এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য--০২

©Admin
0
 যোগেশ্বৰৰ কথাষাৰে হৃদয়ৰ কাননত গজি থকা বৃক্ষজোপাক আৰু অলপ সাৰ-পানী দি, জীপাল কৰি দিলে। বেদনাক্লিষ্ট মনত প্ৰেৰণাই ভুমুকি মাৰি উৎফুল্লিত কৰে। সঁচাকৈয়ে কি ভাল লাগে  মনৰ মাজত সোমাই থকা কথাবোৰ  কোনোবাই কৈ দিলে । ভাল লাগে ইমান  নে সিমান নাজানোঁ । কিন্তু  মনটো হ'লে সেই সময়ত একেবাৰে নিকা হৈ থাকে । নাথাকে  মনত কোনো  ক্ৰোধ, হিংসা আৰু যন্ত্ৰণা । মনে অন্বেষণ কৰা বস্তুটো কাৰনো পাবলৈ  দুৰ্বাহ হেঁপাহ নাথাকে । মোৰ মন দাপোণত নিগাজীকৈ বাহৰ পাতি বহিছিল এজন বন্ধুৱে । কিন্তু  তেওঁ কোন ?  নাম কি ? ঘৰ ক'ত ? কোন শ্ৰেণীত  পঢ়ে ?  একোৱেই  নাজানো । মাথোঁ  এটাই মনে বিচাৰে--তেওঁৰ লগত  মই  বন্ধুত্ব  সম্বন্ধ গঢ়োঁ ।   অগণনীয়  সময় সোঁতৰ এটুকুৰা অংশই হৈছে  জীৱন । এই জীৱনৰ পলবোৰত অজস্ৰ  দিবাস্বপ্ন দেখোঁ । এটা শেষ হ'লেই উদয় হয় আন এটা । আশাও কৰোঁ অজস্ৰ , সেইবোৰক বাস্তৱত পাবলৈ । হয়টো  কেতিয়াবা  সলাই লওঁ এটা , তাৰ  ঠাইত পূৰ কৰোঁ এটি নতুন কল্পনা । কিন্তু  কোনো দিনেই  আঁতৰাব পৰা নাই  বন্ধুজনক লগ  পোৱাৰ অগাধ আশাটো  । দিনে নিশাই  মনত ধলিখলি লগাই থাকে সোপানত কাষলৈ  আহা বন্ধুজনে । মোৰ  সহপাঠী যোগেশ্বৰহঁতেও সোপানৰ বন্ধুৰ কথা মাজে সময়ে  শুনাই থাকে ,ধেমালী প্ৰসংগত ঠাট্টা-মস্কৰা কৰে । যোগেশ্বৰে ক'ত  , কোনটো   পিন মাৰিলে , কি ফল পোৱা যায়  ভালদৰে জানিছিল । সেয়ে  মোৰ মনৰ দুখবোৰ পাতল কৰিবলৈ এই পিনটো মাৰি গ'ল। 

                     
                    তৃতীয় শ্ৰেণীৰ কথা মনলৈ আহিলেই মনত ভাঁহি পৰে সাঁচটি শুক্ৰবাৰটো । মোৰ ভালদৰে মনত আছে যে আমি এইদিনটোত সকলোৱে টিফিনৰ সময়ত শ্ৰেণীকোঠাত বহি অন্য শুক্ৰবাৰৰ দৰেই কাহিনীৰ মেল পাতিছিলোঁ । এটা কথা কৈ থওঁ  যে প্ৰতিটো শুক্ৰবাৰে আমি অৰ্থাৎ  শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বৃত্তৰ দৰে  শ্ৰেণীত বহি সাধু নতুবা সপ্তাহটোত দেখা  সপোনবোৰ কওঁ । সকলোৱে মনোযোগ দি শুনোঁ। কোনো কোনোৱে  সপোন নেদেখিলেও  মনতে সজাই কৈছিল । কিন্তু  আমি কোনোৱে তুমি মিছাকৈ কৈছা বুলি বিৰোধ মত দিয়া নাছিলোঁ । বেছি সংখ্যকৰ মুখৰ পৰা ওলাইছিল ভূতৰ সপোন । মই কিন্তু কোনো দিনেই সপোন দেখা নাছিলোঁ । সেয়ে  মই  নিৰৱ  শ্ৰোতা হৈ শুনি থাকোঁ । সকলোৱে  কয় , তুমি এদিনো একোৱেই সপোন নেদেখা নে ?  