" অঃ নিতুকে ফ'ন কৰবি তাৰ আগে মৰ কথা শুন , তুই একটা চামাৰ ছকড়া বলতে গেলে ছট জাতিৰ মানুষ আৰ নাগ বংশৰ সংগে ৰিস্তা জৰাৰ সপনা দেখছি , কাণ খুলে শুন লে মুই জিন্দা থাকতে লে মৰ বেটীকে তৰ সংগে কন ৰকমে ৰিস্তা জৰাতে নাই দিব না না এইটা হবেক নাই , এখন আৰ একটা কথা শুন এই বাগানে তকে দেখা পাব নালাগে নহ’লে এই দুনীয়া সে তকে বিদায় দি দিব গতিকে এখন যা মকে চাৰাব ভাটি যাতে লাগে তৰ সংগে কথা হইকে মৰ গলা শুখাই গেল মুই আশা কৰছি মৰ কথা তৰ মাথাই খাপে গেল মুই যায় তুই যা "
এইবুলি কৈ নিতুৰ দেউতাই যাবলৈ তৎপৰ হওঁতে সত্যমে পাছ ফালৰপৰা মাত লগাই
" মোৰ কথাটোও আপুনি শুনি যাওক প্ৰেমে কোনো জাত পাত উচ্চ নীচ্চ নামানে মাথোঁ হৃদয়ৰ কথা শুনে গতিকে আপুনি যি কৰিব পাৰে কৰি লব কিন্তু মই নিতুকেই বিয়া কৰাম তাৰ বাহিৰে আন কাকো নকৰোঁ এতিয়া মই গৈছো অতিশীঘ্ৰে আহি আছোঁ আপোনাৰ ছোৱালীক নিবলৈ ৰেডী থাকিব কন্যা দান দিবলৈ এইয়া মোৰ চেলেঞ্জ আহিছোঁ "
এইবুলি কৈ সত্যম নিতুৰ দেউতাৰ হাতৰ পৰা মবাইল কাঢ়ি লৈ গুছি যায় ৷
নিতুৰ দেউতাকে দুৰৈৰ পৰাই চিঞৰি ক’লে
" মুই তৰ চেলেঞ্জ মঞ্জুৰ কৰছি মুইঅ দেখব তুই মৰ বেটীকে কি ৰকমে বিবাহ কৰকে লেই যাবি "
সত্যম ঘৰলৈ গৈ মিঃ ৰাজুক ফ'ন কৰি সকলো কথাৰ বিৱৰণ দি ক’লে
" এতিয়া আপুনিয়ে কওক মই নিতুক ভাল পাই কিবা দোষ কৰিলোঁ নেকি ?
মিঃ ৰাজুৱে ক’লে
" তুমি চিন্তা নকৰিবা নিতু আৰু তোমাৰ বিয়া নিশ্চয় হব মই তোমাক কথা দিছোঁ চাওঁচোন সেই মদাহী বাপেকে কিনো উখাড়ী লব , শুনা মই কালিলৈ তোমাৰ ঘৰলৈ গৈ আছোঁ তুমি নিচিন্তে থাকা "
সত্যমে মিঃ ৰাজুৰ কথা শুনি অলপ সাহস পাই ক’লে
" আপোনাক বহুত বহুত ধন্যবাদ মোক সহযোগ কৰাৰ কাৰণে মই এতিয়া আপোনাৰ ওপৰতে সকলো এৰি দিলোঁ "
মিঃ ৰাজুৱে ফ'ন কাটি সত্যম আৰু নিতুৰ সম্বন্ধৰ কথা পৰিয়ালবৰ্গৰ সৈতে বিনিময় কৰি ক’লে
" এতিয়া তঁহতে মোৰ লগ দিবা নিদিবা সেইয়া মই নাজানো কিন্তু মই সত্যমৰ সপক্ষে নিশ্চয় থিয় দিম "
মিঃ ৰাজৰ পত্নীয়ে ক’লে
" মইয়ো আপোনাৰ সৈতে আছোঁ প্ৰতি মুহূৰ্তত "
দিবাকৰেও ক’লে
" দেউতা ময়ো সত্যম দাৰ চাপৰ্টত আছোঁ "
পত্নী আৰু পুত্ৰৰ পৰা সহযোগ পাই মিঃ ৰাজু বৰ সন্তোষ লভিলে আৰু ক’লে তেন্তে ৰেডী হোৱা সত্যমৰ ঘৰলৈ যাবলৈ কালিলৈ তাৰ আগতে মই নিতুৰ মতামত জানি লওঁগৈ "
এইবুলি কৈ মিঃ ৰাজু নিতুৰ ঘৰলৈ যাবলৈ তৎপৰ হওঁতে পত্নীয়েকে ৰখাই ক’লে
" আপুনি নহয় মই যাম একপ্ৰকাৰে নাৰীয়ে নাৰীৰ মনৰ কথা বুজি পাই "
মিঃ ৰাজুৱে ক’লে
" ঠিক আছে তেনেহ’লে তয়ে যা "
দিবাকৰৰ মাকে গৈ নিতুক বাগানৰ নিজান ঠাইলৈ মাতি আনিলে আৰু নিতুৰ দেউতাকে সত্যমৰ লগত কৰা দুৰ্ব্যৱহাৰৰ কথা জনাই ক’লে
" এতিয়া সকলো তোমাৰ হাতত "
নিতুয়ে ক’লে
" হয় মই সাজু আছোঁ , সত্যমক পাবলৈ মই সকলো ধৰণৰ ৰিস্ক লবলৈ সজ্জ আছোঁ আপুনি মাথোঁ মোক সহায় কৰক "
দিবাকৰৰ মাকে নিতুৰ কথা শুনি মনটো পাতল অনুভৱ কৰিলে ৷ উৎসাহী মনেৰে ক’লে
" ঠিক আছে তেন্তে অহাকালি ৰাতিপুৱাতে আমাৰ ঘৰলৈ ওলাই যাবা আমি তোমাক সত্যমৰ ওচৰলৈ লৈ যাম তাৰ পাছত দুয়কে বাবাথানত নি বিয়াখন পতাৰ ব্যৱস্থা কৰি দিয়া হব কিন্তু মনত ৰাখিবা এই কথা তোমাৰ দেউতাৰ কাণত কোনো পধ্যেই পৰিব নালাগিব নহ’ লে তুমা জানাই কি
হব "
নিতুৱে ক’লে
" এয়া আপুনি চিন্তা নকৰিবই মোৰ মদাহী বাপেকে গমকে নাপাব "
দিবাকৰৰ মাকে ক’লে
" ঠিক আছে এতিয়া আহিছোঁ ৰাতিপুৱা লগ হম "
নিতুৱে ক’লে
" আপোনাক কিদৰে ধন্যবাদ দিম তাকেই মই ভাৱি পোৱা নাই "
দিবাকৰৰ মাকে নিতুলৈ কোমল দৃষ্টিৰে চাই গুছি গ'ল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