি সেইবোৰ..........।
তাৰ পিছত আহিলোঁ এগজ মান দূৰৈত থকা দ্বিতীয়জন কোচৰ ওচৰলৈ। তেওঁ তেতিয়া ডিউছ বলটো লৈ কেচিং প্ৰেক্টিছ কৰাই আছিল। মই তেওঁক হৰ্ঠাতে গৈ মাত লগালো গৈ। তেওঁ মোক দেখি ইয়াক কোনো বাই চিনিপাওঁ নেকি বুলি প্ৰেক্টিছ কৰি থকা লৰা কেইজনক সুধিলে।লৰাকেইজনৰ ভিতৰত কেইজনমান মোতকৈ ডাঙৰো আছিল আৰু সৰুও আছিল আৰু বেছি ভাগ মোৰ বয়সীয়া। তাৰ পিছত তাৰে এজন মোতকৈ বহুত সৰু ,তাক মই চিনি পাওঁ , সি মোক দেখি ওলাই আহিল । তাক কোচে মোক ৱাৰ্ম আপ কৰোৱাবলৈ কলে।সেই দিনটো তেনেকৈ গ'ল।অ পিছে আৰু এটা কথা নহয় প্ৰেক্টিছ শেষ হোৱাৰ পিছত আমাক এখন খেল খেলালে আমাৰ গ্রুপটোৰে মাজত।তেনেতে আকৌ এটা ঘটনা হল মই অপেনিং কৰিছিলোঁ টছত জিকি, মানে আমাৰ দলৰ কেপ্টেইনে নিৰ্দেশ দিলে মোক আৰু এজনক।মইতো সোলা ভাই মূলা ,একোৱে নাজানোঁ।মানে স্কুলত লগৰবোৰে ভাল খেলোঁ বুলি কয় তথাপিও দিয়কচোন তাৰ কথা অলপ নহয় বহুতেই সুকীয়া।
মই প্ৰথমতো ,তাৰ পিছত দ্বিতীয়, তৃতীয় কৈ তিনিটা বল মিছ কৰিলোঁ। পিছ ফালে ৰখি আছিল মোক প্ৰথমতে গালি পৰা কোচজন ।তেওঁ মোৰ এনেকুৱা বোৰ কাণ্ড দেখি একদম সাউদকৈ মোৰ হাতৰ পৰা বেটখন কাঢ়িলৈ ,"বলটো খাবলৈ আহিছ' "বুলি গালি পাৰিলে, নিজে আকৌ বলটো ষ্টেণ্ডত মাৰি পেলাই  দিলে। এনেদৰে দিনটোৰ অন্ত পৰিল। তাৰ পিছত মই দেউতাৰ লগত ঘৰ আহিলো । ইয়াৰ মাজতে বহুতো লৰা লগত চিনাকি হলো। পিছলৈ মোৰ সিহঁতৰ সৈতে ভাল বন্ধুত্ব হৈছিল।লগতে মোৰ ঘৰৰ ওচৰৰে এজনকো লগ পালো। পিছে তাক মই চিনি পোৱা নাছিলোঁ কাৰণ ,ওচৰৰে যদিও চিনাকী নাছিল।

আগলৈ.............

✏️জ্ঞানদ্বীপ বৰুৱা।

খনিকৰ, ডিব্ৰুগড়



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)