নে আমাৰ আগত নোকোৱা । মোৰ মাথোঁ এটাই উত্তৰ --- "নেদেখিলে কেনেকৈ কওঁ , দেখিলে নিশ্চয় কম ।"

                  সপোনৰ ৰাজ্যত ময়ো প্ৰৱেশ কৰিছিলোঁ । বাৰ আছিল বৃহস্পতি । এক পাহৰিব নোৱাৰা আৰু নুবুজা হৃদয়ত সাঁচ পাতি বহা এটা সপোনৰ গৰাকী হ'লো । পুৱতি  নিশা  ১২:০৫ বাজিল যেতিয়া মই  সোপানৰ জগতৰ পৰা দিঠকত নামো । মোৰ  মনত আনন্দৰ ঢৌ -- আজি মই সপোন দেখিলোঁ  । কাইলৈ মই স্কুলত ক'ম। নিশা  বহী এখনত এডাল  পেঞ্চিলেৰে সপোনৰ সকলো কথাবোৰ লিখি ৰাখিলোঁ । যদি পাহৰি যাওঁ পুৱা পঢ়ি ল'ম । লিখি শেষ কৰি বিচনাখনত পৰিলোঁ যদিও নিদ্ৰাত কিন্তু  মগ্ন নহ'লো । বিচনাত পৰা পৰৱৰ্তী সময়খিনি মাথোঁ  সপোনটোকে সোঁৱৰাই সোঁৱৰাই পুৱা বিচনাৰপৰা উঠা সময়কণত উপস্থিত হ'লোহি। 
                    স্কুললৈ প্ৰফুল্ল মনে ধাউতি হ'লোঁ । প্ৰাৰ্থনা সমাপ্তিৰ পাছত সকলোৱে যেতিয়া  শ্ৰেণীত গোট খালে, তেতিয়া মই  কৃষ্ণফলকখনৰ ওচৰত থিয় হৈ ক'লোঁ --আজি  ভাল খবৰ এটা  আছে । সকলোৱে এক  স্বৰত আচৰিত হৈ  ক'লে --কি ?? ? ।বিশেষ একো নহয় । মই আজি সপোন দেখিলোঁ ।তোমালোকক কম। সকলোৱে আনন্দত চিঞৰি উঠিল  বঢ়িয়া  বঢ়িয়া  বঢ়িয়া ।আজিহে হাইথা মাটিত পৰিছে । আনফালে  চকীদাৰ খুড়াই  দহ বজাৰ বেল বজায় । মানে দহ বজাৰ বেল পৰা লগে লগে ছাৰ-বাইদেউসকলে শ্ৰেণীৰ কক্ষলৈ আহে। আমি নিজৰ  নিজৰ  আসনত বহি  কিতাপ-বহী উলিয়াই  সাঁজু  হৈ ৰ'লোঁ। এনেদৰে  শ্ৰেণীকক্ষত পাঠদান আৰম্ভ হৈ  বিৰতিৰ বেল বাজি উঠিল ।  বেলটোৱে  বিজুলীয়ে দিয়া চমকৰ দৰে মনলৈ সপোনটোৰ স্মৃতিক লৈ আহিল । শ্ৰেণীকোঠাৰপৰা ছাৰ গুচি গ'ল। শ্ৰেণীকক্ষত গুমগুমনি । অন্য শ্ৰেণীৰ  ছাত্ৰ-ছাত্ৰীবিলাক  শ্ৰেণীৰ কক্ষৰপৰা  ওলাই গ'ল। সহপাঠী  পৱিত্ৰ  আৰু মুকুন্দই চানা-মটন আনিবলৈ  সকলোৰ পৰা  টকা তুলি দোকানলৈ গ'ল। ৰেণুমণি আৰু  সুৰভিয়ে  পানীৰ বটলত পানী ভৰাই আনিবলৈ টিউবেললৈ গ'ল। মাজনী , লিলিমা আৰু  টিলেশ্বৰিয়ে শ্ৰেণীটো সাৰিবলৈ ল'লে আৰু যোগেশ্বৰ , ধৰ্মৰাজ,বলিন,স্বৰ্ণ আৰু মই  বেঞ্চবোৰ  ইফাল-সিফাল কৰি  সিহঁতক সহায় কৰি দিলোঁ । সাৰি হোৱা পাছত  সকলোৱে  বেঞ্চতবোৰ বৃত্তাকাৰে সজালোঁ । সকলোৱে একগোট হৈ বহিলোঁ । মাজনী আৰু লিলিমাই চানা-বিস্কুটবোৰ ভাগ কৰিলে । যোগেশ্বৰে ক'লে, অই  আৰম্ভ কৰা  সপোনটো  । প্ৰথম  আজি  তই কৰিব লাগিব। পাছত সময় নহ'বগৈ ।  
            মই  আৰম্ভ কৰিলোঁ । ক'লোঁ  - আজি  নিশা  প্ৰায়  ১২:০০ বজাত মই  সপোনটো দেখিছিলোঁ । মই  এখন বাছ আস্থানত ৰৈ আছিলোঁ ।  অকলে অকলে ৰৈ ৰৈ আমনি লাগিছিল । মানুহ নথকাও নহয় , আছিল  বহুতো । কিন্তু  প্ৰত্যেকে  নিজৰ নিজৰ ভেমত ৰৈ আছিল । মোৰ ফালে কোনোৱে কেয়াকৈও চোৱা নাছিল । এনেদৰে প্ৰায়  আধা ঘণ্টামান ৰখিলোঁ । হঠাতে মোৰ বয়সৰ ল'ৰা এজন এখন ৰিক্সাৰপৰা নামি আহিল । দেখাত বৰ সুন্দৰ । চাই  থাকিলে  চাই থাকিবই মন যায় । সাজ-পোছাকো  পৰিষ্কাৰ-পৰিচ্ছন্ন । আহি মোৰ ওচৰত ৰ'লহি । মোৰ ফালে হাই বুলি মাত দি হাতখন আগবঢ়াই দিলে । মই  কিন্তু একোৱেই নক'লো । হাই  মানে কি  মই  নাজানো । সেইবাবে একো নক'লো । তাৰ মানে কি বুলি  মোৰ তাক সুধিবলৈ লাজো লাগিছিল । মই তাতে লেটেৰা চোলা পিন্ধি আছিলোঁ । প্ৰায় পাঁচ মিনিট মান দুয়ো ওচৰা-ওচৰিকৈ নিৰৱে কোনেও কাকো নমতাকৈ ৰ'লোঁ । অলপ  দূৰত  দেখিলোঁ  এজন ডেকা ল'ৰাই আন এজনক হাই বুলি  হাত আগবঢ়াই দিয়াত  আনজনেও হাই  বুলি  হাত মেলি দুয়োজনে হাত দুখন মিলাই দিছিল । তাকে দেখি ভাবিলোঁ, সিও মোক এয়াই কৈছিল।
মানে মই  হাতখন আগঢ়াই ধৰিব লাগিছিল । এবাৰ লাজেৰে তাৰ চকুলৈ চালোঁ । দেখিলোঁ  , সি  মোক হাঁহি মাৰিছে । ময়ো হাঁহিলোঁ । সুবিধাকণ লৈ অলপ কাষ চাপি আহিল ।
" ক'লৈ  যাবা তুমি  ? " ---মধুৰ বচনে  মোক সুধিছিল। 
" ঘৰলৈ  যাম ।"
  " অ'---"  , মোৰ উত্তৰ শুনি চিমিককৈ  হাঁহি ক'লে ।
মই  ক'লোঁ ----" বাছ এতিয়া নাহে । তিনি ঘণ্টাৰ পাছত আহিব ।"  মই তাৰ মুখমণ্ডলত বেজাৰ দেখা পৰিৱৰ্তে  এক আনন্দৰ আভা দেখিলোঁ ।
" হয় নেকি ? বহুত  সময় ৰ'ব লাগিব  দেখোন । আমনি  লাগিলেহেঁতেন তোমাক লগ নোপোৱাহেঁতেন । অকলে অকলে কিমান  ৰৈ থাকিলোঁহেঁতেন । ব'লা ,  ক'ৰবাত বহোঁগৈ । সৌ গছজোপাৰ তলতে ছাঁ ঠাই টুকুৰাত বহোঁগৈ ব'লা ।"

কথাবোৰ বৰ শুৱলা আছিল । শুনি ভাল লাগিছিল । মই  কথাবোৰত বিৰোধ কৰাৰ সলনি  কেৱল অ' উত্তৰ দি গৈছিলোঁ । গছজোপাৰ তললৈ গ'লোঁ । প্ৰায় আধা ঘণ্টা ধৰি বহিলোঁ । কিন্তু মাতবোল নাছিল । দুয়ো ওচৰা-ওচৰিকৈ বহি আছিলোঁ এখন ছবি কিতাপ  চাই চাই । হঠাতে  সি চিঞঁৰি উঠিল  ---" এইটো চোৱা বন্ধু--------" 
আনন্দৰ বিভোৰত অনৈচ্ছিকভাৱে  সোঁহাতখন মোৰ কান্ধত তুলি গা ফালে টানি সাৱটি ধৰিলে । মই নিমাত হৈ ৰ'লোঁ  । থৰ লাগি কিতাপখনৰ পৰিৱৰ্তে তাৰ নয়নজুৰিলৈ চাই ৰ'লোঁ । মোৰ ফালে নোচোৱাকৈ  একান্ত মনে ছবিখনৰ বৰ্ণনা  এনেদৰে  দি গ'ল ---" চোৱা  , এইখন অসম । আমাৰ  ৰাজ্যখন । এইখন  আমাৰ জিলা । আমি ইয়াতে আছোঁ । কিন্তু বৰ্তমান এইখন ঠাইত  আছোঁ । এতিয়া আমি এইটো ৰাস্তাৰে যাম। " 
হঠাতে মোৰ চকুৰলৈ চালে । দুয়োৰে  চকুত চকু  পৰিল । দুয়ো  লাজৰ অনুভৱেৰে তল মূৰ কৰিলোঁ। সি মোক এৰি  দিলে । লাহেকৈ  মূৰটো দাঙি কয় ---" চৰি , বেয়া  নাপাবা  হাঁ । হঠাতে  টানি ধৰিলো । চাগে বেয়া  পাইছা  ন । " 
তাৰ মুখন ৰঙা-জঙা পৰি যাবলৈ ধৰিলে লগতে  মুখমণ্ডলত  বেদনাৰে আগুৰি ধৰিলে । ভাবিছিল ,  মই  তাক বেয়া পাইছোঁ  আৰু খং কৰিছোঁ । তাৰ এনে অৱস্থা দেখি  আপোনা-আপুনি মোৰ অন্তৰতো দুখে বাহৰ পাতি ল'লে । লাহেকৈ  মই ক'লোঁ---" নাই পোৱা । নাপাওঁ দিয়া । কিন্তু মোক বন্ধু ক'লা  যে ?  "
" কিয়  ? বেয়া পাইছাঁ । নিজেই ওলাই গ'ল মনৰপৰা । বন্ধু  বুলি  মাতিলে বেয়া পাবা নেকি ?  তোমাৰ  লগত  বন্ধু  পাতিবলৈয়ে মন গৈছে । পাতিবা  নে ? "
মোৰ মনৰলৈ  আহিল মই  হ'লোঁ এটা  সাধাৰণ দুখীয়া ঘৰৰ ল'ৰা। সি ইমান ধুনীয়া সাজ-পোছাক পৰিধান কৰি আছে , হয়টো ধনী ঘৰৰ ল'ৰা । মোৰ লগত জানোঁ  তাৰ মাক-দেউতাকে  বন্ধু পাতিবলৈ দিব । অৱশেষত  মই  লাহেকৈ ক'লোঁ  ---" মই  দুখীয়া ঘৰৰ ল'ৰা । তুমি ধনী । তোমাৰ মা-দেউতাই  জানো  তোমাক মোৰ লগত বন্ধু পাতিবলৈ দিব ।" 
" তোমাৰ লগত বন্ধু মইহে পাতিম, মা-পাপাই  নাপাতে  নহয় । মোৰ  মা-পাপাই একো  নকয় । তেখেতসকলে কয় সকলো মানুহ একেই । আমি  নিজেহে মানুহক  ভাগ বতৰা কৰি লওঁ । কাটিলে সকলোৰে ৰঙা তেজেই ওলাব । হ'ব পাৰে কাৰোবাৰ ছাল ক'লা , কাৰোবাৰ  বগা  আৰু  কাৰোবাৰ  মুগা । কিন্তু  সকলো  মানুহেই বন্ধু । বাদ দিয়া  সেইবোৰ  এতিয়া । আহা কিবা এটা  খাওঁ ।" 
মোক আকৌ সোঁহাতখনে গাপোট মাৰি ধৰিলে । 
"  শুনা । মোক  এৰি দিয়াচোন ।"
" কিয়  ? বেয়া পাইছা ন  ? "
" নহয় অ' , মানে  চোৱা  চোন  মোৰ  কাপোৰ যোৰ  লেটেৰা । তোমাৰ যোৰ চফা । তোমাৰ চাফা কাপোৰ যোৰ লেটেৰা  হৈ যাব  নহয় বন্ধু । "
" অ' এইটো কথা ।"--দুয়োখন হাতে সাৱটি ধৰি ক'লে--- " এতিয়া  নক'বা  লেতেৰা হ'ব বুলি  । কাৰণ লেতেৰা  হওঁক  বুলিয়ে তোমাক  সাৱটি ধৰিছোঁ ।  মায়ে  কয় কাপোবোৰ ধুই  দিলে  দাগবোৰ গুচি  যাব । কিন্তু  মনৰ  দাগবোৰ  নুগুচে । " 
"  বাৰু বাৰু এৰা এতিয়া নকওঁ ।" 
"  এয়া এৰিলোঁ  । মোৰ বেগত খোৱা  বস্তু আছে , ৰ'বা উলিয়াওঁ।"
বেগৰ চেইনডাল খুলি ওলিয়াই আনিলে  এটা ব্ৰেড , এটা টিফিন ।  ব্ৰেডৰ পলিথিনৰ আৱৰণখন ফালি মোৰ ফালে আগবঢ়াই   দিছিল । 
" খোৱা বন্ধু । এইটো পানী বটল । ৰ'বা  ।" --- বুলি  কৈ  সি  এখন ব্ৰেড লৈ মোক মুখত যাচে । মই  হাঁহি মাৰি তাৰ হাতখনত ধৰোঁ । ব্ৰেডখনৰ একামোৰ খাই তাৰ মুখলৈ ঘূৰাই দিওঁ । সিওঁ  এটা  হৃদয়ৰ স্পন্দনত খুদিয়াই যোৱা হাঁহিৰে  মুখখন মেলি একামোৰ খায় ।  কয় -" থেংকিইউ য়াৰ । "

আমি একেলগে দুয়ো বহি ইজনে- সিজনক  এখন এখনকৈ খুৱাই দি দি ব্ৰেডটো খাই শেষ কৰি দিলোঁ । খাই উঠি  সি ক'লে--- "  ব'লা অলপ খোজকাঢ়ি যাওঁ ফিলখনৰ সৌ তালৈ । আমি দুয়োৱে ফিল্ডত পৰি থকা শিমলু কঁপাহবোৰ বুটলি বুটলি উৰুৱাই  উৰুৱাই  দৌৰিছিলোঁ । ভাগৰত  সি মোৰ গাত ধৰি ক'লে ব'লা সেই কৃষ্ণচূড়া গছজোপাৰ  তলত বহোঁ  বন্ধু । ভাগৰ লাগিছে ,  ব'লা । দুয়ো গৈ  ফিল্ডৰ কাষতে থকা কৃষ্ণচূড়া গছজোপাৰ তলত দীঘল দি  ইজনে-সিজনৰ মূৰত মূৰ লগাই  শীতল ছাঁত প্ৰতিশম ল'লোঁ । প্ৰলম্বিত গছৰ পাতবোৰক আঙুলিয়াই দি ক'লে ---"  চোৱাচোন বন্ধু ,  সৌ  সেউজ  পাতবোৰলৈ, বতাহে কেনেকৈ কোবাইছে । পাতবোৰৰ গাত কি দুখ আছেনো । পাতবোৰৰ অনিচ্ছাৰ স্বত্তেও প্ৰৱাহিত সমীৰণে সিহঁতক  ডালৰপৰা আঁতৰাই নিব বিচাৰিছে । বন্ধু , আমাৰ জীৱনতো  এনে দিন সমাগত হ'ব পাৰে । সেয়ে আমি একত্ৰিতভাৱে ধৰ্য্যসহকাৰে সমস্যাক সমাধান কৰিবলৈ সাজু হ'ব লাগিব। জানা -- মায়ে কৈছিল জীৱনত বহুতো প্ৰতিৰথ আহে আমাক বিধস্ত কৰিবলৈ । কিন্তু মই  তোমাক অঙ্গিকাৰ দিছোঁ---  সৌ কালজয়ী ৰঙা প্ৰদ্যুত বিকশিত অৰ্চিমান আৰু  চৌদিশে প্ৰৱাহিত মৃদু সমীৰণক  সাক্ষী কৰি প্ৰময়ে মোক আগুৰি ধৰিলেও দৰদত তোমাক ত্যাগ নকৰোঁ । "

         দূৰৈৰলৈকে তাৰ মাতটো প্ৰৱাহিত হৈছিল । প্ৰৱাহিত ধ্বনিয়ে প্ৰতিধ্বনি সৃষ্টি কৰি মোৰ কাণলৈ লৈ আহিছিল  এক মধুময় সংগীতৰ বাণী । শুনি খুবেই ভাল লাগিছিল । কবিতা আবৃত্তিৰ স'তে মধুৰ সংগীতৰ লয়-
তালে বায়ুত যি ৰূপ সজ্জা সাজে , তাৰ কণ্ঠই সেই ৰূপ সজ্জাই লৈছিল । মই থিয় হৈছিলোঁ । সিও থিয় হৈ হাতৰে সকলো দেখুৱাই দেখুৱাই  প্ৰকৃতিৰ ৰূপৰ  বৰ্ণনাৰে নিজৰ প্ৰতিজ্ঞা দি গ'ল । মই নিৰৱ শ্ৰোতা হৈ মাথোঁ তাৰ আমোদ ল'লোঁ । শেষত  মনলৈ ধৰণা আহিল ইমান সুন্দৰকৈ কথাবোৰ কৈ পেলায় । মই দেখোন একোৱেই ক'বই নাজানো ।  মই তাৰ ফালে চাই ৰ'লোঁ । মনত বহুবোৰ ভাবে খলকণি দি আছিল যেন ময়ো তেনেদৰে কওঁ এক অলংকাৰ লগায় কিন্তু মনলৈ সাহস নাহিল । মোৰ মনৰ অনুভৱৰ কথা  সি অনুভৱ কৰিছিল । মোৰ পাছফালে গৈ কঁকালত ধৰি মোৰ কান্ধত তাৰ থুতৰিটো থৈ  লাহেকৈ কৈ উঠিল ---" তুমি কিবা ক'ব বিচাৰিছা নেকি  বন্ধু ? "
" উম, কিন্তু মনৰ পৰাই নোলায়ে দেখোন । ক'বলৈ বহুত কথা মন যায় , কিন্তু নোৱাৰোঁ অ' । তুমি যে মনৰ কথাবোৰ ইমান ধুনীয়াকৈ কৈ দিয়া । জানা --- শুনিলে শুনি থাকিবলৈ মন যায় ।  তোমাৰ দৰে মই কথা ক'ব নাজানো , কিন্তু তোমাৰ দৰে ময়ো  তোমাক বিচাৰোঁ । মনটোৱে কৈ আছে তোমাক এৰি নিদিওঁ । ময়ো কথা দিলোঁ তোমাক  কেতিয়াও পাহৰি নাযাওঁ , সদায় একেলগে থাকিম । মনৰ সকলো কথা তোমাক খুলি কম। তুমি ক'ত শিকিলা ইমান ধুনীয়াকৈ কথাবোৰ ক'বলৈ । তোমাৰ যি হাঁহি , মৃত্যুক সাৱটি থকা ৰুগীয়ে দেখিলে আৰু শুনিলেও  বিষাদৰপৰা পৰিত্ৰাণ পাব । " 
" তুমি যে কোৱা আৰু  য়াৰ । পিছে এয়া মাৰ দান  ।" -- এই বুলি কৈ সি অলপ আগলৈ গৈ মোৰ সম্মুখত থিয় হ'ল । কবিতাৰ আবৃত্তিৰে কৈ গ'ল ----
  মেদিনীৰ প্ৰান্তে প্ৰান্তে 
তোমাৰ বাণী বা স'তে ব'ব 
তোমাৰ বাণী শত শত জনৰ সফলতাৰ আমোঘ অস্ত্ৰ হ'ব।
তমসা দেখি দীপ্তি আনিব ।
এয়ানো মোৰ কি  ? 
তোমাৰ বাচ্যতকৈও সামান্য ।"
" শুনি মোৰ  হাঁহি  উদয় হ'ল । খলখলাই হাঁহি  আনন্দৰ উল্লাসত তাৰ কঁকালত ধৰি লৈ দাঙি এপাক ঘূৰাই দিলোঁ ।
          আনন্দৰ  সোঁত থমকি ৰ'ল । বাচ আস্থানত আহি বাছখন ৰ'ল । পোন্ধৰ মিনিটৰ ভিতৰত  বাছখন গমন কৰিব। কনডাক্তৰে চিঞঁৰি আছে । শুকাই থকা গছ এজোপাই  কেতিয়া ঠন ধৰি পাতে -পুষ্পই ভৰি পৰিল গমেই নাপালোঁ । বেলিফুলে পাহি মেলি আকৌ জাপ দিলে। সুগন্ধিৰ  গোন্ধও হ্ৰাস হ'ল  ।মোৰ হৃদয়তো  জলৰ এটি নিজৰা সৃষ্টি হ'ল । কিন্তু নিজৰাৰ জলে হৃদয়খনক প্লাৱিত কৰিছিল যদিও বহি:প্ৰকাশ হ'বলৈ মই নিদিলোঁ  । 
বিদায় পৰত ভগা স্বৰে ক'লে ---" আজি যাওঁ  হা , দুখ নকৰিবা । আকৌ লগ পাম  । তেতিয়া কেতিয়াও এৰি নিদিওঁ আৰু দুখো নিদিওঁ । এয়া তোমাক কথা দিলোঁ । চোৱা সৌ বগলী জাকলৈ সিহঁতেও ঘৰলৈ ঘূৰি গৈছে । আমাৰো ঘূৰমোৱা হ'বলৈ সময় হ'ল ।  সেয়ে , ব'লা  যাওঁ । মনত দুখ লাগিছে তোমাৰ নহয়নে ? মোৰো বেয়া লাগিছে  । কিন্তু কি কৰিম যাবইটো লাগিব ঘৰলৈ । নাকান্দিবা , তুমি কান্দিলে ময়ো কান্দিম । হে প্ৰভু --- পাহৰিয়ে গ'লোঁ নহয়  , মায়ে দি পঠিয়াই দিয়া টিফিনটো খাবলৈ । আহা খাওঁ একেলগে ।" 
    টিফিনটো খুলি  মোক এটুকুৰা ৰুটি খুওৱাই দিয়ে । ময়ো এটুকুৰা ফালি তাক খুওৱাই দিলোঁ । দুয়ো ৰুটিবোৰ খাই শেষ কৰিলোঁ । ইয়াৰ পাছত দুয়ো বাচ আস্থানলৈ আগবাঢ়ি গ'লোঁ । ইজনে-সিজনক সাৱটি অলপ সময় ৰ'লোঁ । সিও মোক এৰি দিব খোজা নাছিল , ময়ো এৰি দিয়া নাছিলো । কিন্তু  সময়ৰ টিকনিয়ে আমাক পৃথক কৰিলে । শেষত দুয়োৰ এটাই মাত আকৌ সোনাকালে লগ পাম । কেতিয়াও পাহৰি নাযাওঁ । দুয়ো দুখন বাছত গৈ বহিলোঁ । 
       বাছখনত বহি থাকোঁতেই টোপনিৰ সাৰ পাই  বাস্তৱ জগতত চাক্ষৰ পৰিল । স্বপ্নৰ বন্ধুক বাস্তৱত  পোৱাৰ আশা পুহি ৰাখিলোঁ । বন্ধুক পোৱাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰক উপবাসৰ বাৰ হিচাপে মানি চলিলোঁ । লগৰ সকলোকে ক'লোঁ সপোনৰ বন্ধুজনক নিশ্চয় লগ পাম আৰু তাৰ লগতে বন্ধু পাতিম ।লগৰবোৰেও ক'লে লগ পাবি । তই তাক কৰোবাত দেখিছ ।সেইবাবে সপোনতো দেখিছ । সি এই পৃথিৱীৰ মানুহ । যোগেশ্বৰহঁতে সদায় মোক জোকাই থাকে সপোনৰ বন্ধুক নাপাবি  আমাক পৰীক্ষাত নেদেখুৱালে  । কেতিয়াবা তোৰ সপোনৰ বন্ধুৰ নামত এটো কৰিবই লাগিব বুলি কৈ কিছু কামো কৰোৱাই লয়। সিহঁতৰ ধেমালিয়ে ; কিন্তু মোৰ মনে আৰু এগুণ উৎসাহে পায় । সপোনৰ বন্ধুজনক লগ পোৱাৰ আশাৰে হাপজান চাৰি আলি হাই স্কুলত নামভৰ্তি কৰিলোঁ ।

✍️মিণ্টু দোলাকাষৰীয়া

  
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)